ৰাহুল গান্ধীৰ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

Altered Political

শেহতীয়াকৈ হায়দৰাবাদত কংগ্ৰেছ দলৰ নিৰ্বাচনী ঘোষণাপত্ৰ উন্মোচন কৰি ৰাহুল গান্ধীয়ে দিয়া এক ভাষণ ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা গৈছে,”আমি দেশৰ এক্স-ৰে কৰিম আৰু স্পষ্ট হ’ব — সংখ্যালঘুসকলে গম পাব যে দেশত তেওঁলোকৰ অংশ কি।” তাৰ পিছত তেওঁ কয় যে তেওঁলোকে ভাৰতৰ সম্পদ কোনটো গোটৰ হাতত আছে সেইটো জানিবলৈ বিত্তীয় আৰু প্ৰতিষ্ঠানিক জৰীপ চলাব আৰু এই “ঐতিহাসিক পদক্ষেপ”ৰ পিছত মানুহে যি পাব লাগে সেইখিনি দিয়াৰ “বৈপ্লৱিক কাম” তেওঁলোকে আৰম্ভ কৰিব।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ইউটিউবত কী-ৱৰ্ড ছাৰ্চ কৰি ৰাহুল গান্ধীৰ অফিচিয়েল চেনেলত এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে,”Nyay Patra – Congress Manifesto Launch Rally | Hyderabad, Telangana”

এই ভিডিঅ’টোৰ ৩১:৫৫ টাইমষ্টেম্পত আমি ভাইৰেল দৃশ্যাংশৰ সৈতে মিল থকা বক্তব্য পালোঁ। তাত ৰাহুল গান্ধীয়ে কৈছিল এইদৰে,”আমি দেশৰ এক্স-ৰে কৰিম আৰু স্পষ্ট হ’ব —পিছপৰা শ্ৰেণী, দলিত, আদিবাসী, সাধাৰণ শ্ৰেণীৰ দুখীয়াসকল, সংখ্যালঘুসকলে গম পাব যে দেশত তেওঁলোকৰ অংশ কি।” তাৰ পিছত তেওঁ কয় যে তেওঁলোকে ভাৰতৰ সম্পদ কোনটো গোটৰ হাতত আছে সেইটো জানিবলৈ বিত্তীয় আৰু প্ৰতিষ্ঠানিক জৰীপ চলাব আৰু এই “ঐতিহাসিক পদক্ষেপ”ৰ পিছত তেওঁলোকে মানুহক যি পাব লাগে সেইখিনি দিয়াৰ “বিপ্লৱী কাম” আৰম্ভ কৰিব। অৰ্থাৎ ৰাহুল গান্ধীয়ে নিজৰ ভাষণত কেৱল সংখ্যালঘুসকলৰ কথাই নহয় অন্যান্য পিছপৰা শ্ৰেণী, দলিত, আদিবাসী আৰু সাধাৰণ শ্ৰেণীৰ দুখীয়াসকলৰ কথাও উল্লেখ কৰিছিল।

ৰাহুল গান্ধীৰ মূল ভাষণ আৰু ভাইৰেল দৃশ্যাংশৰ মাজত তুলনা তলত চাব পাৰিব।

এই সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

Archived Link

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে। মূল ভাষণত ৰাহুল গান্ধীয়ে সংখ্যালঘুসকলৰ লগতে অন্যান্য পিছপৰা শ্ৰেণী, দলিত, আদিবাসী আৰু সাধাৰণ শ্ৰেণীৰ দুখীয়াসকলৰ কথাও উল্লেখ কৰিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাহুল গান্ধীৰ এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

Fact Check By: Debanjana Baishya 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *