
চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে যোৱা ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰাৰেপৰা চ’চিয়েল মেডিয়া বিভিন্ন ধৰণৰ ফটো, ভিডিঅ’ আদিৰে ভৰি পৰিছে। এনে সময়তে আমাৰ চকুত পৰিল এটা ফেচবুক পোষ্ট। “মানুহৰ মল,মূত্ৰ ,বমিৰ ৯৬টা পেকেট
মানৱসৃষ্ট আৱৰ্জনাই প্ৰদূষিত কৰিছে চন্দ্ৰ পৃষ্ঠ” এই কেপশ্বনেৰে প্ৰাগ নিউজ নামৰ প’ৰ্টেল এটাই পৰিবেশন কৰিছে এক বাতৰি। সংবাদপত্ৰ দ্য গাৰ্ডিয়ানৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি কোৱা হৈছে যে চন্দ্ৰৰ বুকুত বৰ্তমান আছে প্ৰায় ২০০টন আৱৰ্জনা। কোৱা হৈছে যে এয়া হ’ল দ্য গাৰ্ডিয়ানৰ এক শেহতীয়া প্ৰতিবেদন।

এনে ধৰণৰ এটা পোষ্ট ইয়াতো চাব পাৰিব।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
যিহেতু ভাইৰেল ভিডিঅ’টোত দ্য গাৰ্ডিয়ানৰ উদ্ধৃতি দিয়া হৈছিল, সেয়ে আমি গুগলত কীৱ’ৰ্ড চাৰ্চ কৰি দ্য গাৰ্ডিয়ানৰ প্ৰতিবেদনটো বিচাৰিলোঁ। তেতিয়া আমি সেই প্ৰতিবেদনটো পালোঁ, কিন্তু ভিডিঅ’টোত উল্লেখ কৰা ধৰণে এই প্ৰতিবেদন শেহতীয়া নাছিল বৰং আছিল চাৰি বছৰ পুৰণি, অৰ্থাৎ ২০১৯ চনৰ।

দ্য গাৰ্ডিয়ানৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে মুঠতে চন্দ্ৰৰ জাংকিয়াৰ্ডত প্ৰায় ২০০ টন মানুহৰ আছে। এপ’ল’ অভিযানৰ পাঁচটা চেটাৰ্ণ ভি ৰকেট ষ্টেজৰ ধূলিময় অৱশিষ্টই হৈছে আটাইতকৈ গধুৰ একক বস্তু। তাৰ পিছত আছে মহাকাশযানৰ ধ্বংসাৱশেষ যিবোৰ নিজৰ অভিযানৰ শেষত চন্দ্ৰপৃষ্ঠত ভাঙি পেলোৱা বা ইচ্ছাকৃতভাৱে দুৰ্ঘটনাগ্ৰস্ত কৰা হৈছিল। আৰু আছে ১৯৬০ চনৰ এক ডজন ছোভিয়েট লুনা প্ৰ’ব; প্ৰায় দুগুণ আমেৰিকাৰ ৰেঞ্জাৰ, লুনাৰ অৰ্বিটাৰ, চাৰ্ভেয়ৰ আৰু শেহতীয়া মানৱ নিৰীক্ষণ কেন্দ্ৰ; কমেও চাৰিখন জাপানী মহাকাশযান, আৰু ইউৰোপ, চীন আৰু ভাৰতৰ পৰা পঠোৱা অন্যান্য ৰবট। এপ্ৰিল মাহত প্ৰথমটো ব্যক্তিগত চন্দ্ৰ অভিযান ইজৰাইল এৰ’স্পেচ ইণ্ডাষ্ট্ৰীজৰ বেৰেশ্বিট প্ৰ’বৰ ছিন্নভিন্ন অৱশিষ্টই লেণ্ডাৰৰ জাইৰ’স্কোপ বিকল হোৱাৰ পিছত শেহতীয়াকৈ সংযোজন হৈ পৰিছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো প্ৰসংগ সংগতিহীন। দাবী কৰা ধৰণে দ্য গাৰ্ডিয়ানৰ প্ৰতিবেদনটো শেহতীয়া নহয় বৰং চাৰি বছৰ পুৰণি।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:দ্য গাৰ্ডিয়ানৰ পুৰণি প্ৰতিবেদন শেহতীয়া বুলি দাবী কৰা হৈছে।
Written By: Factcrescendo TeamResult: Missing Context
