কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীৰ এখন ফটো চ'ছিয়েল মিডিয়াত বহুলভাৱে শ্বেয়াৰ হোৱা দেখা গৈছে। ফটোখনত মন্ত্ৰীগৰাকীক বেলী নৃত্যশিল্পীৰ পোছাক পৰিধান কৰা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰ ৯০৪৯০৫৩৭৭০ লৈও ফ'ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ সত্যাসত্য জানিব বিচাৰিছিল।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া ভ্ৰমণ ৱেবছাইট ট্ৰিপ এডভাইজাৰ (TripAdvisor)ত মূল ফটোখন পালোঁ। Archived Link

সংলগ্ন তথ্য অনুসৰি এই ফটোখন তুৰ্কীৰ মাৰ্মাৰিছ চহৰৰ ক্লাব এক্সেলচিয়াৰত অনুষ্ঠিত হোৱা বাৰ্বিকিউ নাইট অনুষ্ঠানৰ সময়ত তোলা হৈছিল।

ইয়াৰ উপৰিও আমি ২০১২ চনৰ জুন মাহত ট্ৰিপ এডভাইজাৰৰ ৱেবছাইটত এজন ব্যৱহাৰকাৰীয়ে আপলোড কৰা একেখন ফটো দেখিলোঁ।

আমি কৰা দুয়োখন ফটোৰ তুলনা চালে পাৰ্থক্যটো বুজিব পাৰি। মূল ফটোখন সম্পাদনা কৰি তাত স্মৃতি ইৰাণীৰ মুখখন সংলগ্ন কৰা হৈছে। তদুপৰি ফটোখন ক'লা আৰু বগালৈ ৰূপান্তৰ কৰা হৈছে। তুলনাত্মক ফটোখন তলত চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। মূল ফটোখনত থকা বেলী নৃত্যশিল্পীগৰাকীৰ ঠাইত স্মৃতি ইৰাণীৰ মুখখন সংলগ্ন কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:স্মৃতি ইৰাণীৰ এই ভাইৰেল ফটোখন সম্পাদিত।

Fact Check By: Debanjana Baishya

Result: Altered