
শেহতীয়াকৈ জি এচ টি সন্দৰ্ভত কেইবাটাও বাতৰি ভাইৰেল হোৱা দেখা গৈছে। দেশত যোৱা ১৮ জুলাইৰ পৰা প্ৰযোজ্য হোৱা নতুন জি এচ টি নিৰিখ অনুসৰি কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰীতো আৰোপ কৰা হৈছে জি এচ টি। বিভিন্ন খাদ্য সামগ্ৰীত জি এচ টি আৰোপ কৰাৰ ফলত জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। বিভিন্ন বাতৰিত কোৱা হৈছে যে চাউল, দাইল, আটা, ময়দা, শস্য আদিত ৫ শতাংশ জি এচ টি আৰোপ কৰা হৈছে। এই বাতৰিয়ে কিছু ক্ষেত্ৰত বিভ্ৰান্তিৰো সৃষ্টি কৰিছে।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে সঠিক ভাৱে জানিবলৈ চেষ্টা কৰিলোঁ।
প্ৰথমে আমি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ এটা টুইট পালোঁ। ১৯ জুলাই ২০২২ তাৰিখে কৰা সেই টুইটত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে কেতবোৰ সামগ্ৰীৰ এখন তালিকা প্ৰকাশ কৰি উল্লেখ কৰে যে এই সামগ্ৰীসমূহ খোলাকৈ বিক্ৰী কৰিলে জি এচ টি আৰোপ কৰা নহ’ব, পেকেটত বিক্ৰী কৰা অথবা লেবেলযুক্ত শস্য, চাউল, দাইল, আটা, ময়দা, মাকৈ, চুজি, অ’টছ, ঘেঁহু, বেচন, লচ্চী, দৈ আদিতহে ৫ শতাংশ জি এচ টি আৰোপ কৰা হৈছে। এই সামগ্ৰীসমূহ খোলাকৈ বিক্ৰী কৰিলে কোনো জি এচ টি আৰোপ কৰা নহ’ব।
তদুপৰি ২৫ কিলোগ্ৰামতকৈ অধিক ওজনৰ এনে সামগ্ৰীৰ পেকেটত জি এচ টি আৰোপ কৰা হোৱা নাই। খুচুৰা ব্যৱসায়ীয়ে ২৫ কিলোগ্ৰামতকৈ অধিক ওজনৰ পেকেটত ভৰোৱা সামগ্ৰী আনি খোলাকৈ বিক্ৰী কৰিলেও জি এচ টি আৰোপ কৰা নহ’ব।
এই বিষয়ে আৰু বিতং তথ্য কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ টুইট এটাত দেখা গ’ল।
গতিকে ইয়াৰ দ্বাৰা বুজিব পৰা যায় যে তালিকাত উল্লেখ থকা কেৱল পেকেটত ভৰোৱা অথবা লেবেলযুক্ত খাদ্য সামগ্ৰীতহে জি এচ টি আৰোপ কৰা হৈছে, এই সামগ্ৰীসমূহ খোলাকৈ বিক্ৰী কৰিলে কোনো জি এচ টি আৰোপ কৰা নহ’ব।
জিএচটি কি?
জি এচ টি (Goods and Services Tax) অৰ্থাৎ “বস্তু আৰু সেৱা কৰ” হৈছে ভাৰতত ২০১৭ চনৰ ১ জুলাইৰ পৰা প্ৰৱৰ্তন হোৱা এক গুৰুত্বপূৰ্ণ পৰোক্ষ কৰ ব্যৱস্থা। ই হৈছে সামগ্ৰী আৰু সেৱা উপভোগৰ ওপৰত স্হানভিত্তিক কৰ। ইয়াৰদ্বাৰা কেন্দ্ৰ চৰকাৰ তথা বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা ভিন ভিন ক্ষেত্ৰত প্ৰয়োগ কৰা বিভিন্ন কৰ আঁতৰাই সমগ্ৰ দেশৰ বাবে একেটা পৰোক্ষ কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। এই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে ভাৰতৰ সংবিধানৰ সংশোধন কৰাও হৈছিল।
জি এচ টি নিয়ন্ত্ৰণ কৰা হয় জি এচ টি পৰিষদৰ দ্বাৰা। বস্তু আৰু সেৱা সমূহত পাঁচ প্ৰকাৰৰ জি এচ টি আৰোপ কৰা হয় – ০%, ৫%, ১২%, ১৮% আৰু ২৪%।
জি এচ টি এক মূল্য সংযোজিত কৰ ব্যৱস্থা। নিৰ্মাতাৰ পৰা শেষ উপভোক্তালৈ পৰিমাণ অনুযায়ী পৰ্যাপ্ত ৰূপত আগতীয়া পৰ্যায়সমূহত পৰিশোধ কৰা কৰৰ নিৰিখ হিচাপত ই সকলো পৰ্যায়ত ধাৰ্য হ’ব পাৰে। এইদৰে শেষ উপভোক্তাই অন্তিম ডীলাৰৰদ্বাৰা প্ৰয়োগ কৰা জি এচ টি বহন কৰিব লাগে। গতিকে পূৰ্বৰ পৰ্যায়সমূহৰ সকলো লাভ সমাপ্ত হৈ পৰে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:Explainer: খোলাকৈ বিক্ৰী কৰা খাদ্য সামগ্ৰীত কোনো জিএচটি আৰোপ কৰা হোৱা নাই
By: Debanjana BaishyaResult: Explainer
