শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। "ইজিপ্টৰ ১০০০ বছৰ পুৰণি এখন মছজিদত আমাৰ মোদী চাহাব" শীৰ্ষক ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা দেখা গৈছে।

Facebook Link | Archived Link

তেনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো চাব পাৰিব।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ১১ তাৰিখে "জাষ্টিচ মিৰ'ৰ"ত প্ৰকাশিত এটা প্ৰবন্ধ পালোঁ য'ত সংলগ্ন ফটোখন আছিল ভাইৰেল ফটোখনৰ সৈতে একেই কিন্তু সেই ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা নাছিল।

প্ৰবন্ধটোত উল্লেখ কৰা হৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাউডী ব'হৰা (Dawoodi Bohra) সমাজৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান "দ্য চাইফি একাডেমী"ৰ নতুন কেম্পাচ উদ্বোধন কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অফিচিয়েল টুইটাৰ আৰু ফেচবুক পেজতো সেই অনুষ্ঠানৰ কিছু ফটো আপলোড কৰা হৈছিল।

মূল পোষ্ট - Twitter

মূল পোষ্ট - Facebook

ইজিপ্ট ভ্ৰমণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুন মাহৰ ২৫ তাৰিখে কাইৰোৰ আল হাকিম মছজিদ দৰ্শন কৰে। এই মছজিদটো এক ঐতিহাসিক স্থান হিচাপে জনাজাত।

তলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আল হাকিম দৰ্শনৰ কিছু ফটো দিয়া হৈছে। কোনো এখন ফটোতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা দেখা নগ'ল।

তলত ভাইৰেল ফটোখন আৰু মূল ফটোখনৰ তুলনা দাঙি ধৰা হ'ল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা নাছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা নাছিল।

Written By: Debanjana Baishya

Result: Altered