
শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ প্ৰায় ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে আৰু ভাৰতত চীনৰ বিৰুদ্ধে এক জনজাগৰণ সৃষ্টি হোৱা দেখা গৈছে । এনে সময়তে এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত চিপিআই(এম) নেতা, ‘সীতাৰাম য়েচুৰী’ক হাতত এখন বেনাৰ লৈ থিয় হৈ থকা দেখা গৈছে । বেনাৰখনত ভাৰতীয় সৈন্যৰ বিৰুদ্ধে আৰু চীনৰ সমৰ্থনত শ্লোগান দেখা গৈছে ।
উক্ত ফটোখন ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু অসমতো হোৱাটচ এপ্পৰ যোগেদি এই বিশেষ ফটোখন বহুল ভাৱে প্ৰচাৰ হৈছে ।
সঁচাকৈ চিপিআই(এম) নেতা, ‘সীতাৰাম য়েচুৰী’য়ে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে আৰু চীনৰ সমৰ্থনত শ্লোগান থকা বেনাৰ লৈ থিয় হৈছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি প্ৰথমে উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ আৰু চিপিআই(এম)ৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা এই বিশেষ ফটোখন আন ফটোৰ সৈতে ১৬ জুন, ২০২০ তাৰিখে আপলোড কৰা হৈছিল । টুইটটোত মোদী চৰকাৰৰ বিভিন্ন নীতিৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰা বুলি উল্লেখ কৰা হৈছে । আমি টুইটটোত সন্নিবিষ্ট য়েচুৰী’ৰ ফটোখন ভালকৈ লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে এই ফটোখন আৰু ভাইৰেল হোৱা ফটোখন একেই যদিয়ো কিছু পাৰ্থক্য আছে ।

অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰা ফটোখনত বেনাৰখনত, “আয়-কৰ ব্ৰেকেটৰ বাহিৰত থকা লোক সকলক অতি শীগ্ৰে তিনিমাহৰ বাবে ৭৫০০ টকা দিয়াৰ ব্যৱস্থা কৰক” বুলি লিখা আছে । ভাইৰেল ফটোখনত দেখা শ্লোগানবোৰ যে এডিট কৰি বনোৱা হৈছিল, সেইয়া স্পষ্ট হৈ পৰিছে ।

এই ফটোখন আমি চিপিআই(এম)ৰ ভেৰিফাইড ফেচবুক পে’জৰ পৰাও ১৬ জুন, ২০২০ তাৰিখে আপলোড হোৱা দেখিলোঁ । উক্ত প্ৰতিবাদৰ এক ফেচবুক লাইভও আমি পে’জটোত দেখিলোঁ য’ত প্ৰকৃত বেনাৰ-পোষ্টাৰবোৰ দেখা পোৱা গৈছে ।

ফলাফল
উক্ত ভাইৰেল ফটোখন ভুৱা হয় আৰু এডিট কৰি বিকৃত কৰা হৈছে । চিপিআই(এম) নেতা সীতাৰাম য়েচুৰীয়ে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে আৰু চীনৰ সমৰ্থনত শ্লোগান থকা বেনাৰ লৈ প্ৰতিবাদ কৰা নাছিল ।

Title:চিপিআই(এম) নেতা সীতাৰাম য়েচুৰীয়ে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে আৰু চীনৰ সমৰ্থনত শ্লোগান থকা বেনাৰ লৈ প্ৰতিবাদ কৰিছিল নেকি?
Fact Check By: Manjori BorkotokyResult: False