
শীতল পানীয় পেপছিত থকা চ’ডাত কেঞ্চাৰৰ কাৰণ হব পৰা কিছুমান পদাৰ্থ আছে বুলি পেপছিয়ে মানি লৈছে- ছচিয়েল মিডিয়াৰ জৰিয়তে এই বাতৰি সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে । অসমতো ফেচবুক আৰু হোৱাটচ এপ্পৰ জৰিয়তে এই বিশেষ বাতৰিটো ভাইৰেল হৈ পৰিছে ।
হানচাং কোঁৱৰ নামৰ এটা ফেচবুক প্ৰফাইলে উক্ত বাতৰিটো ফেচবুকত শ্বেয়াৰ কৰিছে । ইয়াৰ উপৰিয়ো হোৱাটচ এপ্পৰ জৰিয়তে অসমত এই বিশেষ বাতৰিটো প্ৰচাৰ লাভ কৰিছে ।
সঁচাকৈ পেপছিয়ে মানি লৈছে নেকি যে পেপছিত থকা চ’ডাত কেঞ্চাৰৰ কাৰণ হব পৰা কিছুমান পদাৰ্থ আছে? সত্য কি ? জানোঁ আহক ।
প্ৰণালী
আমি বাতৰিটোৰ লগত সম্পৰ্ক থকা কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ আৰু পালোঁ যে উক্ত বাতৰিটো ভুৱা বুলি ইতিমধ্যেই লিখনি প্ৰকাশ পাইছে । এই বিষয়ে পঢ়ক ইয়াত ।

আচলতে শীতল পানীয়ৰ কোম্পানীটোৱে এটা স্বাস্থ্য সন্থাৰ লগত এটা আইনী বিবাদ ছেপ্টেম্বৰ ২০১৫ চনতে মীমাংসা কৰিছিল আৰু পেপছিৰ প্ৰস্তুতিকৰণৰ সময়ত এক বিশেষ সন্দেহজনক পদাৰ্থৰ ব্যৱহাৰ কমাব বুলি মানি লৈছিল কিন্তু পেপছিয়ে কেতিয়াও সেই পদাৰ্থ কেঞ্চাৰৰ কাৰণ হব পাৰে বুলি মানি লোৱা নাছিল ।
এই বিশেষ বাতৰিটো আচলতে বহুত আগতেই ২০১৬ চনতেই বিভিন্ন ধৰণে প্ৰকাশ পাইছিল আৰু উক্ত ভাইৰেল হোৱা লিখনিটো তাৰে ভিতৰত অন্যতম ।
ইয়াৰ উপৰিয়ো আমি গুগল চাৰ্চ কৰি ক’তো এনে বাতৰি দেখা নাপালোঁ যে পেপছিয়ে মানি লৈছে যে পেপছিত থকা চ’ডাত কেঞ্চাৰৰ কাৰণ হব পৰা কিছুমান পদাৰ্থ আছে । আমি অৱশ্যে এনেকুৱা বাতৰি দেখা পালোঁ য’ত লিখা আছে যে পেপছিত কেঞ্চাৰৰ কাৰণ হব পৰা কিছুমান পদাৰ্থ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে কিন্তু পেপছিয়ে এই কথা মানি লৈছে বুলি ক’তো উল্লেখ নাই ।
ফলাফল
ভাইৰেল হোৱা বাতৰিটো মিছা । পেপছিয়ে মানি লৈছে যে পেপছিত থকা চ’ডাত কেঞ্চাৰৰ কাৰণ হব পৰা কিছুমান পদাৰ্থ আছে বুলি মিছা বাতৰি শ্বেয়াৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Title:পেপছিত থকা চ’ডাত কেঞ্চাৰৰ কাৰণ হব পৰা কিছুমান পদাৰ্থ আছে বুলি পেপছিয়ে মানি লৈছে নেকি?
Fact Check By: Manjori BorkotokyResult: False