
শেহতীয়াকৈ চ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এখন ফটো ভাইৰেল হৈছে। ফটোখনত ৰাহুল গান্ধীয়ে বিজেপিৰ গেৰুৱা টুপী পৰিধান কৰা দেখা গৈছে।
এই ফটোখন আমাৰ হোৱাটচএপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ সত্যাসত্য জানিবলৈ বিচাৰিছিল।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া জনসত্তা নামৰ ৱেবছাইটত ২০২২ চনৰ নৱেম্বৰ মাহৰ ১৫ তাৰিখে প্ৰকাশিত এক প্ৰতিবেদন পালোঁ আৰু তাত সংলগ্ন ফটোখন আছিল ভাইৰেল ফটোখনৰ সৈতে প্ৰায় একেই। কিন্তু তাত বিজেপিৰ নিৰ্বাচনী চিহ্ন নাছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে সেই ফটোখন ভাৰত জোড়ো যাত্ৰাৰ।

একেখন ফটো এবিপি মাৰাঠীৰ ২০২২ চনৰ নৱেম্বৰ মাহৰ ১৫ তাৰিখে প্ৰকাশিত এক প্ৰতিবেদনতো আমি পালোঁ।
তদুপৰি তেলেংগানা কংগ্ৰেছৰ অফিচিয়েল এক্সত ২০২২ চনৰ নৱেম্বৰ মাহৰ ১৫ তাৰিখে এটা টুইট পালোঁ য’ত সংলগ্ন ফটোখনত ৰাহুল গান্ধীয়ে গেৰুৱা টুপী পৰিধান কৰা দেখা গৈছিল, কিন্তু তাত বিজেপিৰ নিৰ্বাচনী চিহ্ন পদুম ফুলৰ ছবি নাছিল।
দুয়োখন ফটোৰ মাজত তুলনা তলত চাব পাৰিব।

ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। মূল ফটোখনত ৰাহুল গান্ধীয়ে পৰিধান কৰা গেৰুৱা টুপীটোত বিজেপিৰ নিৰ্বাচনী চিহ্ন পদুম ফুলৰ ছবি নাছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
