অতি শেহতীয়াকৈ অসমত ৰাছেলছ্ ভাইপাৰ নামৰ সাপৰ প্ৰজাতিটো সন্দৰ্ভত বিভিন্ন ভ্ৰান্ত ধাৰণা বিয়পি পৰিছে। বিশেষকৈ সামাজিক মাধ্যম যেনে ফেচবুক,হোৱাটছএপত বিভিন্ন পোষ্ট তথা মেছেজ বিয়পিছে। খেনোৰ মতে ই অতিকৈ ভয়ংকৰ আৰু বিষধৰ সৰ্প আৰু খেনোৰ মতে ই অইন সাপৰ দৰেই। খেনোৰ মতে ই অসমৰ স্থানীয় সৰ্প নহয়, খোনোৰ মতে ইয়াৰ অৱস্থিতি অতীজৰে পৰাই আছে অসমত। আন কোনো কোনোৱে কয় যে ৰাছেলছ্ ভাইপাৰে দংশন কৰিলে ৰক্ষাৰ কোনো পথ নাই। ৪মিনিটৰ ভিতৰতেই প্ৰানহানি হয়। কিন্তু এনেকুৱা উদাহৰণো এইখন অসমতেই আছে যে ৰাছেলছ্ ভাইপাৰে দংশন কৰা ব্যক্তিয়ে উচিত চিকিৎসাৰ জৰিয়তে জীৱনদানো লাভ কৰিছে। গতিকে আমাৰ এই লেখাৰ জৰিয়তে ৰাছেলছ্ ভাইপাৰ সম্পৰ্কে প্ৰকৃত সত্য, অসমত ইয়াৰ অৱস্থিতি, ইয়াৰ ভয়াৱহতা আৰু পৰিত্ৰাণ সম্পৰ্কত সবিস্তাৰ আলোচনা সন্নিবিষ্ট কৰাৰ প্ৰয়াস কৰিছোঁ।

প্ৰথমতে জানিব লাগিব ৰাছেলছ্ ভাইপাৰ নো কিঃ

ৰাছেলছ্ ভাইপাৰ হৈছে ভাৰতীয় উপমহাদেশত উপলব্ধ এবিধ সাপ৷ দক্ষিণ-পূৱ এছিয়াৰ ভাৰত,শ্ৰীলংকা,পাকিস্তান,নেপাল আদি দেশত ইয়াক পোৱা যায়। আমাৰ অসমৰো কোনো কোনো প্ৰান্তত ইয়াৰ অৱস্থিতি লক্ষ্য কৰা হৈছে। বিশেষকৈ নামনি অসমৰ বঙাইগাঁও আদি জিলাত ইয়াক একাধিকবাৰ ধৰা পেলোৱা হৈছে যদিও শেহতীয়াভাৱে মধ্য অসমৰ শোনিতপুৰ জিলাতো ইয়াৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে।

ৰাছেলছ্ ভাইপাৰ সাপৰ শৰীৰটো শকত। ,বাদামী ৰঙৰ সৈতে সোণালী ৰঙৰ শৰীৰটোত ২৫/৩০ টা মান ক'লা বৰণৰ দাগ থাকে। এই দাগ অৰ্ধচন্দ্ৰাকৃতিৰ৷ এইবিধ সাপৰ চকুকেইটা ডাঙৰ ডাঙৰ, মূৰটো চেপেটা আৰু তিনিকোণীয়া৷ দেহাটো শকত কিন্তু নেজডাল চুটি৷ ইহঁতৰ দৈঘ্য ডেৰ মিটাৰৰ পৰা দুই মিটাৰলৈ হয়৷ সেয়েহে এই সাপৰ বৰণ আৰু চিহ্ন বা আকৃতি দেখিলেই সাপটো চিনিবলৈ সহজ হয়৷ কিন্তু আমাৰ অসমত সাপ সম্পৰ্কত সজাগতাৰ যঠেষ্ট অভাৱ। বহু লোকেই সাপ চিনি নাপায়। সেইটো কাৰণতে ৰাছেলছ্ ভাইপাৰ সাপটো দেখাত অজগৰ সাপৰ পোৱালিৰ দৰে বুলি প্ৰচাৰ হৈ থাকে আৰু মানুহে ভুল কৰে। কিন্তু ৰাছেলছ্ ভাইপাৰ আৰু অজগৰৰ মাজত বহুত পাৰ্থক্য আছে। সৰ্প বিষয়ক বিভিন্ন গৱেষকৰ মতে ৰাছেলছ্ ভাইপাৰৰ গৰ্ভধাৰণ কাল হৈছে ৬ মাহ৷ ই একলগে ৩টাৰ পৰা ৬৩টালৈকে পোৱালি জন্ম দিয়ে৷ পোৱালিবোৰ দুবছৰৰ ভিতৰত পৰিপক্ব হৈ উঠে৷ ই সাধাৰণতে নিশাচৰ বা ৰাতি চলাচল কৰিবলৈ পছন্দ কৰা এবিধ সাপ৷

ইয়াৰ নাম ৰাছেলছ্ ভাইপাৰ কিয় হ’লঃ

এইবিধ সাপৰ নামটো ৰাছেলছ্ ভাইপাৰ হোৱাৰ কাৰণটো হৈছে স্কটিছ হাৰপেটোলজিষ্ট পেট্রিক ৰাছেল। তেওঁৰ জন্ম হৈছিল ১৭২৬চনত। তেওঁ দীর্ঘকাল ধৰি ভাৰতত সৰীসৃপ আৰু উভচৰ প্ৰাণীক লৈ গৱেষণা চলাইছিল৷ পেট্রিক ৰাছেলে ১৭৯৬চনত ‘An account of Indian serpents, collected on the coast of Coromandel : containing descriptions and drawings of each species, together with experiments and remarks on their several poisons’ নামৰ এখন গবেষণা গ্রন্থ প্রকাশ কৰি উলিয়াইছিল। এইখন গ্রন্থখনত তেওঁ কৰোমণ্ডল উপকূলত উপলব্ধ এবিধ সৰ্পৰ বৰ্ণনা কৰিছিল। সেইবিধ সৰ্পৰ বিষ কুকুৰা আৰু কুকুৰৰ ওপৰত প্ৰয়োগ কৰি,এই সাপক মাৰাত্মক বিষধৰ সাপ হিচাপে চিনাক্ত কৰিছিল। তেওঁ গ্রন্থখনত উল্লেখ কৰিছিল যে,সেই অঞ্চলৰ স্থানীয় মানুহৰ মাজত এই সাপটো ‘কাতুকা ৰেতুল পোদা’ নামেৰে পৰিচিত। ১৭৯৭ খৃষ্টাব্দত উদ্ভিদ-জীববিজ্ঞানী জর্জ শ্ব আৰু ফ্রেডৰিক পোলিডোৰ নোডাৰে ৰাছেলে বৰ্ণনা কৰা ‘কাতুকা ৰেতুল পোদা ‘ নামৰ সাপটোৰ বিস্তাৰিত বিৱৰণ লিপিবদ্ধ কৰি উলিয়ায়। তেওঁলোকে সাপটোৰ নাম দিয়ে ৰাছেলছ্ ভাইপাৰ(Russell's viper) অৰ্থাত ৰাছেলৰ ভাইপাৰ। তেতিয়াৰ পৰা এই সাপটো ৰাছেলছ্ ভাইপাৰ নামেৰে জনাজাত হ'ল৷

সাধাৰণতে কেনেকুৱা স্থানত থাকে ৰাছেলছ্ ভাইপাৰঃ

ৰাছেলছ্ ভাইপাৰ এবিধ এনেকুৱা সাপ যি সাধাৰণতে ঘন বন-জংঘলত বাস নকৰে৷ মুকলি স্থানত বাস কৰিবলৈ পচন্দ কৰা এবিধ সাপ ই৷ দিনৰ ভাগত যিকোনো এটা ঠাইতে কুণ্ডলী পকাই শুই থাকে আৰু সন্ধিয়াৰ পাছত ই খাদ্যৰ সন্ধানত বাহিৰলৈ ওলায়৷ এন্দুৰ আদি বিচাৰি কেতিয়াবা মানুহৰ ঘৰৰ ওচৰো পায়হি৷ ইহঁতৰ প্ৰধান খাদ্য হৈছে ভেকুলী,জেঠী, তেজপিয়া,এন্দুৰ, বিভিন্ন সৰু চৰাই,পতংগ ইত্যাদি৷ ইহঁতে গছতো বগাব পাৰে আৰু সাঁতুৰিবও পাৰে৷ শইচথলী,নদীৰ অৱবাহিকা অঞ্চল আদিত এই সাপ পোৱা যায়৷ পানী মেটেকাৰ মাজতো ইয়াক পোৱা যায়৷ ইহঁতৰ বিষদাঁত অন্য সাপৰ তুলনাত দীঘল হোৱাৰ বাবে এই সাপে কামুৰিলে গভীৰলৈ সোমাই যায় আৰু পটকৈ এৰুৱাব নোৱাৰাৰ বাবে বিষ ঢলাৰ পৰিমাণ বাঢ়ি যায়৷ ইহঁতৰ বিষগ্ৰন্থিত গড়ে ১০৮ মিলিগ্ৰাম বিহ থাকে৷ উল্লেখ কৰিব পাৰি যে এই সাপৰ ইংৰাজী নামটো শুনিয়েই বহুতে ভয় খায়৷ বিভিন্ন উৰাবাতৰিও ওলাইছে যে ৰাছেলছ্ ভাইপাৰে মানুহলৈ খেদি আহি আক্ৰমণ কৰে। কিন্তু এয়া অসত্য৷ এই সাপটো অন্য সাপতকৈ যথেষ্ট লেহেমীয়া৷ এঠাইতে লুকাই থাকি ভাল পায়৷ কাষলৈ চিকাৰ গ'লেহে অতর্কিতে চিকাৰ কৰে৷ মানুহ বা তেনেকুৱা ডাঙৰ কোনো প্রাণী কাষলৈ আহিলে ভয়তে ৰোমান বৰ্ণ S আকৃতিৰ দৰে কুণ্ডলী পকাই জোৰে জোৰে হিছহিছাই শব্দ কৰে। সাধাৰণতে ই বিৰক্ত হ’লেহে আক্ৰমণ পাৰে৷

ৰাছেলছ্ ভাইপাৰৰ বিহ কেনেকুৱাঃ

সাপৰ বিহ সাধাৰণতে এনজাইম আৰু বিহমিশ্ৰিত একপ্ৰকাৰৰ লেলাউটি৷ সৰ্পদংশনৰ জটিলতাটো আচলতে নিৰ্ভৰ কৰে সৰ্পৰ প্ৰজাতি, দংশনৰ স্থান,সাপে ঢলা বিহৰ পৰিমাণ,আক্ৰান্তজনৰ বয়স,ওজন আৰু মানসিক অৱস্থা আদিৰ ওপৰত৷ সাপৰ প্ৰকাৰ অনুযায়ী Elapidae পৰিয়ালৰ ক্ৰেইট আৰু ফেঁটীৰ বিহে স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে বাবে এই বিহক Neurotoxin বুলি কোৱা হয়৷ আনহাতে Viperidae পৰিয়ালৰ ৰাছেলছ্ ভাইপাৰ,Saw-scaled viper,Pit Viperআদিৰ বিহে জীৱৰ শৰীৰত তেজ গোট মৰা প্ৰক্ৰিয়াক ধ্বংস কৰে বাবে এই বিহ(venom)ক Hemotoxin বুলি কোৱা হয়৷ ৰাছেলছ্ ভাইপাৰৰ বিহত Hemotoxin ৰ সৈতে কিছু পৰিমাণৰ Neurotoxinও মিহলি হৈ থাকে৷ জীৱৰ ৰক্তনলী আৰু তেজ গোটমৰা প্ৰক্ৰিয়াৰ ক্ষতি ভাইপাৰ জাতীয় সাপে খোঁটাৰ বাবে হয়৷ খোঁটা ঠাইত আৰু বেজী দিয়া ঠাইত ৰক্তক্ষৰণ হোৱা,নাকৰ পৰা ৰক্তক্ষৰণ,ছালৰ তলত তেজ গোট মৰা,চকু ৰঙা পৰা,তেজ বমি,শৌচদ্বাৰেদি ৰক্তক্ষৰণ,পেটত হেঁচিলে দুখ পোৱা, মগজুৰ ৰক্তক্ষৰণৰ বাবে চকুৰ দুই মণি সমান নোহোৱা অৱস্থা আদি৷ আক্ৰান্ত ব্যক্তিৰ সিৰাৰ পৰা লোৱা তেজ শুকান টেষ্টটিউবত ২০ মিনিট মান ৰখাৰ পিছত যদি তেজখিনি গোট নামাৰি তৰলহৈ গৈ থাকিলে জানিব আক্ৰান্ত ব্যক্তিজনৰ শৰীৰত হিমটক্সিন বিহে ক্ৰিয়া কৰিছে৷

এই ক্ষেত্ৰত চিকিৎসাঃ

সৰ্প দংশনৰ ক্ষেত্ৰত প্ৰকৃততে চিন্তাৰ কোনো কাৰণ নাই৷ তদুপৰি ৰাছেলছ্ ভাইপাৰৰ বিহত আক্ৰান্তজনক ৫-১০ vials Anti-snake Venom দি ৬ ঘণ্টাৰ পাছত ওপৰত উল্লেখ কৰা পৰীক্ষাটো পুনৰ কৰি তেজ গোট মৰা-নমৰা চাব,গোট নামাৰিলে পুনৰ anti-venom দিয়া হয়৷ এইবোৰৰ লগতে আক্ৰান্তজনৰ বৃক্কৰ অৱস্থা আদিও লক্ষ্য ৰাখিব লাগে৷ কেতিয়াবা আকৌ anti-venom প্ৰয়োগৰ পাছত কিছুমান পাৰ্শ্বক্ৰিয়াই দেখা দিলে অৱস্থা অনুযায়ী ব্যৱস্থা লোৱা দৰকাৰ হৈ পৰে৷ এটা ভাল খবৰ যে চহৰৰ প্ৰায়বোৰ হস্পিতালত এই anti-venom আজিকালি থাকে৷ আমাৰ বাবে সুখবৰ অসমত শিৱসাগৰ জিলাৰ ডিমৌ চিকিৎসালয়ত ডাঃ সুৰজিত গিৰিৰ নেতৃত্বত চিকিৎসক দল আৰু কৰ্মীয়ে বিষাক্ত সাপ ফেঁটী ,ৰাছেলছ্ ভাইপাৰ,ক্ৰেইট সাপৰ দংশনৰ চিকিৎসা বৰ ফলপ্ৰসূভাৱে সমাধান কৰিছে৷ আমি ডাঃ সুৰজিত গিৰিৰ সৈতে এই সম্পৰ্কে সবিস্তাৰে কথা পাতিছিলোঁ। তেখেতে উল্লেখ কৰিছে- “বঙাইগাঁও আৰু তেজপুৰৰ বিহগুৰি অঞ্চলৰ বাদে অসমৰ ক'তো আমি ৰাছেলছ্ ভাইপাৰ সাপৰ অৱস্থিতি গম পোৱা নাই। ২০১৬ চনত এজন আৰু ২০২৩ চনত দুজন ব্যক্তিক বঙাইগাঁৱত ৰাছেলছ্ ভাইপাৰ সাপে দংশন কৰিছিল।এণ্টীভেনম বেজী লৈ তেওঁলোক বৰ্তমান সুস্থ। ২০২৩ চনতে তেজপুৰৰ বিহগুৰি অঞ্চলত তন্ময় নামৰ শিশু এটিৰ ৰাছেলছ্ ভাইপাৰ সাপৰ দংশনত মৃত্যু হৈছিল। সৰ্প উদ্ধাৰকাৰী সৌৰভ বৰকটকীয়ে সেই স্থানতে ৰাছেলছ্ ভাইপাৰ উদ্ধাৰ কৰিছিল।এই দুখন জিলাৰ বাদে অসমৰ বাকী জিলাৰপৰা এই সাপৰ অৱস্থিতি এতিয়ালৈকে বৈজ্ঞানিকভাবে প্ৰমাণিত হোৱা নাই। অৰ্থাৎ এই সাপডালে অসমত এতিয়ালৈকে ৪জন ব্যক্তিকহে দংশন কৰিছে। সেইবাবে অসমবাসী‌য়ে এই সাপডালক লৈ বৰ হৈ-চৈ কৰিব নালাগে।এই সাপডালৰ বিহৰ সম্পূৰ্ণ চিকিৎসা আছে।মাত্ৰ ৰাইজ দংশনৰ পাছত তৎক্ষণাৎ হস্পিতালত উপস্থিত হ'লেই হ'ল।২০২৪ চনত আজি পৰ্য্যন্ত ৯ গৰাকী অসমবাসীৰ সৰ্প দংশনত মৃত্যু হৈছে। এই ৯ জনৰ ভিতৰত ৮ জনক বিষাক্ত ফেটী সাপ আৰু এজনক শংখচূড় সাপে দংশন কৰিছিল। ৰাছেলছ্ ভাইপাৰ এই তালিকাত নাই। সৰ্প দংশনৰ চিকিৎসাৰ বাবে কোনো বিয়াগোম হস্পিতাল, বিয়াগোম ডাক্তৰ বা বিশেষজ্ঞ চিকিৎসক নালাগে।কোনো ICUৰ প্ৰয়োজন নাই,যদিহে ৰাইজ আৰু সমাজ প্ৰথম বা দ্বিতীয় পৰ্য্যায়ত হস্পিতালত উপস্থিত হয়।ইয়াৰ জ্বলন্ত উদাহৰণ হ'ল ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টা ।এইখন হস্পিতালত কোনো ICU ৰ সুবিধা নোহোৱাকৈ ২১৪৮ জন সৰ্প দংশন ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। ২০২০ চনত মাত্ৰ এজনৰ মৃত্যু হৈছিল আৰু মাত্ৰ এজন ৰোগীক ICU ৰ প্ৰয়োজন হৈছিল,যি তৃতীয় পৰ্য্যায়ত হস্পিতালত উপস্থিত হৈছিল।

অসমৰ সকলো সামূহিক চিকিৎসালয়,মহকুমা চিকিৎসালয় আৰু জিলা চিকিৎসালয়ত অন্ততঃ ৩০ টা এন্টীভেনম মজুত আছে। 'অসমৰ গ্ৰাম্য চিকিৎসালয়ত এন্টীভেনম নাই' কথাষাৰৰ কোনো ভিত্তি নাই।

এতিয়া আমি মাত্ৰ আমাৰ অসমৰ স্বাস্থ্য কৰ্মীসকলক টনকিয়াল কৰিব লাগিব।ইতিমধ্যে ১৩০০ৰো অধিক ডাক্তৰক ট্ৰেইনিং দিয়া হৈছে।এই বছৰ অসম চৰকাৰৰ উদ্যোগত স্বাস্থ্যকৰ্মীসকলক টনকিয়াল কৰিবলৈ বিস্তৃত কাৰ্য্যসূচী লোৱা হৈছে।

ডাঃ সুৰজিত গিৰিয়ে সৰ্পদংশন ক্ষেত্ৰত ল’বলগীয়া সমাধানমূলক ব্যৱস্থা সম্পৰ্কত উল্লেখ কৰে-

সৰ্প দংশনৰ পাছত কোনো বাচ-বিচাৰ নকৰাকৈ তৎক্ষণাৎ হস্পিতালত ভৰ্তি হ”ব লাগে। স্বাস্থ্যকৰ্মীসকলক সজাগ কৰিব লাগে। শাস্তি বা শাস্তিমূলক বদলি আদি ইয়াৰ সমাধান হ'ব নোৱাৰে। কাৰণ এই বিষয়টো সঘনাই আলোচনা নহয়। ৰাইজে আমাৰ স্বাস্থ্য কৰ্মীসকলক উৎসাহ দিয়ক,সহযোগ কৰক। আপোনাৰ ওচৰৰ সামূহিক চিকিৎসালয়ত গৈ খবৰ কৰক।যদি সৰ্প দংশনৰ চিকিৎসাৰ সুবিধা নাই,লিখিত ভাবে সুবিধাৰ ব্যৱস্থা কৰাবলৈ অনুৰোধ কৰক।কিবা সহায় লাগিলে আমি সহায় কৰিম।

আমাৰ লক্ষ্য হৈছে ২০২৫ বৰ্ষটোত মৃত্যুৰ সংখ্যা শূণ্য কৰা।আমাৰ ইপ্সিত লক্ষ্যত উপনীত হ'বলৈ অবৈজ্ঞানিক Sensation বোৰে আমাক কেতিয়াও সহায় নকৰে। আমাক মাত্ৰ আপোনালোকৰ সহযোগ লাগে। আশা ৰাখিছোঁ অসমৰ ৰাইজে Sensation বোৰক অগ্ৰাধিকাৰ নিদি Solutions বোৰত গুৰুত্ব প্ৰদান কৰিব। এইক্ষেত্ৰত আমি আমি আশাবাদী।“

অসমত ৰাছেলছ্ ভাইপাৰ প্ৰসংগত সৰ্পবান্ধৱ প্ৰানজিত ৰাজবংশীয়ে কি কয়ঃ

সৰ্পবান্ধৱ উপাধি লাভ কৰা দীৰ্ঘদিনে প্ৰকৃতি ৰক্ষা আৰু সাপ উদ্ধাৰ,সুৰক্ষা আৰু সজাগতাৰ ক্ষেত্ৰত কাম কৰি অহা আৰণ্যকৰ সৈতে জৰিত প্ৰানজিত ৰাজবংশীয়ে আমাক কয় যে ৰাছেলছ্ ভাইপাৰ অসমৰ সাপ নহয় বা বেলেগ দেশৰ পৰা আহিছে, সেই কথাবোৰ আচলতে সত্য নহয়। ইয়াৰ অৱস্থিতি অতীজৰে পৰা অসমৰ কোনো কোনো প্ৰান্তত আছেই। বঙাইগাঁও জিলাত বিশেষকৈ ইয়াৰ দংশনৰ তথ্য আছে। ৰাছেলছ্ ভাইপাৰে খেদি যোৱা বুলি কোৱা কথাটোও সত্য নহয়। তদুপৰি যিহেতু সকলো মানুহে সাপ চিনি নাপায়, গতিকে ৰাছেলছ্ ভাইপাৰ দেখিবলৈ অজগৰ সাপৰ পোৱালিৰ দৰে বুলি সাধাৰণভাৱে কোৱা হয়। কিন্তু অজগৰ আৰু ইয়াৰ মাজত বহুত তফাত আছে। দেখাৰ উপৰিও প্ৰকৃতিৰ ক্ষেত্ৰতো ই ভিন্ন। অসমত ৰাছেলছ্ ভাইপাৰৰ লগতে ৰজা ফেঁটি, শংখচূড়ৰ দৰে অতি বিষধৰ সাপো আছে। অসমত পোৱা বিভিন্ন সাপৰ ভিতৰত ৭ প্ৰকাৰৰ সাপ হে বিষধৰ। কিন্তু বহু লোকে সৰ্পদংশনৰ পাছত আচলতে ভয় খাই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ হে মৃত্যুমুখত পৰে। আমাৰ দেশত ৪৮ৰ পৰা ৫০ শতাংশ সৰ্পদংশিত লোকে আচলতে সাপৰ বিহৰ সলনি হাৰ্ট এটেক হৈ হে মৃত্যুমুখত পৰে। ৰাছেলছ্ ভাইপাৰে সাধাৰণতে বিৰক্ত হ’লেহে আক্ৰমণ কৰে। আৰু ৰাছেলছ্ ভাইপাৰে দংশন কৰাৰ ৪ মিনিটৰ ভিতৰত মানুহৰ মৃত্যু হয় বোলা কথাটো সত্য নহয়। যিকোনো সৰ্পদংশনৰ ক্ষেত্ৰতেই লোক এজনৰ মৃত্যু হ’বলৈ ন্যূনতম ৪০ৰপৰা ৪৫ মিনিট সময় লাগে। গতিকে ৪ মিনিটতে কাৰোবাৰ মৃত্যু হোৱাটো অসত্য কথা। সাপে খুটিলে আতংকিত নহৈ ততালিকে ওচৰৰ হস্পিতাললৈ যোৱা উচিত আৰু ডাক্তৰৰ সৈতে যোগাযোগ কৰা উচিত। সাপে খোটা অংশটো অৰ্থাত হাত বা ভৰি লৰচৰ কৰিব নালাগে। হাত বা ভৰি ভাঙিলে যিদৰে লৰচৰ নকৰে, ঠিক তেনেকৈয়ে ব্যক্তিগৰাকীক ডাক্তৰৰ ওচৰলৈ তুৰন্তে লৈ গৈ এণ্টি ভেনম বেজি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি ৰাছেলছ্ ভাইপাৰ বুলিয়েই নহয়, যিকোনো সাপ দেখিলে তাক কোবাই, মাৰি আতংকিত কৰি তোলাৰ পৰিৱৰ্তে এক সুৰক্ষিত স্থানত অৱস্থান কৰি উদ্ধাৰকাৰী লোকক খবৰ দিয়া উচিত। যিহেতু সাধাৰণ লোকৰ সাপ সম্পৰ্কত বহুত বেছি জ্ঞান নাথাকে, গতিকে ওচৰলৈ নগৈ সৰ্প উদ্ধাৰত পটুতা থকা লোকৰ সহায় লোৱাটো উচিত।

এই সকলোখিনি তথ্য তথা বিশেষজ্ঞ ডাক্তৰ আৰু সৰ্প বিশেজ্ঞৰ মতামতৰ ভিত্তিত আমি এক সিদ্ধান্তত উপনিত হ’ব পাৰোঁ যে ৰাছেলছ্ ভাইপাৰ কোনো বহিৰাগত সৰ্প নহয়। অসমত যি ৭ প্ৰকাৰৰ বিষধৰ সৰ্প উপলদ্ধ, তাৰে এক প্ৰকাৰ হৈছে ৰাছেলছ্ ভাইপাৰ। দেখিবলৈ যদিও ই সামান্য ৰূপে অজগৰৰ পোৱালিৰ দৰে কিন্তু ইয়াৰ লক্ষণ, প্ৰকাৰ, প্ৰকৃতি সকলো বেলেগ। ই এক লেহেমীয়া গতিৰ সৰ্প যদিও অতি ক্ষীপ্ৰতাৰে চিকাৰ কৰিব পাৰে। ই বিৰক্ত হ’লে মানুহক আক্ৰমণ কৰিব পাৰে যদিও দংশনৰ ৪ মিনিটৰ ভিতৰত মানুহজনৰ মৃত্যু হোৱা কথাটো অসত্য। দংশনৰ পাছত ক্ষীপ্ৰতাৰে হস্পিতাললৈ গৈ ডাক্তৰৰ কাষ চাপিলে ৰাছেলছ্ ভাইপাৰে দংশন কৰা লোকৰো প্ৰানৰক্ষা হয়। ৰাছেলছ্ ভাইপাৰক লৈ ওলোৱা উৰাবাতৰিসমুহৰ বাস্তৱ ভিত্তি নাই।

সাধাৰণ ৰাইজৰ প্ৰতি আহ্বানঃ

সাধাৰণ দৃষ্টিত অজগৰৰ পোৱালিৰ দৰে দেখা ৰাছেলছ্ ভাইপাৰ সাপ দেখিলেই আগুৱাই গৈ আক্ৰমন নকৰিব। যিকোনো সাপেই আতংকিত হ’লে বা বিৰক্ত হ’লে খুটিব পাৰে। গতিকে নিৰাপদ দূৰত্বত অৱস্থান কৰি ততালিকে উদ্ধাকাৰী বিশেষজ্ঞ ব্যক্তিক খবৰ কৰক আৰু সহায় লওক। কিবা কাৰণত ৰাছেলছ্ ভাইপাৰ বা আন সাপেও দংশন কৰিলে ক্ষতস্থানত কোনো ধৰণৰ গাঁঠি নিদিব, লৰচৰ নকৰিব। লগে লগেই ওচৰৰ হস্পিতাললৈ যিমান পাৰি সোনকালে দংশিত ব্যক্তিগৰাকীক লৈ যোৱাৰ ব্যৱস্থা কৰক। যিকোনো সাপে খুটিলে আতংকিত হৈ মূৰ্ছা যোৱা পৰিস্থিতি উদ্ধৱ কৰাৰ সলনি ধৈৰ্য্য ধৰি চিকিৎসাৰ ব্যৱস্থা কৰক। উচিত চিকিৎসাই ৰাছেলছ্ ভাইপাৰৰ দংশনৰ চিকাৰ হোৱা লোককো ৰক্ষা কৰিব পাৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাছেলছ্ ভাইপাৰঃ ধাৰণা, ভ্ৰান্ত ধাৰণা, আতংক আৰু অসমত ইয়াৰ অৱস্থিতি আৰু সত্যতা।

Written By: Pranjal Sharma

Result: Insight