

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ১৩ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে । ইয়াৰ উপৰিয়ো অকল ভাৰততে এতিয়ালৈকে তিনিশজনতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু কেইবাজনৰো মৃত্যু হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰে ক’ৰণা ভাইৰাছৰ পৰা বাছি থাকিবলৈ বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে । কিছুমান দেশত সমগ্ৰ চিষ্টেমটোকে বন্ধ কৰি দিয়া হৈছে যাতে মানুহ ঘৰৰ ওলাই নাহে আৰু এই ভাইৰাছটোৰ সংক্ৰমণ ৰোধ কৰিব পাৰি । ভাৰততো ৰেল সেৱা, বিমান সেৱা আদি বাতিল কৰি দিয়া হৈছে ।
এই সময়তে ‘ৰাছিয়াত ৰাজপথত সিংহ মেলি দিয়া হৈছে যাতে মানুহ ঘৰত সোমাই থাকে’ বুলি কেইবাটাও ফেচবুক পোষ্ট অসমত ভাইৰেল হৈ পৰিছে । দেৱজ্যোতি বৰুৱা নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা আপলোড কৰা এনে এক ফেচবুক পোষ্ট ৪৫ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে । ২২ মাৰ্চ, ২০২০ তাৰিখে আপলোড কৰা উক্ত পোষ্টটোত তেওঁ এখন ফটো শ্বেয়াৰ কৰিছে য’ত আমি এটা সিংহক ৰাজপথত খোজকাঢ়ি থকা দেখিছোঁ । তেওঁ দাবী কৰিছে যে ৰাছিয়াত নাগৰিক যাতে ঘৰত সোমাই থাকে আৰু ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধিব পাৰি তাকে নিশ্চিত কৰিবলৈ ৰাজপথত সিংহ মেলি দিয়া হৈছে । এনে ধৰণৰ আৰু পোষ্ট চাওঁক :

সঁচাকৈ ৰাছিয়াত ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ ৰাজপথত সিংহ মেলি দিয়া হৈছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি সিংহৰ ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে ফটোখন আচলতে ২০১৬ চনৰ হয় আৰু ডেইলি মেইল নামৰ নিউজ ৱেবচাইটত প্ৰকাশ পাইছিল । এই বিষয়ে পঢ়ক ইয়াত ।

বাতৰিটোৰ মতে দক্ষিণ আফ্ৰিকাৰ এক মহানগৰৰ ৰাজপথত এটা ডাঙৰ মতা সিংহক খোজ কাঢ়ি থকা এইদৰেই দেখা গ’ল । উক্ত বাতৰিটো এপ্ৰিল ১৫, ২০১৬ তাৰিখে প্ৰকাশ কৰা হৈছিল ।
আমি এই বিষয়ে গুগল চাৰ্ছ কৰিলোঁ আৰু কোনো মূলসুঁতিৰ আন্তঃৰাষ্ট্ৰীয় নিউজ ৱেবচাইটত এই বিষয়ে বাতৰি দেখা নাপালোঁ । ইয়াৰ ফলত আমি নিশ্চিত হলোঁ যে এইয়া আচলতে এক উৰা বাতৰি আৰু এনে কোনো ঘটনা আচলতে হোৱা নাই ।
ফলাফল
ৰাছিয়াত ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ ৰাজপথত সিংহ মেলি দিয়া নাই । ভাইৰেল ফটোখন আচলতে ২০১৬ চনৰে হয় আৰু ক’ৰণা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই ।

Title:এইখন ৰাছিয়াত ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ ৰাজপথত সিংহ মেলি দিয়া ফটো নেকি?
Fact Check By: Manjori BorkotokyResult: False