
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ থাম্বনেইলত লিখা আছিল, “ভাৰত মে মধুমেহ কি মহামাৰী পৰ বিজয় প্ৰাপ্ত কি গই হ্যে! মধুমেহ কো অলৱিদা কহে” (ভাৰতত মধুমেহ জয় কৰা হৈছে! মধুমেহৰ পৰা বিদায় লওক)। ভিডিঅ’টোত যোগী আদিত্যনাথে কয় যে এই ঔষধ ভাৰতীয় বিজ্ঞানীয়ে প্ৰস্তুত কৰিছে আৰু যিয়েই ৱেবছাইটত গৈ ঔষধ ক্ৰয় কৰিব তেওঁক ভগৱানে সন্মানিত কৰিব।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভাইৰেল ভিডিঅ’টোত “আজ টক” চেনেলটোৰ ল’গ’ দেখা পোৱা গৈছিল আৰু “#PanchayatAajTakUP”বুলিও লিখা আছিল।

ইয়াকে সমল হিচাপে লৈ আমি ইউটিউবত কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ৭ আগষ্ট ২০২১ তাৰিখে “আজ টক”ৰ অফিচিয়েল ইউটিউব চেনেলৰ দ্বাৰা আপলোড কৰা এটা ভিডিঅ’ পালোঁ।ভিডিঅ’টোৰ কেপচনত লিখা আছিল, “CM Yogi Adityanath Exclusive I BJP Mission 300 I UP Election 2022 I Panchayat AajTak UP” . ভিডিঅ’টোৰ বৰ্ণনা অনুসৰি আলোচনাৰ বিষয় আছিল বিজেপিৰ মিছন ৩০০।
এই ভিডিঅ’টোৰ ৩০:০ টাইমষ্টেম্পৰপৰা ৩০:৪৫লৈকে ভাইৰেল ভিডিঅ’টো আমি দেখা পালোঁ। তাত যোগী আদিত্যনাথে মধুমেহ ৰোগৰ ঔষধৰ বিষয়ে নহয়, ৰাজ্যত কৰ’না ভাইৰাছৰ ফলত হোৱা মৃত্যুক লৈ উত্থাপিত এটা প্ৰশ্নৰ উত্তৰ দি আছিল।
মূল ভিডিঅ’ আৰু ভাইৰেল ভিডিঅ’টোৰ তুলনা তলত চাব পাৰিব। ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টোত থকা অডিঅ’টো সলনি কৰা হৈছে।
তদুপৰি ভাইৰেল ভিডিঅ’টো সম্পৰ্কে আমি বিভিন্ন ৰিপ’ৰ্ট পালোঁ। ২০২৪ চনৰ ১১ মাৰ্চত “হিন্দুস্তান টাইমছ”ত প্ৰকাশ পাইছিল যে ভাইৰেল ভিডিঅ’টো পোষ্ট কৰাৰ বাবে দায়বদ্ধ ফেচবুক প্ৰফাইলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰা হৈছিল ।

এই সম্পৰ্কে আন আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে। মূল ভিডিঅ’টোত যোগী আদিত্যনাথে ৰাজ্যত কৰ’না ভাইৰাছৰ ফলত হোৱা মৃত্যুক লৈ উত্থাপিত এটা প্ৰশ্নৰ উত্তৰ দি আছিল। তেওঁ কোনো মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা নাছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা বুলি দাবী কৰা এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।
Fact Check By: Debanjana BaishyaResult: Altered
