অসমত স্মাৰ্ট মিটাৰৰ প্ৰচলন আৰম্ভ হোৱাৰ পাছৰে পৰা অধিক হাৰৰ বিজুলী মাচুলে সাধাৰণ জনতাক আহুকালত পেলোৱা দেখা গৈছে। তাকে লৈ চ’ছিয়েল মিডিয়াতো বহুতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে সংবাদ মাধ্যমতো এই সম্পৰ্কত বিভিন্ন বাতৰি দেখা গৈছে।

তেনেকুৱা সময়তে ASSAMPRIME24 নামৰ এটা ৱেবচাইটত প্ৰকাশিত এক প্ৰতিবেদনে একাংশ লোকৰ দৃষ্টি আকৰ্শন কৰিছে। তেওঁলোকে প্ৰকাশ কৰা প্ৰতিবেদন মতে এটা ২৫০ টকীয়া যন্ত্ৰই মানুহৰ ঘৰৰ বিদ্যুতৰ বিল আধাতকৈয়ো কমলৈ লৈ আনিব পাৰে। অনলাইন শ্বপিং চাইটত উপলব্ধ এই যন্ত্ৰটো ঘৰত সংযোগ কৰিলে বিল আধাতকৈয়ো কম আহিব বুলি দাবী কৰি প্ৰতিবেদন প্ৰস্তুত কৰিছে। GC MAX Power Saver Electricity saver Power নামৰ সেই যন্ত্ৰটো ২৫০ পৰা ৩৫০ টকাৰ ভিতৰত উপলব্ধ বুলি উল্লেখ কৰিছে প্ৰতিবেদনত। সেই প্ৰতিবেদন আপোনালোকে ইয়াত পঢ়িব পাৰিব।

Archived Link

কিন্তু সঁচাকৈয়ে মেক্স পাৱাৰ চেভাৰ নামৰ সেই যন্ত্ৰটোৱে বিল আধাতকৈয়ো কমলৈ আনিব পাৰেনে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধান আৰম্ভ কৰি আমি প্ৰথমে গুগলত সেই নামৰ সামগ্ৰীটো উপলব্ধ শ্বপিং চাইট বিচাৰিবলৈ প্ৰাসংগিক কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। আমি অনলাইন শ্বপিং চাইটৰ কিছুমান লিংক পালোঁ। তাত তেনেকুৱা কেইবাটাও যন্ত্ৰৰ বিজ্ঞাপন আমি দেখিলোঁ। বিভিন্ন দামৰ বিজ্ঞাপান দিয়া হৈছে তাত।

প্ৰতিবেদনত উল্লেখ কৰা MAX নামৰ যন্ত্ৰটোৰ বিজ্ঞাপনো আমি পালোঁ।

এই যন্ত্ৰটো ঘৰত সংযোগ কৰিলো বিজুলী ৰাহি হয় বুলি দাবী কৰা হৈছে যদিও সেই অনলাইন শ্বপিং চাইটটোত এই যন্ত্ৰটোৰ বিজ্ঞাপনৰ তলত গ্ৰাহকে দিয়া ৰিভিউ অথবা মন্তব্য আমি পঢ়ি চালোঁ। তাত দেখিলোঁ যে সৰহ সংখ্যক গ্ৰাহকেই এই যন্ত্ৰটো উপযোগী নহয় বুলি অথবা একো সহায়ক কামৰ যন্ত্ৰ নহয় বুলি উল্লেখ কৰা দেখিলোঁ।

আমি ৱেবচাইটোৰ দাবী আৰু গ্ৰাহকৰ মন্তব্য লাভ কৰাৰ পাছত আৰু অধিক তথ্য লাভৰ বাবে এইবাৰ ইউটিউৱত এই সম্পৰ্কে কোনো তথ্য পাওঁ নেকি চালোঁ। আমি এটা ভিডিঅ’ পালোঁ যিটোত এই যন্ত্ৰটোৰ গুণ বখানি বিজ্ঞাপন দিয়া হৈছে। কিন্তু আন কেইটামান ভিডিঅ’ দেখিলোঁ য’ত যন্ত্ৰটো খুলি দেখুৱাই বুজাই দিয়া হৈছে যে প্ৰকৃততে দাবী কৰা ধৰণে এই যন্ত্ৰটোৱে বিজুলী ৰাহি কৰি বিলৰ পৰিমান হ্ৰাস নকৰে। তলত কেনেকুৱা দুটা ভিডিঅ’ সংলগ্ন কৰা হৈছে। আপোনালোকে চাব পাৰিব।

এইখিনি তথ্য লাভ কৰাৰ পাছত আমি অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানী,চমূকৈ এপিডিচিএলৰ জনসম্পৰ্কৰক্ষী বিষয়া শ্ৰীমতি প্ৰীয়ম দত্তৰ সৈতে যোগাযোগ কৰিলোঁ। তেখেতে জনায় যে তেনেকুৱা কোনো যন্ত্ৰ নাই, যিয়ে বিজুলীব্যয় হ্ৰাস কৰিব পাৰে। একোখন ঘৰে যিমান পৰিমানৰ বিজুলী ব্য়ৱহাৰ কৰিব, বিলো সেই পৰিমান অনুসৰিয়েই আহিব। গতিকে এইধৰণে কোনো যন্ত্ৰই বিল হ্ৰাস কৰি দিব বুলি কৰা দাবীবোৰ আচলতে বিভ্ৰান্তিকৰ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ASSAMPRIME24 নামৰ ৱেবটাইটটোৱে কৰা দাবীটো সম্পূৰ্ণ সত্য নহয়। যদিও যন্ত্ৰটো প্ৰস্তুতকৰ্তাই দাবী কৰে যে এই ২৫০ বা ৩৫০ টকীয়া সৰু যন্ত্ৰটোৱে বিজুলীব্যয় হ্ৰাস কৰি বিলৰ পৰিমান আধালৈ লৈ আহিব, কিন্তু এইটো ব্যৱহাৰ কৰা একাংশ গ্ৰাহকে এই যন্ত্ৰটোক একেবাৰেই উপযোগী নহয় বুলি মন্তব্য কৰিছে। তদুপৰি একাংশ লোকে এই যন্ত্ৰটো খুলি ভিডিঅ’ কৰি দেখুৱাই দিছে যে ই আচলতে দাবী কৰা ধৰণে কাম নকৰে। আনকি এপিডিচিএলৰ জনসম্পৰ্কৰক্ষী বিষয়াও স্পষ্ট কৰিছে যে তেনেকুৱা কোনো যন্ত্ৰ নাই যিয়ে ব্যৱহৃত বিজুলীৰ বিপৰীতে বিলৰ পৰিমান হ্ৰাস কৰি দিব পাৰে। গতিকে ৱেবচাইটটোৱে কৰা দাবীটো আমি বিভ্ৰান্তিকৰ বুলি অভিহিত কৰিম। কাৰণ ৱেবচাইটটোৰ প্ৰতিবেদনৰ অন্তত তেওঁলোকেও লিখি দিছে যে ই কিমান উপযোগী সেয়া অভিযন্তাই হে জানিব। গতিকে এনেকুৱা যন্ত্ৰ ক্ৰয় কৰাৰ আগতে এবাৰ চিন্তা কৰিব ল’ব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এটা ২৫০ টকীয়া যন্ত্ৰই বিদ্যুতৰ বিল আধাতকৈয়ো কম কৰি দিব পাৰে নেকি? সঁচানে?

Written By: Pranjal Sharma

Result: Misleading