কানাডাই শেহতীয়াকৈ ইয়াৰ নাগৰিকৰ বাবে ভাৰত ভ্ৰমণ সম্পৰ্কে ভ্ৰমণ উপদেশ জাৰি কৰি ভাৰত ভ্ৰমণত বাধা আৰোপ কৰিছে নেকি?

শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ মাজত ঘটা কূটনৈতিক সংঘাতৰ পিছতে চ’চিয়েল মেডিয়াত বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হোৱা দেখা গৈছে। এনে সময়তে ফেচবুকত এটা বাতৰি প্ৰচাৰ কৰা হৈছে যে কানাডাই ইয়াৰ নাগৰিকৰ বাবে নতুন ভ্ৰমণ উপদেশ জাৰি কৰিছে আৰু অসম, মণিপুৰ, জম্মু কাশ্মীৰ আদি ঠাইলৈ নাযাবলৈ কৈছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

কোৰাণৰ আয়াতেৰে ৰাজস্থানৰ ছালুম্বৰ জিলা উদ্বোধন কৰা হৈছিল নেকি? সত্যটো কি?  

শেহতীয়াকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বিধানসভাত নিজৰ ৰাজ্যৰ ১৯খন নতুন জিলা ঘোষণা কৰে। ইয়াৰ পাছত নতুন জিলা ছালুম্বাৰৰ উদ্বোধনী অনুষ্ঠানৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ইয়াত আপুনি দেখিব পাৰে যে মঞ্চত এজন মৌলৱীয়ে মাইকত কোৰাণৰ আয়াত পাঠ কৰি ছালুম্বাৰ জিলাৰ উদ্বোধনী অনুষ্ঠানৰ কথা কৈছে। ইয়াৰ সমান্তৰালকৈ কোৰাণৰ এটা আয়াত পাঠ কৰি ছালুম্বাৰ জিলা উদ্বোধন […]

Continue Reading

দেৱেন্দ্ৰ ফা়ডনবিছে বীৰ সাৱাৰকাৰক সমকামী,ক্ষমাপ্ৰাৰ্থী আদি বুলি কৈছে নেকি? সত্যটো কি?

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ফডনৱিছে বিনায়ক দামোদৰ সাৱাৰকাৰক লৈ অপমানজনক মন্তব্য কৰা দেখা গৈছে। মহাৰাষ্ট্ৰ বিধানসভাত হিন্দুত্ববাদী মতাদৰ্শবাদী ভি.ডি. সাৱৰকাৰক ফাডনবিছে অপমান কৰা বুলি দাবী কৰি এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।  ১০ চেকেণ্ডৰ ভাইৰলে ভিডিঅ’ ক্লিপটোত শুনা গৈছে যে “Veer Savarkar was an apologist, Veer Savarkar was […]

Continue Reading

মণিপুৰত এয়া কুকি আৰু মেইটেই গায়িক-গায়িকাৰ যুটী হয় নেকি? সত্যটো কি?

মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষৰ মাজতে এতিয়াও মণিপুৰত তীব্ৰ চাঞ্চল্যকৰ  পৰিবেশ বিৰাজ কৰি আছে। এনেকুৱা এক পৰিবেশতেই দুই গায়ক-গায়িকাই এটি পুৰণি হিন্দী গীত ‘হম আপ কি আংখোন মেইন’ গাই থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। দাবী কৰা হৈছে যে এই দুজন গায়ক-গায়িকা মণিপুৰৰ কুকি আৰু মেইটি সম্প্ৰদায়ৰ। আনকি উচ্চতম ন্যায়ালয়ৰ […]

Continue Reading

মণিপুৰত বিজেপি,আৰএছএছ নেতাক খেদি খেদি প্ৰহাৰ কৰা হৈছেনে? সত্যটো কি?

শেহতীয়াভাৱে মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা জনগোষ্ঠীয় সংঘাতৰ পাছত ব্যাপক হিংসাই ৰাজ্যখনক জোকাৰি গৈছে। মণিপুৰৰ দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰোৱাই যৌন নিৰ্যাতন চলোৱা এটা আমনিদায়ক ভিডিঅ’ই সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি কৰিছে। এই পটভূমিতে মণিপুৰৰ সৈতে জড়িত বুলি বহুতো ফটো আৰু ভিডিঅ’ৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে। গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধা পুৰুষৰ […]

Continue Reading

এই ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা নাছিল।

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। “ইজিপ্টৰ ১০০০ বছৰ পুৰণি এখন মছজিদত আমাৰ মোদী চাহাব” শীৰ্ষক ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা দেখা গৈছে। Facebook Link | Archived Link তেনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো চাব পাৰিব। আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

ইউনিফৰ্ম চিভিল কোডৰ সমৰ্থনত মিছ্ড কলৰ বাবে ভাইৰেল হোৱা নম্বৰটোৰ সত্যতা কি?

শেহতীয়াকৈ ইউনিফৰ্ম চিভিল কোড(UCC)ৰ সমৰ্থনত মিছ্ড কল দিবলৈ এটা বিশেষ নম্বৰ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। নম্বৰটো হ’ল 09090902024। এই দাবীৰে শ্বেয়াৰ হোৱা এটা পোষ্ট আমি ফেচবুকতো পালোঁ। পোষ্টটোত লিখা আছিল এইদৰে,”ইউনিফৰ্ম চিভিল কোড আইন টোক সমৰ্থন দিয়াৰ বাবে তলত উল্লেখ কৰা ওয়েভ চাইটত প্ৰৱেশ কৰি নিজৰ নাম, মোবাইল নম্বৰ, ঠিকনা আৰু জিলা, ৰাজ্যৰ […]

Continue Reading

জে.পি. নাড্ডাই প্ৰধানমন্ত্ৰী মোদীক নীচ,সাপ,বৃশ্চিক,নিৰক্ষৰ,চাহ বেপাৰী বুলি কৈছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডাৰ ভাষণৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰা দেখা গৈছে। তাত আপুনি দেখিব যে নাড্ডাই কৈছে -”মোদী তুমি নীচ, মোদী তুমি সাপ, মোদী তুমি বৃশ্চিক, মোদী তুমি অশিক্ষিত, মোদী তুমি চাহ বেপাৰী”। দাবী কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীক লৈ এই সকলোবোৰ কৈছে স্বয়ং সভাপতি জে.পি.নাড্ডাই। টুইটাৰত ভাইৰেল হোৱা ভিডিঅ’টোৰ লগত গিৰিশ […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীক শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত দৰ্শকে অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল নেকি? সত্যটো কি?

শেহতীয়াভাৱে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চত কেইবাজনো লোকৰ সৈতে হাত মিলাই থকা এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হৈ পৰিছে। প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত সেই অনুস্থানত উপস্থিত থকা একাংশ লোকে মোদীৰ প্ৰতি লক্ষ্য কৰি গালি-গালাজ কৰিছিল বুলি দাবী কৰি এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত মোদীয়ে মঞ্চত থিয় হৈ থকা দেখা গৈছে আৰু তাত […]

Continue Reading

প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ সময়ত ব্যাপক প্ৰতিবাদ হৈছে নেকি? সত্যটো কি?

 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২০ জুন,২০২৩ত আমেৰিকা ভ্ৰমণৰ প্ৰথম পৰ্যায়ত নিউয়ৰ্কত উপস্থিত হয়। ২১ জুনত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব লয় মোদীয়ে। তাৰ পাছত ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয় ৱাশ্বিংটনত।  এই প্ৰেক্ষাপটতে,মোদী বিৰোধী কিছুমান পোষ্টাৰৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু শেহতীয়াকৈ মোদীৰ আমেৰিকা ভ্ৰমণৰ মাজতে সেইবোৰ […]

Continue Reading