বাংলাদেশত ভাৰতীয় মূলৰ হিন্দু ছাত্ৰীক অত্যাচাৰ কৰা বুলি প্ৰতিবাদী ছাত্ৰীৰ বাটৰ নাটৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।

Misleading Social

শেহতীয়াভাবে বাংলাদেশত সৃষ্টি হোৱা আশান্তিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমতো বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনেকুৱা একাধিক ফেচবুক পোষ্ট আমি লাভ কৰিছোঁ, যিবোৰত দাবী কৰা হৈছে যে সেই ফটো আৰু ভিডিঅ’সমুহ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ। এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখা যুৱতীগৰাকী ভাৰতীয় মূলৰ হিন্দু যুৱতী আৰু তেওঁ বাংলাদেশলৈ উচ্চ শিক্ষাৰ বাবে গৈছিল। লিখিছে-উচ্চ শিক্ষাৰ বাবে বাংলাদেশলৈ যোৱা ভাৰতীয় মূলৰ হিন্দু ছোৱালী এইজনী। বাংলাদেশত কোনটো উচ্চ শিক্ষা উপলব্ধ আছে যিটো ভাৰতত নাই ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcrJot2HenTo8quGX3lI7A-lFN1EEZFsxYdZj0TA9sM4koddD96PwrEV2QbG_qoxbwe3TTQapaiNW9hQMRqbTfW1DzF-JKhOCB5KgFbCD2oNSyFHvH8I84BmGnG7-dDrB_bYcU5FyqciT8P3zdKz9_d54U?key=XH2_OFjGBxtrNYuE6-BgXA

Facebook LinkArchived Link

সেই ভিডিঅ’ পোষ্টটোৰ কমেণ্ট চেকছন পৰীক্ষা কৰোতে আমি দেখিলোঁ যে পোষ্টটোৱে একাংশ লোকৰ মাজত এই ধাৰণা সিঁচি দিছে যে যুৱতীগৰাকী বাংলাদেশলৈ ভাৰতৰ পৰা পঢ়িবলৈ গৈছিল আৰু তাত বৰ্তমান বাংলাদেশৰ পৰিস্থিতিৰ বলি হৈ এইদৰে নিৰ্যাতিত হৈছে। এজনে ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰি যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ পোষকতাও কৰিছে কমেণ্টত। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfTgdpIlSqPz2ZYRtiTp0PQmioh-fdDcVUaV5o1Yk4cICtavUh_BFiIQCLgNCV2zYbTKWs3gEBCJgdbEggvIZvHXXVbzHMYhr6gX7SwBC_l7dZXiCHG460Rn-mlkRkr98_BdDbWya6Fbb5HsrWMNSZ9AKk2?key=XH2_OFjGBxtrNYuE6-BgXA

এজন ব্যৱহাৰকাৰীয়ে যুৱতীগৰাকী ছাত্ৰলীগৰ সদস্য বুলিও ধাৰণা কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcSM-wIMT8ooicCzUx9BTrr8Fj7QPCWsv3i2EiiHwm0Pj5L9bQ_Jylf6OZ8cv0y40FEAh6AczccPr6K9TY_nzn2VIkWoNmPRSiAqjBjREV5rV9wA-yVl4XlRU_4U5Q4-AL158i9ZAWdXRyJt6p4-h8lJI83?key=XH2_OFjGBxtrNYuE6-BgXA

কিন্তু এই দাবী সত্য হয়নে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। যুৱতীগৰাকীনো প্ৰকৃততে কোন আৰু কিহৰ বাবে তেওঁ সেইদৰে থাকিবলগীয়া হৈছে সেই সত্য জানিবলৈ আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা ভিডিঅ’টো বিশেষ কাৰিকৰী উপায়েৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি JnU Short Stories ৰ এটা ফেচবুক পোষ্ট পালোঁ। ২৬ জুলাই, ২০২৪ তাৰিখে একেটা ভিডিঅ’ৰ সৈতে সেই পোষ্টটো দিয়া হৈছিল। পোষ্টটোৰ পৰা জানিব পাৰিলোঁ যে সেই যুৱতীগৰাকী ২০২১-২২ শিক্ষাবৰ্ষৰ জগন্নাথ বিশ্ববিদ্যালয়ৰ এগৰাকী নিয়মীয়া ছাত্ৰী। পোষ্টটোত উল্লেখ কৰা হৈছে যে এই ভিডিঅ’টো কিছুদিন পূৰ্বে বিশ্ববিদ্যালয়খনৰে অৱন্তিকা নামৰ এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ প্ৰতিবাদ হিচাপে কৰা এখন বাটৰ নাটৰ এক দৃশ্য।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfFWmnf_QzOIOSObVREXm73ocyk-06P3ItgF3N6Y0nJ2Bn8P2KgOqFCuknREpPuC5eX15iMJapDTO2G7EXxFlTtDdjnM89DrYoRXnbpFNDJXSmtvrYCewIUUw3L3NXP5hwSc6LQCAxFlxB9I6pEfz6XPISK?key=XH2_OFjGBxtrNYuE6-BgXA

Archived Link

এই পোষ্টটোৰ ভিত্তিত আমি অৱন্তিকাৰ আত্মহত্যা আৰু প্ৰতিবাদৰ তথ্য বিচাৰিলোঁ। তেতিয়া বাংলা সংবাদ ৱেবছাইট দৈনিক ইত্তেফাকে যোৱা ১৭ মাৰ্চত প্ৰকাশ কৰা এক প্ৰতিবেদন পালোঁ। সেই প্ৰতিবেদনত কোৱা হৈছে “ছাত্ৰী ফৈৰুজ সদাফ অৱন্তিকাৰ আত্মহত্যাৰ গোচৰৰ সৈতে জড়িতসকলৰ শাস্তি আৰু আৱন্তিকাৰ প্ৰতি ন্যায়ৰ দাবীত জগন্নাথ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ফ্লেগ মাৰ্শ্ব কৰে আৰু যোৰ সমদল উলিয়ায়। লগতে চাকি জ্বলাই ৰাজপথত নাট প্ৰদৰ্শন কৰিও প্ৰতিবাদ সাব্যস্ত কৰে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe90Nzz7Akp7L8Uubuw-_5L5fX45QdIg5qXz3XFVa7S2dRK5LvC7csj4sCHBtvGUTu82fgx-FXy6OzUNLVmtc-I3Xy0mjpeuVlppO0FShWJ8xWohkYkjgHY7wXixeVoNW20RFb8dI3C4HkVFY-h_NX2ChTe?key=XH2_OFjGBxtrNYuE6-BgXA

অধিক অনুসন্ধান কৰাৰ অন্তত আমি ২০২৪ চনৰ ১৮ মাৰ্চত চেনেল ২৪ৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰচাৰিত ভিডিঅ’ এটা পালোঁ, য’ত জগন্নাথ বিশ্ববিদ্যালয়ৰ সেই প্ৰতিবাদৰ বাতৰি পৰিবেশন কৰা হৈছিল। এই ভিডিঅ’টোত ভাইৰেল হোৱা ভিডিঅ’টোত থকা যুৱতীগৰাকীৰ লগতে আন কেইজনমানো যুৱক-যুৱতীক দেখা গৈছে যিয়ে মুখত টেপ মাৰি, জোৰ হাতত লৈ থিয় হৈ আছে আৰু ভিডিঅ’টোৰ শিৰোনামত লিখা আছে, “অৱন্তিকাৰ মৃত্যুৰ বিচাৰৰ দাবীত জোৰ সমদল”।

ইয়াৰ উপৰিও আমি ২০২৪ চনৰ ৩১ জুলাইত প্ৰকাশিত বাংলাদেশী দৈনিক কাকত দ্য নিউজৰ এক প্ৰতিবেদনো লাভ কৰিলোঁ, য’ত ভিডিঅ’টোত দেখা ছাত্ৰীগৰাকীক ‘তৃষ্ণা’ বুলি চিনাক্ত কৰা হৈছে। প্ৰতিবেদনত তেওঁৰ উদ্ধৃতি দি কয়, “এইটো হৈছে অৱন্তিকা আপুৰ মৃত্যুৰ বাবে মমবাতি জ্বলোৱাৰ দিনটোত কৰা এখন বাটৰ নাটৰ দৃশ্য। এই ঘটনাৰ পাছত মোৰ আত্মীয়-স্বজন আৰু চিনাকি লোকসকলে ফোন কৰি ঘটনাৰ সবিশেষ জানিব বিচাৰিলে। তেওঁলোকেও ভাবিছিল যে এয়া এক নিৰ্যাতনৰ ঘটনা।”

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcEJImbo6p98pHHZ-koBEhcIEcbaZyIrHYc6DfiH5lGNwaK-F05_DoyzJJSSXpE4PuiebTa3D7hfIl8r2MW3WvX4Bb6GYK5_gq6fCLof72hSO2-mAlvU_nz8K8QAt9rg965yy8tw-fv5iRenjU2vsIriJgs?key=XH2_OFjGBxtrNYuE6-BgXA

এই সমস্ত তথ্য়ৰ পৰা আমি নিশ্চিত হৈছোঁ যে সেই যুৱতীগৰাকী ভাৰতীয় মূলৰ নহয়। তেওঁ জগন্নাথ বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ এগৰাকী নিয়মীয়া ছাত্ৰী, যিয়ে বিশ্ববিদ্যালয়খনৰ আন এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ বিচাৰৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰতিবাদৰ অংশস্বৰূপে পৰিবেশন কৰা এখন বাটৰ নাটকত সেইদৰে ভাগ লৈছিল। সেয়া তেওঁৰ ওপৰত চলোৱা কোনো নিৰ্যাতন নাছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো বিভ্ৰান্তিকৰ। ছাত্ৰীগৰাকী ভাৰতীয় মূলৰ নহয় আৰু তেওঁৰ ওপৰত নিৰ্যাতন চলোৱা হোৱা নাই। সেয়া জগন্নাথ বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ বিচাৰৰ দাবীত আন ছাত্ৰ-ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ অংশ হিচাপে বিশ্ববাদ্যালখনৰে সংগীত বিভাগৰ নিয়মীয়া ছাত্ৰীগৰাকীয়ে কৰা এক বাটৰ নাটৰ দৃশ্যহে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বাংলাদেশত ভাৰতীয় মূলৰ হিন্দু ছাত্ৰীক অত্যাচাৰ কৰা বুলি প্ৰতিবাদী ছাত্ৰীৰ বাটৰ নাটৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।

Fact Check By: Fact Crescendo Team 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *