অতি শেহতীয়াকৈ আপোনালোকে হয়তো ফেচবুকত ইটো সিটো কথা চাই থাকোতে বহু সময়ত দেশৰ আগশাৰীৰ সাংবাদিক অৰ্ণৱ গোস্বামী, ৰবিশ কুমাৰ অথবা কিংবদন্তি অভিনেতা অমিতাভ বচ্ছনৰ লগতে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰলৈকে এইসকল লোকে কিছুমান অনলাইন খেলৰ জৰিয়তে লক্ষ লক্ষ ধন লাভ কৰাৰ কথা কৈ বিজ্ঞাপন কৰা দেখিছে। তেওঁলোকে সেই নিৰ্দিষ্টি এপটোৰ জৰিয়তে কিদৰে ধন ঘটিব পাৰি সেই কথা কোৱা দেখা আৰু শুনা গৈছে। তাকে দেখি বহু ব্যৱহাৰকাৰীয়ে সেই এপসমুহ ডাউনলোড কৰিছে আৰু সেই অনলাইন জুৱা সদৃশ খেলসমুহ খেলিছে। ভিডিঅ’ত সেই তাৰকা পৰ্যায়ৰ মানুহজনৰ মুখাৱয়ব আৰু তেওঁৰ চিৰ পৰিচিত কণ্ঠেৰে সেই কথা কৈ থকা যেন লাগে। কিন্তু সেয়া সত্য হয়নে? অৰ্ণৱ গোস্বামী, ৰবিশ কুমাৰ আদি প্ৰসিদ্ধ সাংবাদিকে এই অনলাইন গেমৰ কথা সঁচাকৈয়ে প্ৰচাৰ কৰিছেনে? অমিতাভ বচ্চন অথবা অক্ষয় কুমাৰে একা?

তেনেকুৱা কেইটামান ভিডিঅ’ৰ আপোনালোকে ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

কেৱল সিমানেই নহয়, আপোনালোকৰ নিশ্চয় মনত আছে যে কেইটামান দিন পূৰ্বে দেশৰ এগৰাকী জনপ্ৰিয়,আৱেদনময়ী অভিনেত্ৰী ৰশ্মিকা মন্ধানাৰ নাম এনেকুৱা এটা ভিডিঅ’ৰ সৈতে সাঙোৰ খাই পৰিছিল। আন এগৰাকী যুৱতীৰ দেহত ৰশ্মিকাৰ মুখাৱয়ব সংযুক্ত কৰি এটা নকল ভিডিঅ’ প্ৰস্তু কৰি প্ৰচাৰ কৰা হৈছিল।

এই ক্ষেত্ৰত গভীৰ শংকা ব্যক্ত কৰি অভিনেত্ৰীগৰাকীয়ে এই ডীপ ফেক ভিডিঅ’ৰ বিপজ্জনক ৰূপটোৰ কথা উনুকিয়ায়।

তদুপৰি কিছুদিন পূৰ্বে কেৰালাৰ এগৰাকী ব্যক্তিৰ সৈতে এইধৰণৰ এটা কাণ্ড ঘটিছিল। প্ৰৱঞ্চনাৰ বলি হৈছিল তেওঁ। কেৰালাৰ কোঝিকোডৰ পি.এছ. ৰাধাকৃষ্ণন এনেকুৱা ভয়ংকৰভাৱে ভুৱা কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰি কেলেংকাৰী কৰা চাইবাৰ অপৰাধীৰ বলি হয়। হোৱাটছএপৰ ভিডিঅ’ কলত প্ৰৱঞ্চকে তেওঁৰ প্ৰাক্তন সহকৰ্মী বুলি ভাও ধৰিলে।

আচলতে হৈছিল কি?

ৰাধাকৃষ্ণনলৈ ক’ল ইণ্ডিয়াত একেলগে কাম কৰা তেওঁলোকৰ একালৰ বন্ধু ভেনুকুমাৰৰ বুলি কোনোবা এজনৰ পৰা ফোন এটা আহিল। প্ৰৱঞ্চকে আৰম্ভণিতে ৰাধাকৃষ্ণনৰ পৰিয়ালৰ বিষয়ে সুধিছিল, পৰিয়ালৰ ফটো শ্বেয়াৰ কৰিছিল, আৰু বিশ্বাস গঢ়ি তুলিবলৈ তেওঁলোকৰ সাধাৰণ সহকৰ্মীসকলৰ বিষয়ে আলোচনা কৰিছিল। তাৰ পাছত, প্ৰৱঞ্চকটোৱে পুনৰ ফোন কৰিল। তেওঁ ক’লে যে তেওঁ ডুবাই বিমানবন্দৰত আছ আৰু ভাৰতলৈ বুলি বিমানত উঠিবলৈ ওলাইছে। তেওঁ ব্যক্ত কৰে যে তেওঁৰ আত্মীয়ক মুম্বাইত অস্ত্ৰোপচাৰৰ বাবে জৰুৰীভাৱে প্ৰয়োজন হৈছে ৪০,০০০ টকাৰ। সেই ধন দিয়াৰ বাবে সহায় বিচাৰিকৈছিল যে ঘৰ আহি পোৱাৰ লগে লগে তেওঁ সেই অস্ত্ৰোপচাৰ ধন ঘূৰাই দিব।

প্ৰথমতে ৰাধাকৃষ্ণনে টকা পঠিয়াবলৈ সন্দেহ আৰু দ্বিধাবোধ কৰিছিল, কিয়নো তেওঁ অনলাইন কেলেংকাৰীৰ বিষয়ে অৱগত আছিল। কিন্তু প্ৰৱঞ্চকটোৱে কয় যে তেওঁ ভিডিঅ’ কল কৰি নিজৰ সত্যতা প্ৰমাণ কৰিব আৰু চিন্তা দূৰ কৰিব।

সংবাদ মাধ্যমৰ আগত ৰাধাকৃষ্ণনে কোৱা মতে, ‘এই ফোনটো মাত্ৰ ৩০ ছেকেণ্ডহে চলিছিল, আৰু মুখখনৰ ক্ল’জ আপহে দেখা গৈছিল। “তেওঁৰ চেহেৰা মোৰ পূৰ্বৰ সহকৰ্মীৰ দৰেই আছিল। আমি ইংৰাজীত কথা পাতি থাকোঁতে তেওঁৰ ওঁঠ আৰু চকু দুটা যিকোনো সাধাৰণ মানুহৰ দৰে লৰচৰ কৰিছিল। ইমানেই নিখুঁত আছিল যে মই একো সন্দেহেই কৰা নাছিলো।”

ভিডিঅ’ কলত থকা ব্যক্তিজনক দেখাৰ লগে লগে ৰাধাকৃষ্ণনে আৰু কোনো প্ৰশ্ন নকৰি ধনখিনি ট্ৰেন্সফাৰ কৰি দিছিল।

কেৱল সিমানেই নহয়, তেওঁ পুনৰ ফোন কৰি অতিৰিক্ত ৩৫ হাজাৰ টকা বিচাৰিলে। ফলত ৰাধাকৃষ্ণনৰ সন্দেহ উপজিল। ৰাধাকৃষ্ণনে তেওঁৰ পূৰ্বৰ সেই সহকৰ্মীৰ ফোন নম্বৰত ফোন কৰে। তেতিয়া বন্ধুজনে টকা বিচৰা কথাটো অস্বীকাৰ কৰা শুনি তেওঁ থতমত খালে। ভিডিঅ’ কলত ৰাধাকৃষ্ণনে দেখা মানুহজন আচলতে তেওঁৰ বন্ধু নাছিলেই। অনলাইন কেলেংকাৰীৰ দ্বাৰা তেওঁক প্ৰতাৰণা কৰা বুলি গম পোৱাৰ পাছত ৰাধাকৃষ্ণনে এই ঘটনাৰ খবৰ দিয়ে নেশ্যনেল চাইবাৰ চেলত আৰু কেৰালা আৰক্ষীলৈয়ো বাৰ্তা প্ৰেৰণ কৰে। কেৰালা আৰক্ষীৰ চাইবাৰ অপাৰেচন বিভাগে প্ৰৱঞ্চকৰ পৰা সমগ্ৰ ৪০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় আৰু ৰাধাকৃষ্ণনক ঘূৰাই দিয়ে।

আনহাতে হলিউডৰ অভিনেতা ব্ৰুছ ৱিলিছৰ নামো এইধৰণৰ এটা কাণ্ডৰ সৈতে সাঙোৰ খাইছিল। খবৰ প্ৰকাশ হৈছিল যে উইলিছে তেওঁৰ ডিজিটেল ৰূপটোৰ স্বত্ব ডিপকেক নামৰ ডিপফেক কোম্পানী এটাক বিক্ৰী কৰিছিল। টেলিগ্ৰাফৰ বাতৰি অনুসৰি, “ব্ৰুচ উইলিছে তেওঁৰ ৰূপস্বত্ব বিক্ৰী কৰি পৰ্দাত ব্যৱহাৰৰ বাবে নিজৰ এটা ‘ডিজিটেল টুইন’ সৃষ্টি কৰিবলৈ অনুমতি দিয়া প্ৰথমজন হলিউডৰ তাৰকা হিচাপে পৰিগণিত হৈছে। সহজ ভাষাত ক’বলৈ গ’লে উইলিছে বোধহয় তেওঁৰ ‘ডিজিটেল টুইন’ৰ ব্যৱহাৰ ভৱিষ্যতৰ ছবি আৰু বিজ্ঞাপনত ব্যৱহাৰ কৰাৰ অনুমতি দিছিল।

কিন্তু সেই খবৰ বিয়পি পৰাৰ পাছত শীঘ্ৰেই অভিনেতাজনৰ প্ৰতিনিধিৰ দলটোৱে বহুলভাৱে প্ৰকাশিত এই খবৰটো খণ্ডন কৰে। উইলিছৰ প্ৰতিনিধিসকলে এটা বিবৃতি শ্বেয়াৰ কৰি স্পষ্টভাৱে কয় যে “উইলিছৰ এই ডিপকেক কোম্পানীটোৰ সৈতে কোনো অংশীদাৰিত্ব বা চুক্তি নাই।” ডিপকেক কোম্পানীয়েও আগবাঢ়ি আহি সংবাদ মাধ্যমৰ এই বাতৰি খাৰিজ কৰে। কোম্পানীটোৱে যোৱা বছৰ বিজ্ঞাপনৰ বাবে উইলিছৰ ডিজিটেল টুইন তৈয়াৰ কৰিছিল। ভৱিষ্যতে তাৰ যিকোনো ব্যৱহাৰ উইলিছৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কোম্পানীটোৱে সংবাদ মাধ্যমক জনায়। ডিপকেক হৈছে ডিপকেক বিশেষজ্ঞ কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী। তেওঁলোকে চেলিব্ৰিটিৰ ডিজিটেল যমজ বা টুইন সৃষ্টি কৰে। ২০২১ চনত ৰাছিয়াৰ টেলিকম কোম্পানী এটাৰ বিজ্ঞাপনত ডিপকেকে উইলিছৰ ডিপফেক ৰূপ ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁলোকে ভৱিষ্যতে ডিপফেক ব্যৱহাৰৰ বাবে উইলিছৰ মুখাৱয়বৰৰ অধিকাৰ অথবা ৰূপস্বত্ব কিনা নাই।

এইধৰণে সম্প্ৰতি কৃত্ৰিম বুদ্ধিমত্তা অথবা এআইৰ সহায় লৈ ডীপফেক ডিডিঅ’ প্ৰস্তুত কৰি অহা হৈছে। প্ৰৱঞ্চকে ইয়াক অপৰাধমূলক কামত ব্যৱহাৰ কৰিছে আৰু ইয়াৰ সদব্যৱহাৰ কৰিব খোজা লোকে ইয়াৰ ব্যৱসায়িক লাভালাভৰ বাবে ব্যৱহাৰ কৰিছে।

এতিয়া জানো আহক, কি নো এই ডীপফেক?

শেহতীয়াকৈ ডিপফেকে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। ইয়াৰ উন্নত ব্যৱস্থাৰ বাবে বহু বিশেষজ্ঞই ভৱিষ্যতে ইয়াৰ অপব্যৱহাৰৰ আশংকাও কৰিছে। ডীপফেক হৈছে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি বাস্তৱ যেন লগা ব্যক্তিৰ ভুৱা শব্দ বা ছবি নিৰ্মাণ কৰা এক কৌশল। ই এটা উন্নত মেচিন লাৰ্নিং এলগৰিদম যিয়ে জেনেৰেটিভ এডভাৰ্চেৰিয়েল নেটৱৰ্ক (GAN) ব্যৱহাৰ কৰে।

ডিপফেক প্ৰযুক্তি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত কৌশল যিটো উল্লেখযোগ্যভাৱে বাস্তৱসন্মত আৰু প্ৰামাণিক যেন লগা মেনিপুলেটেড বা ফেব্ৰিকেটেড অডিঅ' আৰু ভিডিঅ' কন্টেন্ট তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। সহজ ভাষাত ক’বলৈ গ’লে ডিপফেকে স্মাৰ্ট কম্পিউটাৰ লাৰ্নিং ব্যৱহাৰ কৰি ভুৱা ভিডিঅ’ আৰু ছবি তৈয়াৰ কৰে যিবোৰ অতি বাস্তৱিক যেন দেখা যায়।

“ডিপফেক” শব্দটো “ডিপ লাৰ্নিং” (এআইৰ এটা উপগোট) আৰু “ফেক”ৰ সংমিশ্ৰণৰ পৰা আহিছে।

এজন ব্যক্তিৰ চেহেৰা আন এজনৰ ওপৰত ব্যৱহাৰ কৰি বা সলনি কৰি মানুহক প্ৰতাৰণা আৰু বিপথে পৰিচালিত কৰাৰ সম্ভাৱনাৰ বাবে ডিপফেকে এতিয়া যথেষ্ট নেতিবাচকভাৱে মনোযোগ লাভ কৰিছে।

যিকোনো প্ৰযুক্তিৰ দৰেই ডীপফেকৰ ব্যৱহাৰ উপকাৰীৰ লগতে ক্ষতিকাৰকো। মনোৰঞ্জন উদ্যোগত ইয়াৰ ইতিবাচক প্ৰভাৱৰ কথা ক’বলৈ হ’লে ডিপফেক প্ৰযুক্তিৰে মৃত্যুৰ পাছতো ষ্টাৰ ৱাৰ্ছ ফ্ৰেঞ্চাইজিত কেৰী ফিচাৰৰ ডিজিটেল টুইনৰ সৃষ্টি কৰি ইয়াক অতি উপযোগী বুলি প্ৰমাণিত কৰিছিল। স্বাস্থ্য খণ্ডত টিউমাৰ ধৰা পেলাবলৈয়ো ইয়াক ব্যৱহাৰ কৰা হৈছে।

ইয়াত ব্যৱহৃত সাধাৰণ কৌশল কি?

প্ৰৱঞ্চকে প্ৰায়ে আৱেগিক পৰিবেশ সৃষ্টি কৰি মানুহৰ সৈতে হেতালি খেলে। প্ৰথমে উল্লেখ কৰাৰ দৰে কেৰালাৰ ৰাধাকৃষ্ণনৰ আস্থা লাভ কৰিবলৈ প্ৰৱঞ্চকে বন্ধুত্বপূৰ্ণ কথা-বতৰাও কৰিছিল, পৰিয়াল আৰু সাধাৰণ সহকৰ্মীৰ দৰে ব্যক্তিগত বিষয়ৰ ওপৰত আলোচনা কৰিছিল। ইয়াৰ ফলত ৰাধাকৃষ্ণনে বিশ্বাস কৰিছিল যে তেওঁ সঁচাকৈয়ে বন্ধুৰ লগত কথা পাতিছে। এবাৰ আস্থা লাভ কৰাৰ পাছত প্ৰৱঞ্চকে ব্যক্ত কৰে যে তেওঁৰ এজন আত্মীয়ৰ অৱস্থা সংকটজনক আৰু জৰুৰীভাৱে অস্ত্ৰোপচাৰৰ প্ৰয়োজন। এই ক্ষেত্ৰত আটাইতকৈ ধূৰ্ত কৌশল আছিল ডীপফেক এআই প্ৰযুক্তিৰ ব্যৱহাৰ। প্ৰৱঞ্চকজনে এই প্ৰযুক্তি ব্যৱহাৰ কৰি ভিডিঅ’ কলৰ সময়ত “ভেনুকুমাৰ”ৰ ভুৱা ভিডিঅ’ দেখুৱাইছিল, যাৰ ফলত ৰাধাকৃষ্ণনে ভাবিছিল যে সেয়া তেওঁৰ বন্ধুৰ সৈতে হোৱা বাস্তৱিক কথা-বতৰা। প্ৰৱঞ্চকে হয়তো ৰাধাকৃষ্ণনৰ বন্ধু ভেনুকুমাৰৰ যথেষ্ট পৰিমাণৰ ছবি আৰু ভিডিঅ’ সংগ্ৰহ কৰিছিল। সেইবোৰ ডিপফেক এআই মডেল প্ৰশিক্ষণৰ ভিত্তি হিচাপে কাম কৰিছিল।

ই গণতন্ত্ৰৰ প্ৰতি ভাবুকি হয়নে?

আচলতে এই সকলোবোৰ আৰম্ভ হৈছিল ধেমেলীয়া ক্লিপ আৰু মিমৰ পৰা। অতি সোনকালেই ইয়াৰ বিকাশ ঘটি হাইপাৰৰিয়েল ভিডিঅ’ প্ৰস্তুত কৰা হয় আৰু ভুল তথ্য প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা আৰম্ভ হয়। প্ৰযুক্তিৰ উন্নতিৰ লগে লগে Deepfake ভিডিঅ’ এটা ধৰা পেলোৱাটো কঠিন হৈ পৰে। আনকি কিছুমান বিশেষজ্ঞই সকীয়াই দিছে যে ডিপফেকে গণতন্ত্ৰৰ বাবে ক্ৰমাৎ ভাবুকি কঢ়িয়াই আনিছে। ভিডিঅ’বোৰ নকল কৰি কোনো মানুহে প্ৰকৃততে বাস্তৱত কেতিয়াও নোকোৱা কথাবোৰ ক’ব পাৰে। ইয়াৰ ফলত গণতন্ত্ৰৰ বাবে বিপদৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

ভাৰতবৰ্ষত এই ডিপফেকৰ ব্যৱহাৰ

ইতিমধ্যেই আমি এই লেখাৰ আৰম্ভনীতে ভাৰতত এই ডীপফেকৰ ব্যৱহাৰৰ কথা উল্লেখ কৰিছোঁ যদিও ইয়াৰ ব্যাপক ব্যৱহাৰ এতিয়াও হোৱা নাই। তথাপিও ভাৰতত শেহতীয়া নিৰ্বাচনত ডিপফেক দেখা গৈছিল। ২০২০ চনত দিল্লী বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত ডিপফেক ভিডিঅ’ ব্যৱহাৰ কৰিছিল, যিটো এই ধৰণৰ প্ৰথমটো।

ভাইচৰ এক প্ৰতিবেদন অনুসৰি বিজেপিৰ দিল্লী ইউনিটে মনোজ তিৱাৰীৰ দুটা ভিডিঅ’ ব্যৱহাৰ কৰি তেওঁক হাৰিয়ানৱী আৰু ইংৰাজী ভাষাত ভাষণ দিয়া দেখুৱাইছিল। হিন্দী ভাষাত নিৰ্মিত ভিডিঅ’ এটাৰ পৰিৱৰ্তন কৰি তিৱাৰীয়ে আন দুটা ভিডিঅ’ত সম্পূৰ্ণ পৃথক বিষয় এটাৰ বিষয়ে কৈ আছিল।

যদিও বিজেপিৰ মুখপাত্ৰই দলটোৱে এই ভিডিঅ’সমূহ ব্যৱহাৰ কৰাটো অস্বীকাৰ কৰি দাবী কৰে যে, “আচলতে দিল্লী বিজেপিহে এই প্ৰযুক্তিৰ বলি হৈছে।”

মনোজ তিৱাৰীৰ ডিপফেক ভিডিঅ’ কাণ্ডৰ পাছত ভাৰতীৰ আইন বিশেষজ্ঞসকলে কয় যে এই ভিডিঅ’টোৱে এইধৰণে ছ’চিয়েল মিডিয়াৰ কন্টেন্টৰ জৰিয়তে আইন উলংঘা হ’লে তাৰ সৈতে মোকাবিলা কৰাৰ বাবে নিৰ্বাচন আয়োগৰ বৰ্তমান ব্যৱস্থাৰ দুৰ্বলতাসমূহ স্পষ্ট কৰি তুলিছে। সেই বুলি হিন্দুস্তান টাইমছে বাতৰি প্ৰকাশ কৰিছে।

ভাৰতত ইয়াৰ আইনী বৈধতা কি?

আমেৰিকাত Deepfakes Accountability Act (২০১৯ চনত গৃহীত)এ, সত্যাসত্য চিনাক্তকৰণৰ উদ্দেশ্যে ডিপফেকত ৱাটাৰমাৰ্ক ৰখাটো বাধ্যতামূলক কৰিছিল।

কিন্তু ভাৰতত ডিপফেক নিষিদ্ধ কৰা কোনো স্পষ্ট আইন নাই বুলি লিখিছে লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্সৰ স্বতন্ত্ৰ গৱেষকসকলে। অৱশ্যে ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আন বিভিন্ন আইন একত্ৰিত কৰিব পাৰি। আই টি এক্ট ২০০০ৰ ৬৭ আৰু ৬৭(ক) ধাৰাত ইলেক্ট্ৰনিক ৰূপত যৌন সম্পৰ্কীয় সামগ্ৰী প্ৰকাশ কৰিলে শাস্তিৰ ব্যৱস্থা আছে। ভাৰতীয় দণ্ডবিধিৰ ১৮৬০ নং ধাৰাৰ ৫০০ নং দফাত মানহানিৰ শাস্তিৰ উল্লেখ কৰা হৈছে যদিও ডিপফেক থকা বিভিন্ন ৰূপৰ সৈতে মোকাবিলা কৰিবলৈ এই বিধানসমূহ অপৰ্যাপ্ত।

ভাৰতত গোপনীয়তাৰ অধিকাৰ এক মৌলিক অধিকাৰ। লগতে, ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক ২০২১ -এ ব্যক্তিৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰে। এই বিধেয়কখন গৃহীত হ’লেই ইয়াত ডিপফেক ভিডিঅ’ৰ ব্যৱহাৰ আৰু প্ৰচাৰ নিষিদ্ধ কৰাৰ কথা আছে বুলি আউটলুকে প্ৰকাশ কৰিছে।

ডীপফেক প্ৰৱঞ্চনাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি?

যদি আপুনি কোনোবাই টকা বা জৰুৰী সহায় বিচৰা ভিডিঅ’ কল পায়, তেন্তে উত্তৰ দিবলৈ খৰখেদা নকৰিব। সময় লওক আৰু সোনকালেই সেই কাম কৰি পেলাবলৈ নিজৰ ওপৰত হেঁচা অনুভৱ নকৰিব।

জনা আৰু বিশ্বাসযোগ্য নম্বৰত ব্যক্তিজনৰ সৈতে যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াওক। তেওঁলোকে ভিডিঅ’ কলটো কৰিছিল নেকি বা তেওঁলোকক সঁচাকৈয়ে সহায়ৰ প্ৰয়োজন হৈছে নেকি নিশ্চিত কৰক। প্ৰৱঞ্চকে আপোনাক প্ৰতাৰণা কৰিবলৈ প্ৰায়ে অজ্ঞাত নম্বৰ ব্যৱহাৰ কৰে।

ফোন কৰাজনৰ সত্যতা নিশ্চিত কৰিবলৈ এনে নিৰ্দিষ্ট প্ৰশ্ন সুধিব যাৰ উত্তৰ কেৱল প্ৰকৃত ব্যক্তিজনেহে জানিব। ইয়াৰ দ্বাৰা ফোন কৰাজন সঁচাকৈয়ে উল্লেখ কৰা প্ৰকৃত ব্যক্তি হয়নে সেইটো নিশ্চিত কৰাত সহায়ক হ‘ব।

ব্যক্তিজনৰ মুখৰ ভাব আৰু গতিবিধি নিৰীক্ষণ কৰক। ডিপফেকত সূক্ষ্ম খেলিমেলি, অস্বাভাৱিক মুখৰ বৈশিষ্ট্য, বা লিপ-চিংকৰ সমস্যা থাকিব পাৰে। আৰু নিশ্চিত হ’বলৈ হ’লে আপুনি ব্যক্তিজনক কেমেৰাটো তেওঁলোকৰ মুখৰ পৰা আঁতৰাই ঘূৰাই ঘূৰাই কথা পাতিবলৈ ক’ব পাৰে। ফোন কৰাজনক বাস্তৱ সময়ত কিবা এটা কৰিবলৈ কওক, যেনে হাত জোকাৰি দিয়া, চকু টিপিয়াই দিয়া বা কোনো নিৰ্দিষ্ট বস্তু ওপৰলৈ তুলি ধৰা। লাইভ ইন্টাৰেকচনে ভিডিঅ’টো বাস্তৱিক নে ডিপফেক সেইটো প্ৰকাশ কৰাত সহায় কৰিব পাৰে।

সজাগ হৈ থাকি আৰু এই সহজ কৌশলসমূহ ব্যৱহাৰ কৰি আপুনি ডিপফেক ভিডিঅ’ কল কেলেংকাৰীৰ বলি হোৱাৰ আশংকা কম কৰিব পাৰে আৰু সম্ভাৱ্য ক্ষতিৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে।

পাঠকসকলোলৈ অনুৰোধ

উৰাবাতৰিত বিশ্বাস নকৰিব। পৰীক্ষা নকৰা তথ্য শ্বেয়াৰ কৰা বা প্ৰচাৰ নকৰিব, আৰু যিকোনো বাতৰি বা দাবীক সত্য বুলি গ্ৰহণ কৰাৰ আগতে সদায় ইয়াৰ সত্যতা পৰীক্ষা কৰিব। সঠিক আৰু পৰীক্ষিত তথ্যহে প্ৰকাশ আৰু প্ৰচাৰ কৰিব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অমিতাভ বচ্চন, অক্ষয় কুমাৰ,অৰ্ণৱ গোস্বামী আদিয়ে সঁচাকৈয়ে অনলাইন জুৱাৰ বাবে আহ্বান কৰিছেনে?

Written By: Pranjal Sharma

Result: Insight