এয়া  লেবাননত কৰা আক্ৰমণৰ দৃশ্য নহয়। এয়া ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ দৃশ্যহে। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি সেয়া দক্ষিণ লেবাননত হিজবুল্লাহ সন্ত্ৰাসবাদী নিহত দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–  ইজৰাইলে প্ৰক্ষেপ কৰা প্ৰযুক্তিৰ সহায়ত দক্ষিণ লেবাননত বাহৰপাতি থকা এটি এটি হিজবুল্লা সন্ত্ৰাসবাদী উৰি উৰি ৭২ হুৰ পোৱাৰ দিশে ধাবিত

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই দৃশ্যটোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া It was good with this Israeli that when Palestinians were killed, they were happy  বুলি কেপছন লিখি এই ভিডিঅ’টো ফেচবুকত আপলোড কৰা দেখিলোঁ। ভিডিঅ’টোৰ ওপৰত টেস্ক্ট ওভাৰলে’ (Text Overlay) কৰি লিখা আছিল যে সেয়া ইজৰাইলৰ ওপৰত ইৰাণৰ মিছাইল আক্ৰমণৰ দৃশ্য। 

ইনষ্টাগ্ৰামতো সেয়া ইৰাণৰ দ্বাৰা ইজৰাইলৰ ওপৰত কৰা এক আক্ৰমণৰ দৃশ্য বুলি উল্লেখ কৰি ভিডিঅ’টো পোষ্ট কৰা আমি দেখিলোঁ।

আমি আন এক ফেচবুক পোষ্টত এই ভিডিঅ’টো ইৰাণে ইজৰাইলৰ ওপৰত চলোৱা মিছাইল আক্ৰমণৰ এক দৃশ্য বুলি উল্লেখ কৰা দেখিলোঁ। সেই পোষ্ট ইয়াত চাব পাৰিব।

তদুপৰি আমি irandefends ৰ ইনষ্টাগ্ৰাম একাউণ্টতো সেয়া ইৰাণে ইজৰাইৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য বুলি ভিডিঅ’টো আপলোড কৰা আমি দেখিলোঁ।

ইয়াৰ পৰাই প্ৰমাণ হয় যে যিটো দৃশ্য লেবাননত হিজবুল্লাহ সন্ত্ৰাসবাদীৰ ওপৰত কৰা আক্ৰমণ বুলি দাবী কৰা হৈছে, সেইটো আচলতে ইৰাণে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্যহে। 

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এয়া লেবাননত কৰা আক্ৰমণৰ দৃশ্য নহয়। এয়া ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণৰ দৃশ্যহে।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *