FACT CHECK: অসমত শুকুৰবাৰে ভূমিকম্পৰ আগজাননী দিয়া ভাইৰেল স্ক্ৰিনশ্বটটো ২০০৬ চনৰে হয়!

False Social

শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত হিন্দুস্তান টাইমছৰ এটা বাতৰিৰ স্ক্ৰিনশ্বট ভাইৰেল হৈ পৰিছে। সেই স্ক্ৰিনশ্বটটোত নীলা ৰঙেৰে হাইলাইট কৰা এটা শাৰি আছে য’ত লিখা হৈছে,” এটা ৭/৮ প্ৰাবল্যৰ ভূমিকম্পই শুকুৰবাৰে পুৱা পুৱা ৮বাজি ২১মিনিটত অসমক কঁপাই যোৱা ৭০ শতাংশ সম্ভাৱনা আছে।” ২৮এপ্ৰিলত ৬.৪ প্ৰাবল্যৰ এটা ভূইকঁপে অসম কঁপাই যোৱাৰ পিছত স্বাভাৱিকতে এই ভাইৰেল স্ক্ৰিনশ্বটটোৱে ৰাইজক বহুলভাৱে আতংকিত কৰি তুলিছে। হিন্দুস্তান টাইমছৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন কাকতৰ সেই স্ক্ৰিনশ্বটৰ বিশ্বস্ততাই আতংক আৰু বঢ়াই দিছে।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰিলো আৰু গম পালো যে সেয়া ২০০৬ চনৰে কথা, যিটো হিন্দুস্তান টাইমছত বাতৰি ৰূপত প্ৰকাশ পাইছিল। সেই বিশেষ স্ক্ৰিনশ্বটটোৰ শেহতীয়া ঘটনাৰাজিৰ সৈতে কোনো সম্পৰ্ক নাই।

সত্যতা নিৰূপন পদ্ধতি

আমি স্ক্ৰিনশ্বটটোত থকা কেইটামান প্ৰাসংগিক শব্দ লৈ গুগলত ছাৰ্চ কৰি চালো আৰু সেইদৰেই ২০০৬চনত প্ৰকাশ হোৱা সেই মূল বাতৰিটো পঢ়িবলৈ পালো। 

Original Link- Hindustan Times | Archived Link

লগতে অতি সম্প্ৰতি শুকুৰবাৰে অসমত ৭/৮প্ৰাবল্যৰ ভূইকঁপ আহিব বুলি কৰা কোনো ভৱিষ্যৎবানী আমি ক’তো নিউজ হিচাবে প্ৰকাশ হোৱা দেখা নাপালোঁ । 

ফলাফল

ভাইৰেল হোৱা স্ক্ৰিনশ্বটটো ২০০৬চনত হিন্দুস্তান টাইমছত প্ৰকাশ হোৱা এটা বাতৰিৰ। সেই স্ক্ৰিনশ্বটটোৰ শেহতীয়া ঘটনাৰ লগত সম্পৰ্ক নাই।

Avatar

Title:অসমত শুকুৰবাৰে ভূমিকম্পৰ আগজাননী দিয়া ভাইৰেল স্ক্ৰিনশ্বটটো ২০০৬ চনৰে হয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *