FACT CHECK: আৰক্ষীয়ে কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰি থকা ভিডিঅ’টো আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ নহয়

দুজন আৰক্ষীয়ে মদ খাই আনন্দ কৰি থকা সময়ৰ এটা ১৯ চেকেণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমুহত ভাইৰেল হৈ পৰিছে।  দুজন আৰক্ষীৰ লোকে কৰ্তব্যত নিয়োজিত হৈ থকা সময়তে মদ খাই থকা এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল কৰা হৈছে যে এই ঘটনাটো অতি শেহতীয়া আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কাৰ্যকালৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে। ভাইৰেল ভিডিঅ’টোত […]

Continue Reading

FACT CHECK: ফ্লিপকাৰ্টৰ ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ বুলি ভাইৰেল হোৱা মেছেজটো ভূৱা

“ফ্লিপকাৰ্ট ১৫সংখ্যক বৰ্ষপুৰ্তি উপহাৰ’ নামৰ এটা লিংক ছোচিয়েল মিডিয়াত এই দাবীৰে ভাইৰেল কৰা হৈছে যে সেই লিংকত ক্লিক কৰি  কোনো লোকে এক অনলাইন চাৰ্ভেইত অংশ লৈ  “এমআই এলেভেন লাইট স্মাৰ্টফোন” জয় কৰিব পাৰিব। অসমত এই লিংকটো হোৱাটছএপযোগে ভাইৰেল হৈ পৰিছে। একেটা মেছেজেই আমাৰ ২৪ঘন্টা আৰু সাতো দিন খোলা থকা ফেক্টলাইন নম্বৰ 904 905 3770লৈয়ো সত্যাসত্য […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টোত দিল্লী সংঘৰ্ষৰ অভিযুক্ত মহম্মদ চিৰাজক গুজৰাট ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰা নাই

ছ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ এই দাবীৰে ভাইৰেল হৈ পৰিছে যে গুজৰাট ক্ৰাইম ব্ৰান্সে দিল্লী সংঘৰ্ষৰ অভিযুক্ত মহম্মধ চিৰাজক গ্ৰেপ্তাৰ কৰিছে। চিচিটিভি কেমেৰাত বন্দী হোৱা এক দৃশ্যত এখন জনবহুল ধাবাত কেইজনমান লোকে এখন টেবুলৰ চাৰিওফালে বহি থকা দেখা গৈছে, যাৰ মাজৰ এজনৰ হাতত এটা মাৰনাস্ত্ৰ আছে। এয়া তেনেকুৱা কেইটামান পোষ্ট: Original Link: Facebook | Archived Link […]

Continue Reading

FACT CHECK: হত্যাত অভিযুক্তক হস্পিতালৰ বিচনাত শিকলিৰে বান্ধি থোৱা ফটোকে ষ্টেন স্বামী বুলি শ্বেয়াৰ কৰা হৈছে

এগৰাকী বৃদ্ধলোকক অক্সিজেন দি থকা আৰু হস্পিতালৰ বিচনাত ভৰিত শিকলিৰে বান্ধি থোৱা এখন ফটো ছোচিয়েল মিডিয়াত ভাইৰেল কৰি দাবী কৰা হৈছে যে সেয়া প্ৰয়াত ফাডাৰ ষ্টেন স্বামী। এলগাৰ পৰিষদ কাণ্ডৰ অন্যতম অভিযুক্ত ৰাজহুৱা কৰ্মী ফাডাৰ ষ্টেন স্বামীৰ হৃদৰোগৰ ক্ৰিয়া বন্ধ হৈ মুম্বাইৰ হ’লি ফেমিলী হাস্পতালত যোৱা ৫ জুলাইত দেহাৱসান ঘটে বুলি তেওঁৰ কাউনচেলে বোম্বে হাই […]

Continue Reading

FACT CHECK: ইছৰ’য়ে সমগ্ৰ বিশ্বৰে ৰেডিঅ’ ষ্টেশ্বনসমুহ শুনিব পৰা সুবিধা থকাকৈ ৰেডিঅ’ গাৰ্ডেন পৰ্টেল স্থাপন কৰা নাই

এটা হোৱাটছএপ ভাইৰেল মেছেজে দাবী কৰিছে যে ইণ্ডিয়ান স্পেছ ৰিছাৰ্ছ অৰ্গেনাইজেশ্বন (ইছৰ’)য়ে এটা পৰ্টেল স্থাপন কৰিছে, যাৰ জৰিয়তে বিশ্বৰ বিভিন্ন ৰেডিঅ’ ষ্টেশ্বন যিকোনো স্থানৰ পৰা শুনিব পৰা যায়।  মেছেজটোত লিখা হৈছে,  “এতিয়া আপুনি ইয়েৰফোন ব্যৱহাৰ নকৰাকৈয়ে বিশ্বৰ বিভিন্ন ৰেডিঅ’ ষ্টেশ্বন শুনিবলৈ সক্ষম হব। ইয়াৰ উদ্ভাৱন কৰিছে ইছৰ’ৱে। আপুনি লিংকটোত ক্লিক কৰাৰ লগে লগেই পৃথিৱীখন ঘুৰি […]

Continue Reading

FACT CHECK: দুখন ফটোৰ এই ক’লাজখন ‘আইএএছ’ পৰীক্ষাত তৃতীয় স্থানপ্ৰাপক মিছ ৰেৱতীৰ নহয়

দুখন ফটোৰে প্ৰস্তুত কৰা এখন ক’লাজৰ সৈতে এটা ফেচবুক পোষ্ট শেহতীয়াভাৱে অসমৰ ফেচবুকত ভাইৰেল হৈ পৰিছে, য’ত উল্লেখ কৰা হৈছে সেইয়া আইএএছৰ পৰীক্ষাত তৃতীয় স্থান প্ৰাপকৰ ফটো বুলি। উক্ত ভাইৰেল পোষ্টটো ৰ  বাজি  মিনিটত নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা আপলোড কৰা হৈছে আৰু উক্ত পোষ্টটো বৰ্তমানলৈকে বাৰ শ্বেয়াৰ কৰা হৈছে । এনে ধৰণৰ আন কিছু […]

Continue Reading

FACT CHECK: ইণ্ডিয়ান অইল কৰ্প’ৰেশ্বন লিমিটেডে মোবাইল ফোন,টিভি আদি বিনামূলীয়া উপহাৰ সহিতে কোনো ধৰণৰ লাকী ড্ৰ ঘোষণা কৰা নাই।

শেহতীয়াভাৱে অসমত হোৱাটছএপৰ জৰিয়তে এটা মেছেজ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্বন লিমিটেডে মোবাইল ফোন,টিভি,বিনামূলীয়া উপহাৰ আদিৰ এক লাকী ড্ৰ তেওঁলোকৰ ৪০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰিছে।  আইঅ’চিএলক উপলক্ষ্য কৰি ভাইৰেল কৰা এই মেছেজটো ফেচবুক,টুইটাৰ আৰু হোৱাটছপত বহুলভাৱে প্ৰচাৰ হৈছে।  একেটা মেছেজেই আমাৰ ২৪ঘন্টা আৰু সাতো দিন খোলা থকা ফেক্টলাইন নম্বৰ 904 905 […]

Continue Reading

EXPLAINER: অসমত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্পৰ ভাইৰেল আগজাননীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিশেষকৈ অসমৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত এখন ফটো বা পোষ্ট ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা যে বৈজ্ঞানিকৰ মতে অসমত ৮ ৰিখটাৰ স্কেলতকৈ অধিক প্ৰাবল্যৰ এক ভূমিকম্প হবলৈ গৈ আছে । এই দাবী ভাইৰেল হৈ পৰিছে আৰু স্বাভাৱিকতেই সাধাৰণ জনতাৰ মাজত আতংকৰ সৃষ্টি হৈছে ।  যিহেতু ভূমিকম্পৰ দৰে ভূগৰ্ভৰ বিষয় সম্বন্ধে গৱেষণা, […]

Continue Reading

EXPLAINER: জীৱন্ত কৰ’ণা ভাইৰাছ ভৰলু আৰু বাহিনী নৈত পোৱা গৈছে নেকি?

আইআইটি গান্ধীনগৰৰ এক গৱেষণাৰ ফলাফলে শেহতীয়াভাৱে সংবাদ শিৰোনাম দখল কৰাৰ লগতে সকলোতে আতংকৰ সৃষ্টি কৰিছে।  এই গৱেষণাৰ উদ্ধৃতি দি সংবাদ প্ৰতিস্থানৰ ৱেবচাইটে বাতৰি কৰিছে যে বিজ্ঞানীসকলে কৰ’ণাভাইৰাছৰ অৱশেষ লাভ কৰিছে গুজৰাটৰ আহমেদাবাদৰ সাৱৰমতি নদীত আৰু গুৱাহাটীৰ ভৰলু আৰু বাহিনী নদীত।  এই খবৰে ভাইৰেল মেছেজ আৰু পোষ্টৰ ৰূপত ‘কৰ’ণাভাইৰাছ খোৱাপানীত পোৱা গৈছে’ বুলি দাবী কৰি ছ’চিয়েল […]

Continue Reading

FACT CHECK: দিল্লীৰ এক সংঘৰ্ষৰ ভিডিঅ’ লনি কাণ্ডৰ সৈতে ভুলকৈ সংযোগ কৰি প্ৰচাৰ কৰি থকা হৈছে

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দিল্লীৰ গাতে লাগি থকা লনি অঞ্চলত এজন বয়োজ্যেষ্ঠ মু্ছলমান ব্যক্তিক কেইজনমান মানুহে প্ৰহাৰ কৰি থকা দেখা গৈছে। একেই কাণ্ডৰ সৈতে সম্পৰ্ক থকা আন এটা ভিডিঅ’ত এই ব্যক্তিগৰাকীয়ে দাবী কৰিছে যে আক্ৰমনকাৰীয়ে তেওঁৰ দাড়ি কাটি পেলাইছে আৰু তেওঁক ‘জয় শ্ৰী ৰাম’ বুলি ক’বলৈ বাধ্য কৰিছে। কিন্তু উত্তৰ […]

Continue Reading