মমতা বেনাৰ্জীৰ ভৰিত প্লাষ্টাৰ লগোৱা অৱস্থাৰ ফটোখন শেহতীয়া দুৰ্ঘটনাৰ নহয়।

শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নিজ বাসগৃহত এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। খবৰ অনুসৰি দক্ষিণ কলকাতাৰ বেলিগঞ্জত অনুষ্ঠিত এক অনুষ্ঠানৰপৰা উভতি অহাৰ পিছত ৬৯ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে নিজ বাসগৃহত পিছলি পৰি ঘৰৰ আচবাবত খুন্দা মৰাৰ ফলত মূৰত আঘাত পায়। ইয়াৰ পিছতে চ’চিয়েল মিডিয়াত এই সম্পৰ্কে বাতৰি প্ৰকাশ হোৱাৰ লগতে বিভিন্ন ফটো ভাইৰেল হৈ পৰে। […]

Continue Reading

কেমেৰাৰ সমুখত মহিলাক প্ৰহাৰ কৰা এই ভিডিঅ’টো সন্দেশখালিৰ নহয়।

উত্তৰ ২৪ পৰগনাৰ সন্দেশখালি বিধান সভা সমষ্টি বিগত কিছুদিনৰ পৰা উত্তপ্ত হৈ পৰিছে। স্থানীয় টিএমচিৰ নেতাসকলৰ ওপৰত যৌন নিৰ্যাতন আৰু ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ মহিলাসকলে। গাঁওবাসীৰ এটা অংশই কয় যে এই অপৰাধ ৰোধ কৰিবলৈ আৰক্ষীয়ে গাঁওবাসীক সহায় কৰা নাছিল। ইফালে মহিলা আয়োগে নিজাকৈ প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত মহিলাৰ ওপৰত যৌন নিৰ্যাতনৰ বিষয়ে স্পষ্ট […]

Continue Reading

অসমত ব্ৰ‌ইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নেকি?

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এটা বাতৰি ভাইৰেল হৈছে য’ত কোৱা হৈছে যে বাৰ্ড ফ্লুৰ বাবে অসমত ব্ৰ‌ইলাৰ মুৰ্গীৰ মাংস নিষিদ্ধ কৰা হৈছে। Facebook Link | Archived Link তেনে এটা পোষ্ট আমি ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভাইৰেল ভিডিঅ’টো প্ৰথমে ভালদৰে চালোঁ। ভিডিঅ’টোৰ ১:০১ […]

Continue Reading

২০২১ চনৰে ফটো বৰ্তমানৰ বুলি ব্যৱহাৰ কৰি চৰকাৰে ৰাজপথত গজাল পোতা বুলি দাবী কৰি ফেচবুকত পোষ্ট দিয়া হৈছে।    

শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত ৰাজধানী দিল্লীলৈ বুলি অগ্ৰসৰ হোৱা কৃষকৰ আন্দোলনক কেন্দ্ৰ কৰি কিছুমান আলোকচিত্ৰ বিয়পি পৰিছে। বিশেষকৈ সীমান্তৱৰ্তী ঠাইত কৃষকক প্ৰতিহত কৰিবলৈ মোদী চৰকাৰে ৰাজপথত বৰ বৰ গজাল পুতি দিছে বুলি দাবী কৰি সেই ফটোবোৰ ব্যৱহাৰ কৰিছে আৰু ফেচবুক আদিত পোষ্ট কৰা দেখা গৈছে। তেনেকুৱা এটা পোষ্টত ব্যৱহাৰকাৰীয়ে তিনিখন ফটো আপলোড কৰা দেখা গৈছে। […]

Continue Reading

পুৰণি ভিডিঅ’ উত্তৰাখণ্ডৰ শেহতীয়া হিংসাত্মক ঘটনাৰ বুলি ভাইৰেল হৈছে।

শেহতীয়াকৈ উত্তৰাখণ্ড চৰকাৰে হালদ্বানীত অবৈধ মাদ্ৰাছা ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ ফলত চহৰখনত অশান্তিৰ সৃষ্টি হয়। অঞ্চলটোত দুষ্কৃতিকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা আৰু বাহনত অগ্নিসংযোগ কৰাৰ খবৰ পোৱা গৈছে। এই ঘটনাত বহু আৰক্ষী বিষয়া আহত হয়। এই সম্পৰ্কে বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তদুপৰি শেহতীয়াকৈ উত্তৰাখণ্ডত ইউনিফৰ্ম চিভিল ক’ড বলৱৎ হোৱাৰ […]

