
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় দুই লাখ ১৭ হাজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৩১.২ লাখ মানুহ আক্রান্ত হৈছে ।
বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৩১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ১০০৭ জনৰ মৃত্যু হৈছে । অসমতো ৩৮জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে এজনৰ মৃত্যু হৈছে ।
এই ভয়ানক ৰোগৰ সংক্ৰমণ ৰোধিবলৈ ভাৰতত ২১ দিনৰ লক ডাউন ঘোষণা কৰা হৈছিল যি যোৱা ১৪ এপ্ৰিল, ২০২০ তাৰিখে সমাপ্ত হ’লহেঁতেন কিন্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেইয়া ৩ মে’, ২০২০ পৰ্য্যন্ত বঢ়াই দিছে । এনে সময়তে ক’ৰনা ভাইৰাছ আৰু ইয়াৰ চিকিৎসা বা ভেকচিন সম্বন্ধীয় বিভিন্ন বাতৰি ফেচবুক পোষ্ট আৰু হোৱাটচ এপ্প মেছেজৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে ।
এনে এক বাতৰি ফেচবুকৰ জৰিয়তে সমগ্র দেশৰ লগতে অসমতো ভাইৰেল হৈ পৰিছে । দৈনিক গণ বাৰ্তা অসম নামৰ ফেচবুক পে’জটোৰ পৰা ২৮ এপ্ৰিল, ২০২০ তাৰিখে এক ভিডিঅ’, “ভাৰতে তৈয়াৰ কৰিছে Corona Covid-19ৰ #Vaccine #সফলপৰীক্ষণহৈছে” বুলি শিৰোনামা দি
আপলোড কৰা হৈছিল । উক্ত ভিডিঅ’টো এতিয়ালৈকে ২৫ হাজাৰ বাৰতকৈ অধিক দৰ্শন কৰা হৈছে আৰু ৭৫০ বাৰ শ্বেয়াৰ কৰা হৈছে । হিন্দী ভাষাত থকা নিউজ ভিডিঅ’টোত দাবী কৰা হৈছে যে ভাৰতে ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিন বনাইছে আৰু ইয়াৰ সফল পৰীক্ষণ পিজিআই চণ্ডীগড়ত ইতিমধ্যে সম্পন্ন হৈছে ।
যি সময়ত সমগ্ৰ বিশ্বৰ আগশাৰীৰ দেশ আৰু প্ৰতিস্থানবোৰে ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিন বিচাৰি হাবাথুৰি খাইছে সেই সময়তে এনে এক বাতৰিয়ে স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
সঁচাকৈ ভাৰতে ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিন বনাইছে আৰু ইয়াৰ সফল পৰীক্ষণ পিজিআই চণ্ডীগড়ত ইতিমধ্যে সম্পন্ন হৈছে নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমে আমি বিষয়টোৰ লগত সম্বন্ধ থকা কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু চণ্ডীগড়ৰ পৰা প্ৰকাশিত দা ট্ৰিবিউন নামৰ বাতৰি কাকতখনৰ ৱেবচাইটত এই সম্পৰ্কে এক ৰিপৰ্ট দেখিলোঁ । এপ্ৰিল ২০, ২০২০ তাৰিখে প্ৰকাশিত বাতৰিটোত লিখা আছে যে পিজিআই চণ্ডীগড়ৰ ডাক্তৰ সকলে স্পষ্ট কৰিছে যে উক্ত ঔষধ বিধ ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিন নহয় বৰঞ্চ স্বয়ংক্ৰিয় ৰোগ প্ৰতিৰোধ ক্ষমতা সম্বন্ধীয় এক অতিৰিক্ত ঔষধ হিচাবেহে ব্যৱহাৰ কৰা হব । তেওঁলোকে লগতে মন্তব্য কৰিছে যে এই ঔষদবিধৰ উপয়োগৰ ফলাফল বা ব্যৱহাৰৰ সম্পৰ্কে কোনো মতামত আগবঢ়াবলৈ এতিয়াও সোনকাল হৈ আছে । এই বাতৰিটো বিতংকৈ ইয়াত পঢ়ক ।

আমি এই সম্পৰ্কে আন এক বাতৰি ইণ্ডিয়া টুডেই’ৰ ৱেবচাইটত দেখা পালোঁ য’ত লিখা আছে যে উক্ত ঔষধ বিধ আচলতে সাধাৰণতে লেপ্ৰচি বেমাৰৰ ভেকচিন হিচাবে ব্যৱহাৰ কৰা হয় । বাতৰিটোত আৰু লিখা আছে যে ক’ৰনা ভাইৰাছৰ ক্ষেত্ৰত এই ভেকচিন বিধক এক অতিৰিক্ত ঔষধ হিচাবে ব্যৱহাৰ কৰিবৰ বাবে এক ক্লিনিকেল ট্ৰায়েল পদ্ধতি আৰম্ভ কৰিব লোৱা হৈছে । বাতৰিটোত বিতংকৈ ইয়াত পঢ়ক ।

ইয়াৰ উপৰিয়ো আমি ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিন সম্পৰ্কে বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবচাইটত কিছু যাৱতীয় তথ্য পালোঁ । বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশৰ প্ৰতিস্থানবোৰ ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিনৰ উদ্ভাৱনৰ দৌৰত কোন কিমান বা কেনেকুৱা ষ্টেজত আছে সেই বিষয়ে আমি বিশ্ব স্বাস্থ্য সংস্থাৰ এই ৰিপৰ্টটো পঢ়ি জানিব পাৰিলোঁ । আমি দেখিলোঁ যে এই ৰোধৰ ভেকচিন এতিয়াও অফিচিয়েল ভাবে উদ্ভাৱন হোৱা নাই যদিয়ো বিভিন্ন ভেকচিন ট্ৰায়েলৰ বিভিন্ন ষ্টেজত বৰ্তমান আছে । ৰিপৰ্টটো চাওক ইয়াত ।

ফলাফল
ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিন এতিয়াও ওলোৱা নাই যদিয়ো বিভিন্ন ভেকচিন ট্ৰায়েলৰ বিভিন্ন ষ্টেজত বৰ্তমান আছে । ভাৰতৰ চণ্ডীগড়ত ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিনৰ সফল পৰীক্ষণ হোৱা নাই । এইয়া আচলতে লেপ্ৰচি বেমাৰৰ ভেকচিন আৰু ক’ৰনা ভাইৰাছৰ ক্ষেত্ৰত এই ভেকচিন বিধক এক অতিৰিক্ত ঔষধ হিচাবে ব্যৱহাৰ কৰিবৰ বাবে এক ক্লিনিকেল ট্ৰায়েল পদ্ধতি আৰম্ভ কৰিব লোৱা হৈছে ।

Title:ভাৰতে ক’ৰনা ভাইৰাছ ৰোগৰ ভেকচিন তৈয়াৰ কৰিছে আৰু ইয়াৰ সফল পৰীক্ষণ ইতিমধ্যে সম্পন্ন হৈছে নেকি?
Fact Check By: Manjori BorkotokyResult: False