এই ভিডিঅ’টো শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ নহয়।

Missing Context Social

৮ এপ্ৰিল ২০২৪ ৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণক লৈ সমগ্ৰ বিশ্ব উৎসুক আৰু এনে সময়তে চ’ছিয়েল মিডিয়াত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত সাগৰতীৰত কিছুসংখ্যক লোকক হাতে হাতে ম’বাইল ফোন লৈ সূৰ্যৰ ফালে চাই থকা দেখা গৈছে আৰু কিছুসময়ৰ পাছতে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হোৱা দেখা গৈছে। 

ভিডিঅ’টো শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে,”সূৰ্যগ্ৰহণৰ ভয়ানক দৃশ্য

মূহুৰ্ততে অন্ধকাৰ হৈ পৰিল আকাশ”

Facebook Link | Archived Link

কিন্তু এয়া সঁচাকৈয়ে শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দৃশ্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউবত যোৱা ২৯ মাৰ্চত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ’টোৰ সৈতে একেই। 

ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে,”People in Chile gather at the beachto witness solar eclipse”

Archived Link 

যিহেতু এই ভিডিঅ’টো ২৯ মাৰ্চতে আপলোড কৰা হৈছিল, গতিকে আমি নিশ্চিত হ’লোঁ যে এই ভিডিঅ’টো যোৱা ৮ এপ্ৰিলত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ নহয়।

আমি পুনৰ অনুসন্ধান কৰি  ফেচবুকত ২০২২ চনৰ ১৫ নৱেম্বৰত আপলোড হোৱা একেটা ভিডিঅ’ পালোঁ

তাতো উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো হ’ল ছিলে (Chile) দেশৰ। উল্লেখযোগ্য যে ছিলে হ’ল দক্ষিণ আমেৰিকাৰ এখন দেশ।

Archived Link

আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া পেনোৰামা নামৰ ৱেবছাইটত এটাত ২০২০ চনৰ ১৫ ডিচেম্বৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। তাত উল্লেখ কৰা হৈছিল যে এই ভিডিঅ’টো আৰ্জেণ্টিনা আৰু ছিলেত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ।

Archived Link

এই একেটা ভিডিঅ’ আকৌ ২০১৯ চনৰ ৩ জুলাইত এটা ফেচবুক পেজত আপলোড হোৱা আমি দেখিলোঁ। তাতো উল্লেখ কৰা হৈছিল যে ভিডিঅ’টো ছিলেত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ।

Archived Link

এই সম্পৰ্কে প্ৰকাশিত প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

এই বৰ্ষৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বিষয়ে ইয়াত পঢ়িব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো যোৱা ৮‌ এপ্ৰিলত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ নহয়। ভিডিঅ’টো ২০১৯ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ’টো শেহতীয়া পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ নহয়।

Fact Check By: Debanjana Baishya 

Result: Missing Context

Leave a Reply

Your email address will not be published. Required fields are marked *