অসমৰ কৰিমগঞ্জ জিলাত সঁচাকৈ ভূত ওলাইছে নেকি?

False Social

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট

২ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে অনিৰুদ্ধ কুমাৰ সিংহা নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা আপলোড হোৱা ভিডিঅ’ এটাই ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ফেচবুক পোষ্টটোত তেওঁ দাবী কৰিছে যে ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী ভূত হয় আৰু এই ঘটনাটো অসমৰ কৰিমগঞ্জ জিলাৰ হয় । 

আচলতে ঘটনাটো কি জানিবলৈ আমি অলপ অনুসন্ধান কৰিলোঁ । সত্যতা কি, জানো আহক । 

প্ৰণালী

পোনপ্ৰথমেই আমি অসমৰ কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱ ৰাজৰ লগত কথা পাতিলোঁ।  তেখেতে নিশ্চিত কৰিলে যে উপৰোক্ত ভিডিঅ’টো কৰিমগঞ্জ জিলাৰ ঘটনা নহয়।  

ইয়াৰ পাছত আমি ইউটিউবত ঘটনাটোৰ লগত জড়িত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্চ কৰিলোঁ আৰু বিভিন্ন নিউজ চেনেলে এই ঘটনাটোৰ বিষয়ে কৰা নিউজবোৰ দেখিবলৈ পালোঁ । নিউজ ৰিপৰ্টবোৰৰ মতে এই ঘটনাটো ৰতলাম নামৰ ঠাই এখনৰ আলৌত নামৰ গাঁও এখনত ঘটিছিল । 

এই গাঁওখনৰ এটা দৰগাহৰ কাষত থকা এজোপা গছত এই মহিলা গৰাকী যোৱা চাৰি-পাঁচ মাহ মানৰ পৰা প্ৰায়ে আহি আছে । এই মহিলা গৰাকীয়ে সকলোকে আচৰিত কৰি অনায়াসে এই গছজোপাত উঠি যায় আৰু দুই-তিনি ঘণ্টা ধৰি ওপৰত থিয় হৈ থাকে বা নাচে । মহিলা গৰাকীক যেতিয়া পাছত এই বিষয়ে সোধা হয় তেতিয়া তেওঁ এই গছজোৱাত কেনেকৈ উঠে, তেতিয়া তেওঁ এই বিষয়ে অজ্ঞতা প্ৰকাশ কৰে । এই ঘটনাটোৰ ওপৰত ভিত্তি কৰি এবিপি নিউজ দ্বাৰা প্ৰকাশিত এটা নিউজ ৰিপৰ্টও আমাৰ দৃষ্টিগোচৰ হ’ল য’ত এলাহাবাদ ইউনিভাৰ্চিটিৰ প্ৰফেছৰ কে এম উত্তম আৰু ডক্টৰ সন্দ্বীপ ব’হৰায়ে এই ঘটনাটোৰ বাস্তৱিকতা সম্পৰ্কে বৰ ধুনীয়াকৈ বাখ্যা কৰিছে । সম্পূৰ্ণ বাতৰিটো ক্লিক কৰি পঢ়ক ।

Tree Woman 2.png

ফলাফল

এয়া স্পষ্ট হৈ পৰিছে যে উপৰোক্ত ঘটনাটো অসমৰ নহয় বৰঞ্চ মধ্য প্ৰদেশৰ ৰতলাম জিলাৰ এখন গাওঁৰ হয় আৰু ইয়াত কোনো ভূত-প্ৰেত জাতীয় অলৌকিকতা নাই । কোনোবা দুষ্টবুদ্ধিৰ মানুহে এইটো ভূতৰ ভিডিঅ’ বুলি প্ৰচাৰ চলাইছিল । 

Avatar

Title:অসমৰ কৰিমগঞ্জ জিলাত সঁচাকৈ ভূত ওলাইছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *