২০২০ চনত ইজিপ্তৰ কাইৰোত হোৱা এক খাৰুৱা তেলৰ পাইপলাইনৰ অগ্নিকাণ্ডকে ইৰাণৰ তেল কেন্দ্ৰত ইউএইৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াকৈ অসমৰ এটা ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ভিডিঅ আপলোড কৰি দাবী কৰিছে যে সেয়া ইউএইৰ দ্বাৰা নিক্ষেপ কৰা বৃহৎ ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ইৰাণৰ এটা বৃহৎ তেল কেন্দ্ৰত আঘাত হনাৰ দৃশ্য।

Instagram Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ। আমি দেখিলোঁ যে তাত এখন পথ নিৰ্দেশক ফলকত Cairo Airport বুলি লিখা আছে। কাইৰো বিমান বন্দৰলৈ যোৱা পথ নিৰ্দেশ কৰা ফলক দেখি আমি সন্দেহ কৰিলোঁ যে সেয়া হয়তো ইৰাণৰ দৃশ্য নহয়

ইয়াৰ পাছত আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এই ভিডিঅ’টো আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ABC Newsৰ ফেচবুক পেজত ২০২০ চনৰ ১৫ জুলাইত আপলোড কৰা দেখিলোঁ। তাত লিখা হৈছে- Authorities say at least 17 people were injured after a ruptured crude oil pipeline ignited a massive fire on a desert highway in Egypt.(ইজিপ্তৰ মৰুভূমি ঘাইপথত খাৰুৱা তেলৰ পাইপলাইন ফাটি যোৱাৰ ফলত কমেও ১৭ জন লোক আহত হৈছে বুলি কৰ্তৃপক্ষই জনাইছে।) 

ইয়াৰ পাছত আমি লাভ কৰিলোঁ আন এক আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান গ্লোবেল নিউজৰ ১৫জুলাই ২০২০ত কৰা এটা টুইট। টুইটটোত এটা ইউটিউব লিংক শ্বেয়াৰ কৰি লিখিছে- Cars set ablaze after massive fire breaks out along pipeline in Egypt (ইজিপ্তত পাইপলাইনৰ কাষত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে গাড়ীত অগ্নিসংযোগ)

সেই ইউটিউব লিংকটো আমি খুলি চাই দেখিলোঁ যে ১৫ জুলাই ২০২০ত সেই ভিডিঅ’টো আপলোড কৰা হৈছে আৰু তাত লিখা আছে- Cars set ablaze after massive fire breaks out along pipeline in Egypt. তাৰ বিৱৰণত লিখা হৈছে এইদৰে- WARNING: Video contains disturbing images. Viewer discretion is advised. A massive fire broke out in Egypt’s Shuqair-Mostorod crude oil pipeline on Tuesday, injuring at least 12 people, the health ministry said. Videos circulating on social media showed thick plumes of smoke and burning cars along the side of the road. The pipeline runs along a major highway on the outskirts of Cairo. A spark caused by cars driving along the road set crude oil leaking from the pipe on fire, a petroleum ministry statement said. The pipeline’s valves were immediately closed in the area and the fire was brought under control, the petroleum ministry added (ইজিপ্তৰ শ্বুকাইৰ-মষ্টোৰড খাৰুৱা তেলৰ পাইপলাইনত মঙলবাৰে ব্যাপক অগ্নিকাণ্ড সংঘটিত হয় আৰু কমেও ১২ জন লোক আহত হয় বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’ত দেখা গৈছে যে ৰাস্তাৰ কাষত ধোঁৱাৰ ডাঠ ঢৌ আৰু জ্বলি থকা গাড়ী। কায়ৰোৰ বাহিৰৰ এটা ডাঙৰ ঘাইপথৰ কাষেৰে পাইপলাইনটো চলি আছিল। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে পথৰ কাষেৰে চলা গাড়ীৰ ফলত সৃষ্টি হোৱা স্ফুলিংগই পাইপৰ পৰা নিৰ্গত হোৱা খাৰুৱা তেলত জুই লগাই দিয়ে। ততাতৈয়াকৈ অঞ্চলটোত পাইপলাইনৰ ভালভ বন্ধ কৰি জুই নিয়ন্ত্ৰণলৈ অনা হয় বুলি পেট্ৰলিয়াম মন্ত্ৰালয়ে লগতে কয়)

আমি GULF NEWSএ ১৪ জুলাই ২০২০ত প্ৰকাশ কৰা Huge fire hits oil pipeline near Cairo শীৰ্ষক বাতৰিটো পালোঁ। তাত এই ঘটনাৰ সবিশেষ লিখা হৈছে। লগতে আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটোৰ এক খণ্ডচিত্ৰও আমি তাত দেখিলোঁ। 

এইটো ঘটনাৰ বাতৰি আমি ৰয়টাৰ্ছ আৰু এছোচিয়েটেড প্ৰেছতো ২০২০ৰ ১৪ জুলাইত প্ৰকাশ কৰা দেখিলোঁ। 

 ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো ভিডিঅ’ ইউএইৰ শেহতীয়া ক্ষেপনাস্ত্ৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হোৱা ইৰাণৰ তেল কেন্দ্ৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২০চনৰ জুলাই মাহত ইজিপ্টৰ কাইৰোত খাৰুৱা তেলৰ এক পাইপলাইনত হোৱা অগ্নিকাণ্ডৰ দৃশ্যহে।  

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ২০২০ চনত ইজিপ্তৰ কাইৰোত হোৱা এক খাৰুৱা তেলৰ পাইপলাইনৰ অগ্নিকাণ্ডকে ইৰাণৰ তেল কেন্দ্ৰত ইউএইৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *