কিছুদিন পূৰ্বে আৰজেডি দলৰ সভাপতি লালু প্ৰসাদ যাদৱে পাটনাত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে এক সভাত ভাষণ দিছিল। ভাষণত তেওঁ কয় যে মোদীৰ কোনো পৰিয়াল নাই আৰু প্ৰকৃত হিন্দুও নহয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ ১৪০ কোটি লোক তেওঁৰ পৰিয়াল।

ইয়াৰ পিছতে অসমৰ হোৱাটচ‌এপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেন মোদীৰ এক্স হেণ্ডল বুলি এটা স্ক্ৰীনশ্বট শ্বেয়াৰ কৰা হৈছে। স্ক্ৰীনশ্বটত থকা এক্স হেণ্ডলৰ বিৱৰণত লিখা আছিল এইদৰে,

"Jasodaben

@Jasodabenhere

Wife of a Useless Man"

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে বিচাৰি চাবলৈ চেষ্টা কৰিলোঁ যে এই ভাইৰেল এক্স হেণ্ডলটো সঁচাকৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেন মোদীৰ হয়নে নহয়।

ভাইৰেল ফটোখনত এক্স হেণ্ডলটোৰ ইউজাৰ নেম আছিল @Jasodabenhere বুলি। এই নাম ব্যৱহাৰ কৰি আমি এক্সত বিচাৰিলোঁ। আমি তেতিয়া এটা একাউণ্ট পালোঁ যিটো আছিল এটা পেৰ'ডী একাউণ্ট। এই একাউণ্টটোত মাত্ৰ সাতটা টা টুইট আছিল আৰু একাউণ্টটো খোলা হৈছিল ২০২৩ চনৰ ডিচেম্বৰত।

এই সম্পৰ্কে আৰু সঠিককৈ জানিবলৈ আমি যশোদাবেন মোদীৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ আমাক জনায় যে তেওঁৰ কোনো এক্স(টুইটাৰ) একাউণ্ট নাই। চ'চিয়েল মিডিয়াত তেওঁৰ নামত প্ৰচাৰ হোৱা ভুৱা খবৰবোৰৰ পৰা হাত সাৰি থাকিবলৈ তেওঁ কয়।

উল্লেখযোগ্য যে যশোদাবেন মোদীৰ নামত পূৰ্বেও এনেধৰণৰ ভুৱা বাতৰি প্ৰচাৰ হৈছিল। আমাৰ এক ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। যশোদাবেন মোদীৰ নামত ভাইৰেল হোৱা এক্স হেণ্ডলটো ভুৱা। যশোদাবেনে স্বয়ং কৈছে যে তেওঁৰ কোনো এক্স (টুইটাৰ) একাউণ্ট নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:যশোদাবেন মোদীৰ এই টুইটাৰ একাউণ্টটো ভুৱা।

Written By: Debanjana Baishya

Result: False