ৰাস্তাত সিঁচৰতি হৈ থকা মাছৰ এই ভাইৰেল ফটোখন গুৱাহাটীৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল কেইটামান বাতৰিৰ ক’লাজ। তাত লিখা আছিল এইকেইটা বাক্য: * ৩১ মে’ সন্ধিয়াৰ খবৰ * ভয়ংকৰ পথ দুৰ্ঘটনা এটা পৰিয়াল শেষ হ’ল * গুৱাহাটীত বৰষুণৰ সৈতে হৰি পৰিছে মাছএই বাক্যকেইশাৰীৰ লগতে দুখন ফটোও আছিল তাত ক’লাজ কৰা। এখন ফটো আছিল কোনো এক দুৰ্ঘটনাৰ আৰু আনখন ফটো […]

Continue Reading

টাটা গ্ৰুপে ৰাষ্ট্ৰপতি কোবিন্দৰ কন্যাক স্থানান্তৰ কৰা নাছিল; বাতৰিটো পুৰণি 

এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ কাষত থিয় হৈ থকা দুগৰাকী এয়াৰহোষ্টেছক দেখুওৱা এখন ছবি ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে যে ছবিখনত ৰাষ্ট্ৰপতি কোবিন্দৰ জীয়েকক দেখুওৱা হৈছে যাক টাটা কৰ্তৃপক্ষই শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পদৰ পৰা এক আভ্যন্তৰীণ পদলৈ স্থানান্তৰ কৰিছে।  পোষ্টটোত দাবী কৰা হৈছে যে তেওঁক নিৰাপত্তাজনিত কাৰণত টাটা কৰ্তৃপক্ষই  স্থানান্তৰ কৰিছে ।  Facebook Link […]

Continue Reading

ৰাষ্ট্ৰপতি কোবিন্দে দেশৰ সকলো ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড ঘোষণা কৰা নাই

অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ থকা এটা পোষ্টত দাবী কৰা হৈছে যে ভাৰতীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সকলো ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড ঘোষণা কৰিছে। পোষ্টটো এখন পোষ্টাৰৰ সৈতে শ্বেয়াৰ কৰা হৈছে য’ত ৰাষ্ট্ৰপতিৰ ছবি আছে । ইয়াক নিম্নলিখিত শিৰোনামৰ সৈতে শ্বেয়াৰ কৰা হৈছে: “এতিয়াৰ পৰা ধৰ্ষণ কৰিলেই চিধা ফাঁচী” ঘোষণা কৰিলে দেশৰ মহামান্য ৰাষ্ট্ৰপতিয়ে। আদৰণি জনাইছোঁ […]

Continue Reading

ভিডিঅ’ত থকা প্ৰাণীটো ‘লক নেছ’ দৈত্য নহয়!

দৈত্য মাছৰ দৰে দেখা পানীত সাঁতুৰি থকা এটা প্ৰাণীৰ ভিডিঅ’ ভাইৰেল হৈ আছে আৰু দাবী কৰা হৈছে যে ই হৈছে ‘লক নেছ’ মনষ্টাৰ যি স্কটলেণ্ডৰ লোক কাহিনীৰ এটা অংশ হিচাবে জনাজাত হয় ।  ১১ এপ্ৰিল, ২০২২ তাৰিখে নিশা ৮:৫১ বজাত টাইম৮ পৃষ্ঠাৰ দ্বাৰা প্ৰকাশিত ফেচবুক পোষ্টটো ইয়াত দিয়া হৈছে। পোষ্টৰ শিৰোনামটোত উল্লেখ কৰা হৈছে “এটা […]

Continue Reading

FACT CHECK: জনৈক চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ সময়ৰ এখন ফটো ভাৰত-চীনৰ সৈন্যৰ মাজত হোৱা হতাহতিৰ ফটো বুলি ভাইৰেল!

শেহতীয়াকৈ, অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনা সৈন্যৰ মাজত এক সংঘৰ্ষ হৈছিল। বাতৰি প্ৰতিবেদনত কোৱা হৈছে যে প্ৰায় ২০০ চীনা সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। চীনা সৈন্যসকলক ভাৰতীয় সেনাই চমুকৈ আটক কৰিছিল।  চীনা সৈন্য আৰু ভাৰতীয় সৈনিকৰ মাজৰ সংঘৰ্ষ বিষয়ে ইণ্টাৰনেটত এখন ছবি ভাইৰেল হৈ আছে। ছবিখন কেপশ্বনৰ সৈতে […]

Continue Reading

FACT CHECK: পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল!

বিতৰ্কিত চুইডিছ শিল্পী লাৰ্ছ ভিল্কছ ২০২১ চনৰ ৪ অক্টোবৰত এটা গাড়ী দুৰ্ঘটনাত নিহত হৈছে । উল্লেখযোগ্য যে এটা কুকুৰৰ সৈতে পয়গম্বৰ মহম্মদক অংকন কৰাৰ পিছত ধৰ্মান্ধসকলৰ দ্বাৰা তেওঁক দুবাৰ হত্যাৰ চেষ্টা চলোৱা হৈছিল । চুইডেনত প্ৰৰোচনাকাৰী শিল্পীজনৰ মৃত্যুৰ অলপ পিছতে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত কিছুমান ছবি ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে দাবী কৰিছে যে এই ফটোবোৰ […]

Continue Reading

FACT CHECK: এই ভাইৰেল ফটোখনত ৰাষ্টাটোত আঁকি থোৱা বেঁকা ৰেখাডালৰ আঁৰৰ কাহিনী বেলেগ হয়

এটা ৰাষ্টাত গছৰ পাতৰে সৈতে পৰি থকা ডাল এটাৰ কাষত এটা বেঁকা ৰেঁখা অঁকা এখন ফটো বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন দাবীৰে আপলোড কৰা হৈছে। তাৰ মাজতে কিছুমানে শিক্ষা ব্যৱস্থাক ঠাট্টা কৰি মন্তব্য কৰিছে আৰু কিছুমানে বিভিন্ন কেপছন দি মীম শ্বেয়াৰ কৰিছে। কিছুমানে দাবী কৰিছে যে এয়া তামিলনাডুৰ এক বিশেষ স্থান আৰু এয়া অদক্ষ কৰ্মচাৰীৰ […]

Continue Reading

FACT CHECK: কাজিৰঙাৰ বুলি ভাইৰেল হোৱা বগা হৰিণৰ ফটো দুখনৰ এখন পুৰণি আৰু আমেৰিকাৰ হয়!

শেহতীয়াকৈ বগা ৰঙৰ হৰিণৰ দুখন ফটো এই দাবীৰে অসমত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বগা হৰিণ ওলাইছে আৰু এই দুখন তাৰেই ফটো । তাৰে এখন ফটো অলপ ধুৱলি কুৱলি আৰু আনখন খুৱ স্পষ্ট য’ত এটা ধুনীয়া বগা ৰঙৰ হৰিণ দেখা গৈছে। কাজিৰঙাত বগা হৰিণ দেখা বুলি কৈ বহুকেইটা ফেচবুক পোষ্ট শ্বেয়াৰ […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টো অসমৰ শিৱসাগৰৰ শেহতীয়া ভিডিঅ’ নহয়

শিৱৰাত্ৰী উৎসৱ দেশৰ অন্য প্ৰান্তৰ দৰে অসমতো অতি উলহ মালহেৰে পালন কৰা হৈছিল। বিশেষকৈ উজনিৰ শিৱসাগৰ জিলাৰ শিৱদ’লত লোকে লোকাৰণ্য হৈ পৰে এইবছৰ। তাৰ মাজতে অসমত হোৱাটছএপ আৰু আন ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন মেলাত আয়োজন কৰা ‘মৌত কা কুৱা’ত এটা দুৰ্ঘটনা হয় আৰু এজনী ছোৱালী পৰি যোৱাত […]

Continue Reading

FACT CHECK: এগৰাকী ব্যক্তিয়ে ৰুটীৰ ওপৰত থুৱাই থকা মিৰাটৰ এটা ভিডিঅ’ হাইদৰাবাদৰ বুলি ভাইৰেল হৈছে ।

ৰুটী বনাই থকোতেই এজন লোকে সেই ৰুটীৰ ওপৰত থুৱাই থকা এটা অস্বস্তিকৰ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এইটো হাইদৰাবাদৰ হয় । ভিডিঅ’টোত হিন্দীতে লিখা কথাখিনি হৈছে,”নাম্পেলীৰ ৰেড ৰ’জত এজন লোকে নান কি ৰোটী বনাই আছে আৰু প্ৰতিখন ৰুটীতে থুৱাই আছে।” ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ভিডিঅ’টোৰ সত্যতা নিৰূপনৰ বাবে এজন […]

Continue Reading