নিৰ্বাচনী পৰিৱেশত অশোক গেহলটৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ পটভূমিত শুনা গৈছে মোডীক সমৰ্থন কৰা শ্ল’গান। শ্লোগানৰ মাজতে অশোক গেহলটৰ লগতে তেওঁৰ লগত থিয় হৈ থকা এজন ব্যক্তিয়ে জনসাধাৰণক শান্ত কৰোৱা দেখা গৈছে। ভাইৰেল ভিডিঅ’টোৰ লগতে ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৰেলীত মোদী-মোদী শ্লোগান উত্থাপন কৰা হৈছিল।

ফেচবুকত এই ভিডিঅ'টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, "এই ভিদিঅ' টো ভাইৰেল হ'ব লাগে,অশোক গেহলট জীৰ ৰাজস্থানত কংগ্ৰেছৰ বিদায় অনুষ্ঠান"।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

তদন্তৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈছিলো। পোৱা ফটোবোৰৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি অশোক গেহলটৰ ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টো পাইছিলোঁ।

২০২৩ চনৰ ২২ নৱেম্বৰত এই ভিডিঅ’টো লাইভ ষ্ট্ৰীম কৰা হৈছিল। তথ্য অনুসৰি এই ভিডিঅ'টো টংকৰ মালপুৰাত অনুষ্ঠিত হোৱা অশোক গেহলটৰ ৰেলীৰ।

চেনেলটোত ভাইৰেল ভিডিঅ'টো ২ মিনিট ১৩ ছেকেণ্ডৰ পিছত চাব পাৰিব। মূল ভিডিঅ’টোত অশোক গেহলটে ভিৰৰ মাজত উপস্থিত একাংশ লোকক শান্ত কৰোৱা দেখা গৈছে। কিন্তু ভিডিঅ’টোত ক’তো “মোদী-মোদী”ৰ শ্ল’গান শুনা নাযায়।

আমি ভাইৰেল ভিডিঅ’টো আৰু আমি পোৱা ইউটিউব ভিডিঅ’টোৰ বিশ্লেষণ কৰিলোঁ। য’ত পটভূমিত কেৱল জনসাধাৰণৰ কোলাহলহে শুনা গৈছে, মোদী-মোদী শ্লোগান নাই।

ইয়াৰ উপৰিও ২০২৩ চনৰ ২২ নৱেম্বৰত ৰাজস্থান কংগ্ৰেছৰ অফিচিয়েল ফেচবুক একাউণ্টৰ পৰাও আমি এটা লাইভ ভিডিঅ’ পাইছিলোঁ, য’ত ভাইৰেল ভিডিঅ’টো প্ৰায় ২ মিনিট ২০ ছেকেণ্ডত দেখা পোৱা গৈছিল।

কিন্তু এই ভিডিঅ'টোতো আমি মোদী-মোদী শ্লোগান শুনা নাছিলো।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো সম্পাদনা কৰা হৈছে। অশোক গেহলটৰ ৰেলীত মোদী-মোদী শ্লোগান দিয়া হোৱা নাছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অশোক গেহলটৰ ৰেলীত জনতাই মোদী-মোদী শ্লোগান দিছিল নেকি?

Written By: FactCrescendo Assamese

Result: Altered