Continue Reading

৫বছৰ পুৰণি ফটো মডেল পুনম পাণ্ডেৰ মৃতদেহ বুলি ব্যৱহাৰ কৰা হৈছে।

দেশৰ চৰ্চিত আৰু বহু সময়ত বিতৰ্কিত মডেল-অভিনেত্ৰী পুনম পাণ্ডেৰ ৩২ বছৰ বয়সত চাৰ্ভাইকেল কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ হোৱাৰ লগে লগেই চৌপাশে এক আশ্বৰ্যৰ বাতাবৰণ সৃষ্টি হয়। অনুৰাগীসকলে সেই কথা মানি ল’বলৈ টান পায় আৰু শোক প্ৰকাশ কৰে। সেই প্ৰেক্ষাপটতে মৃত্যুশয্যাত পুনম পাণ্ডে বুলি দাবী কৰি এখন ফটো ভাইৰেল হৈ পৰিছে। এগৰাকী […]

Continue Reading

এই ফটোখন সাগৰৰ তলৰ দ্বাৰকা নগৰৰ নহয়।

শেহতীয়াকৈ গুজৰাট চৰকাৰে পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজনৰ কথা ঘোষণা কৰিছে। ছাবমেৰিনেৰে সাগৰ তলীৰ দ্বাৰকা নগৰ দৰ্শন কৰাৰ সুবিধা কৰিবলৈ মাজাগন ডক শ্বিপয়াৰ্ডৰ সৈতে গুজৰাট চৰকাৰৰ চুক্তি হৈছে। এই সম্পৰ্কে বাতৰি বিভিন্ন কাকতত প্ৰকাশ পোৱাৰ লগতে চ’চিয়েল মেডিয়াতো শ্বেয়াৰ কৰা হৈছে। এই বাতৰিটো শ্বেয়াৰ কৰি এজন ফেচবুক ব্যৱহাৰকাৰীয়ে তেওঁৰ পোষ্টত এখন বাতৰি কাকতৰ পৃষ্ঠাৰ এটা […]

Continue Reading

এই ভিডিঅ’টো উত্তৰকাশীৰ সুৰংগত আবদ্ধ শ্ৰমিকক উলিয়াই অনাৰ দৃশ্যৰ নহয়।

১৭ দিন পিছত উত্তৰকাশী সুৰংগ দুৰ্ঘটনাত এক বৃহৎ সফলতা লাভ কৰা হৈছে । অৱশেষত সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনাৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে, এই প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত হেলমেট পিন্ধা একাংশ লোকে বহল পাইপত পৰি থকা ৰছী টানি থকা দেখা গৈছে। কিছু সময়ৰ পাছত পাইপৰ […]

Continue Reading

মহিলা হকী বিশ্বকাপৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰা দাবীটো সঁচা নহয়।   

শেহতীয়াভাৱে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। ভাৰতীয় মহিলা হকী দলটোৱে কোনো এখন খেলত জয়লাভৰ অন্তত ট্ৰফীটো হাতত লৈ আনন্দ উল্লাস কৰা ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে ভাৰতীয় মহিলা হকী দলটোৱে মহিলা হকীৰ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ভাৰতীয়া ক্ৰিকেট দলটোক পৰাস্ত কৰাৰ পোতক তুলিলে।  এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো […]

Continue Reading

গোলাবৰ্ষণৰ এই ভিডিঅ’টো ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়।

ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ইয়াৰ মাজতে গোলাবৰ্ষণৰ এক ভিডিঅ’ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ বুলি ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। এই ভিডিঅ’টোৰ ৯ ছেকেণ্ডত থকা দৃশ্যাংশত গোলাবৰ্ষণৰ ভিডিঅ’টো দেখা গৈছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading