এই ভিডিঅ’টোত থকা ভিডিঅ’ ক্লিপসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে?

Partly-False Social

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে চৈধ্য হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে। 

তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ বুলি কেইবাটাও ভিডিঅ’ ক্লিপ সংলগ্ন কৰা হৈছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “তুৰ্কীৰ ভয়ংকৰ ভূমিকম্পৰ কেইটামান শিহৰণকাৰী দৃশ্য, এই দৃশ্য‌ই বুকু কঁপাই তুলিব আপোনাৰো”। মূল ভিডিঅ’টোত “দৃশ্য ১”, “দৃশ্য ২” এনেদৰে মুঠ পাঁচটা ভিডিঅ’ সংলগ্ন কৰা হৈছে। 

Facebook Link | Archived Link

এই ভিডিঅ’সমূহ তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ হয়নে নহয় নিশ্চিত হ’বলৈ আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি মূল ভিডিঅ’টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি কিছু তথ্য পালোঁ।

প্ৰথমে আমি “দৃশ্য ১” ত থকা ভিডিঅ’টো ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখে “Sky News”ৰ টুইটাৰত প্ৰকাশ পোৱা এটা টুইট পালোঁ। তাত সংলগ্ন ভিডিঅ’টো আছিল ভাইৰেল ভিডিঅ’টোৰ “দৃশ্য ১”ত থকা ভিডিঅ’ ক্লিপটোৰ সৈতে সাইলাখ একেই। তাত উল্লেখ কৰা হৈছিল যে এই ভিডিঅ’টো তুৰস্কৰ কাহৰামানমাৰাছ প্ৰদেশৰ এলবিস্তান চহৰৰ।

Archived Link

এইবাৰ আমি “দৃশ্য ২”ত থকা ভিডিঅ’ ক্লিপটো ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু সেই ক্লিপটোৰ সৈতে সাইলাখ একেই ক্লিপ ৰয়টাৰছৰ এটা প্ৰতিবেদনত ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা দেখিলোঁ। প্ৰতিবেদন অনুসৰি এই ভিডিঅ’টো তুৰস্কৰ ছেনলিউৰফা প্ৰদেশৰ হালিলিয়ে জিলাৰ।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। এই একেটা ভিডিঅ’ আল জাজিৰাৰ প্ৰতিবেদনতো প্ৰকাশ পোৱা দেখা গ’ল।

এইবাৰ আমি “দৃশ্য ৩” ত থকা ভিডিঅ’ ক্লিপটো ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু সেই ক্লিপটোৰ সৈতে সাইলাখ একেই ক্লিপ ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীত “The Washington Post”ত প্ৰকাশ পোৱা প্ৰতিবেদনত পালোঁ। প্ৰতিবেদন অনুসৰি এই ভিডিঅ’টো হ’ল তুৰস্কৰ ছেনলিউৰফা প্ৰদেশৰ।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

এইবাৰ আমি “দৃশ্য ৪”ত থকা ভিডিঅ’ক্লিপটো ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০১৬ চনৰ ১৮ এপ্ৰিলত “Valiant Japanese Language School” নামৰ এটা ফেচবুক পেজত আপলোড হোৱা এটা ভিডিঅ’ পালোঁ যিটো আছিল ভাইৰেল ভিডিঅ’টোৰ “দৃশ্য ৪”ত থকা ক্লিপটোৰ সৈতে সাইলাখ একেই। গতিকে সেই ক্লিপটো তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হ’ব‌ই নোৱাৰে। ফেচবুক পোষ্ট অনুসৰি ভিডিঅ’টো জাপানৰ তামাৰ য’ত প্ৰবল বতাহৰ বাবে এটা অট্টালিকাৰ সম্মুখৰ অংশ খহি পৰিছিল। 

Facebook Link

তামা হ’ল জাপানৰ ট’কিয়ৰ এক অঞ্চল। এই তথ্য ব্যৱহাৰ কৰি আমি গুগলত কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু জাপানী বাতৰি ৱেবছাইট “আছানি নিউজ”ত প্ৰকাশিত এটা বাতৰি পালোঁ। বাতৰি অনুসৰি প্ৰবল বতাহৰ ফলত নমহলীয়া অট্টালিকাটোৰ সম্মুখৰ অংশ খহি পৰিছিল ২০১৬ চনৰ এপ্ৰিল মাহৰ ১৭ তাৰিখে।

এই একেটা বাতৰি ইয়াতো পঢ়িবলৈ পাব।

গতিকে ইয়াৰদ্বাৰা বুজিব পাৰি যে ভাইৰেল ভিডিঅ’টোৰ দৃশ্য ৪ ত থকা ভিডিঅ’ক্লিপটো তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়, বৰং জাপানৰহে আৰু লগতে পুৰণিও।

দৃশ্য ৫ ত থকা ভিডিঅ’ ক্লিপটো আমি তুৰস্কৰ বুলি নিশ্চিত হ’লেও সেয়া তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে নহয় এই সম্পৰ্কে বৰ্তমানলৈকে কোনো সঠিক তথ্য লাভ কৰা নাই। আমাৰ অনুসন্ধান অব্যাহত আছে আৰু সঠিক তথ্য পালেই আমি এই সম্পৰ্কে আপডেট কৰিম।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ দৃশ্য ৪ ত থকা ভিডিঅ’ক্লিপটো তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয় বৰং জাপানৰহে আৰু লগতে পুৰণিও। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ’টোত থকা ভিডিঅ’ ক্লিপসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে?

Fact Check By: Debanjana Baishya  

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *