বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ পৰিপ্ৰেক্ষিতত বাট-পথৰ শোচনীয় অৱস্থাৰ বিভিন্ন ফটো আৰু ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। তেনে এখন ভাইৰেল ফটোত গাঁতেৰে ভৰা পথত দেখা গৈছে একাংশ শিশু-মহিলাক। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এটা জৰাজীৰ্ণ পথৰ এই ভাইৰেল ছবিখন গুজৰাটৰ। একেখন ফটো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ'ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে জানিবলৈ চেষ্টা কৰিলোঁ যে গুজৰাটৰ পথৰ অৱস্থা সঁচাকৈয়ে এনেকুৱা হৈছে নেকি? গতিকে আমি প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া টাইমছ নাও নৱভাৰতৰ ইউটিউব চেনেলত আপলোড কৰা এটা নিউজ ভিডিঅ’ পালোঁ। ২০২৪ চনৰ ১ জুলাইৰ প্ৰতিবেদনত গুজৰাটৰ আহমেদাবাদত বৰষুণৰ বাবে এটা পথ ভাঙি পৰাৰ বাতৰি পোৱা গৈছিল। লগতে বহু ঠাইত পানী জমা হোৱাৰ খবৰো আছিল। কিন্তু এইবোৰৰ ক’তো আমি ভাইৰেল ফটোখনৰ দৰে ফটো দেখা নাপালোঁ৷

Archived Link

তাৰ পিছত আমি ফটোখন সূক্ষ্মভাৱে নিৰীক্ষণ কৰিলোঁ আৰু দেখিলোঁ তাত কাৰো মুখ স্পষ্টকৈ দেখা পোৱা নাযায়। ফটোখনত বাছখনৰ ঠিক কাষতে এখন স্কুটি দেখা গৈছে। কিন্তু তাৰ ওপৰত কোনো নাই। এটা শিশুৰ ভৰিও দেখা যোৱা নাই। বাছখনৰ নম্বৰ প্লেটখনো স্পষ্টকৈ দেখা পোৱা নাই। ফটোখনত সন্মুখত থিয় হৈ থকা শিশুৰ ভৰিখন ৰাস্তাৰ মাজত আবদ্ধ হৈ থকা দেখা গৈছে। গতিকে ফটোখন আমাৰ যথেষ্ট সন্দেহজনক যেন লাগিল।

ইয়াৰ পিছত আমি AI detector ৰ সহায়ত ভাইৰেল ফটোখন পৰীক্ষা কৰিলোঁ। যাৰ ফলাফলে আমাক ক’লে যে প্ৰকৃততে দৃশ্যমান ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট।

Archived Link

গতিকে স্পষ্ট হৈ পৰিল যে গুজৰাটৰ পথৰ অৱস্থাৰ বুলি দাবী কৰা ভাইৰেল ফটোখন বাস্তৱ নহয় বৰঞ্চ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। গুজৰাটৰ ৰাজপথৰ বুলি দাবী কৰা এই ফটোখন দৰাচলতে কৃত্ৰিম বুদ্ধিমত্তাৰেহে সৃষ্টি কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাজপথৰ মাজত প্ৰকাণ্ড গাঁত থকা এই ফটোখন গুজৰাটৰ নহয়।

Fact Check By: Debanjana Baishya

Result: False