২০২৩ বৰ্ষৰ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই।

False Social

২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগোৱাৰ সময়তে শেহতীয়াকৈ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলিও চ’চিয়েল মেডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভূগোল বিষয়ৰ প্ৰশ্নকাকতৰ প্ৰথম পৃষ্ঠাৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। 

Facebook Link | Archived Link

Facebook Link | Archived Link

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ টুইটাৰ একাউণ্টৰ পৰা কৰা এটা টুইট পালোঁ। তাত স্পষ্টকৈ লিখা আছিল যে ফাদিল হোৱা বুলি দাবী কৰা ভূগোলৰ প্ৰশ্নকাকতখন ভুৱা। ইয়াক ভুৱা বুলি নিশ্চিত কৰিছে ছেবা কৰ্তৃপক্ষই। সংশ্লিষ্ট বিষয়াক থানাত এফ আই আৰ দাখিল কৰিবলৈ নিৰ্দেশ। 

Archived Link

টুইটটোত ২০২১ চনৰ প্ৰশ্নকাকতৰ লগত ফাদিল হোৱা বুলি দাবী কৰা প্ৰশ্নকাকতৰ তুলনা দাঙি ধৰা হৈছে আৰু কোৱা হৈছে যে ২০২১ চনৰ প্ৰশ্নকাকতখন ২০২৩ চনৰ বুলি প্ৰচাৰ কৰা হৈছে।

এই বিষয়ত অধিক তথ্য লাভ কৰিবলৈ আমি ছেবাৰ পৰীক্ষা  নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ সৈতে কথা পাতিছিলোঁ। তেখেতে আমাক জানিবলৈ দিয়ে এইবাৰ পৰীক্ষাৰ কেৱল দুখন কাকত হে ফাদিল হৈছিল আৰু দুয়োখন কাকতৰে পুনৰ পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে। কিন্তু ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা কথাটো সম্পূৰ্ণ অসত্য। কোনো দুষ্ট চক্ৰই ২০২১ চনৰ বাবে ছেবাই সাজু কৰা ভূগোলৰ কাকতখনত ২০২১ৰ ঠাইত ২০২৩ বুলি এডিট কৰি সেইখন ভাইৰেল কৰিছিল।

ফলাফল

গতিকে ইয়াৰদ্বাৰা আমি ক’ব পাৰোঁ যে ভাইৰেল প্ৰশ্নকাকতখন ২০২৩ বৰ্ষৰ ভূগোল বিষয়ৰ প্ৰশ্নকাকত নহয়। ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বাতৰিটো ভুৱা প্ৰচাৰহে মাত্ৰ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৩ বৰ্ষৰ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই।

Fact Check By: FactCrescendo Assamese 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *