ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ এক বলুকা ভাস্কৰ্য, চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ধুনীয়া ভাস্কৰ্যটো এটা শিশুৱে সৃষ্টি কৰা বুলি দাবী কৰি চ’ছিয়েল মিডিয়াত ফটোসমূহ শ্বেয়াৰ কৰা হৈছে। এখন ফটোত ল’ৰাজনে হাতেৰে মূৰ্তিটোৰ আকৃতি দি থকাৰ বিপৰীতে আন এখন ছবিত ব্ৰাছেৰে ভাস্কৰ্যটোৰ কাম কৰি থকা দেখা গৈছে।

এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ'ৰৱাৰ্ড কৰা হৈছিল সত্যাসত্য জানিবলৈ।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ফটোখন ভালদৰে পৰীক্ষা কৰিলোঁ আৰু আমি দেখিলোঁ যে বিৰাট কোহলীৰ বলুকা ভাস্কৰ্যটো পেইন্টিঙৰ দৰে মসৃণ। এই ফটোবোৰে সন্দেহৰ সৃষ্টি কৰিছিল যে বলুকা ভাস্কৰ্য এটা এনে মসৃণ হ’ব নোৱাৰে। সাধাৰণতে কৃত্ৰিম বুদ্ধিমত্তাৰ(Artificial Intelligence) দ্বাৰা সৃষ্ট ছবি ইমান স্পষ্ট আৰু মসৃণ হোৱা দেখা যায়।

কোনো ছবি কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে নে নাই পৰীক্ষা কৰিবলৈ কিছুমান টুল বা সাধন উপলব্ধ। এনে টুলেৰে (Hive AI Detector) পৰীক্ষা কৰাত দেখা গ’ল যে ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰাৰ সম্ভাৱনা ১০০%।

Archived Link

হাগিং ফেচ (Hugging Face) নামৰ আন এটা এআই কন্টেন্ট ডিটেকচন টুলেও ইয়াক এআই-সৃষ্ট ছবি হিচাপে চিনাক্ত কৰিলে।

ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। এ আই কণ্টেণ্ট ডিটেকচন টুল অনুসৰি বিৰাট কোহলীৰ এই বলুকা ভাস্কৰ্য কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিৰাট কোহলীৰ এই বলুকা ভাস্কৰ্য কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

Fact Check By: Debanjana Baishya

Result: False