পাকিস্তানৰ ড্ৰাগছ বিৰোধী অভিযানৰ পুৰণি ভিডিঅ’ ধূৰন্ধৰ-২ চিনেমাখনৰ মুক্তিৰ পাছত পাকিস্তানত গুপ্তচৰৰ সন্ধান চলোৱা ভিডিঅ’ বুলি ভাইৰেল।

International Misleading

শেহতীয়াকৈ কিছুমান আৰক্ষী বিষয়াই পথৰ কাষত শুই থকা ব্যক্তি এগৰাকীৰ তালাচী চলোৱা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া ধূৰন্ধৰ-২ চিনেমাখনে মুক্তি লাভ কৰাৰ পাছত পাকিস্তানত গুপ্তচৰৰ সন্ধান কৰাৰ দৃশ্য। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “পাকিস্তানৰ লায়াৰী অঞ্চলত ‘ধুৰন্ধৰ ২’ (Dhurandhar 2) ৰ সৈতে জড়িত কিছু খবৰ প্ৰকাশ পোৱাৰ পিছতে আৰক্ষীয়ে এক ব্যাপক তালাচী অভিযান আৰম্ভ কৰিছে। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। সন্দেহযুক্ত “গুপ্তচৰ”ৰ কাৰ্যকলাপৰ তদন্তৰ বাবে প্ৰশাসনে তৎপৰতা গ্ৰহণ কৰিছে আৰু সাম্ভাৱ্য ভাবুকি প্ৰতিহত কৰিবলৈ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা তথা নিৰীক্ষণ কঠোৰ কৰি তুলিছে।”

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া “kawishparekh” নামৰ এটা ইনষ্টাগ্ৰাম হেণ্ডলত এই ভিডিঅ’টো ২০২৫ চনৰ ২৬ ডিচেম্বৰত আপলোড হোৱা দেখিলোঁ।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো ধূৰন্ধৰ-২ চিনেমাখন মুক্তি পোৱাৰ আগৰেই।

আমি এই ইনষ্টাগ্ৰাম হেণ্ডলটো পৰীক্ষা কৰি দেখিলোঁ যে তাত কেইবাটাও একেধৰণৰ ভিডিঅ’ আছে। ভাইৰেল ভিডিঅ’টোত থকা দীঘল দাড়িৰ ব্যক্তিজনক আমি আন ভিডিঅ’সমূহতো এনেধৰণৰ”অভিযান” চলোৱা দেখিবলৈ পালোঁ। পোষ্টবোৰৰ পৰা ইংগিত পোৱা যায় যে ভিডিঅ’বোৰ পাকিস্তানৰ কৰাচী, হায়দৰাবাদ আদি স্থানত ৰেকৰ্ড কৰা হৈছিল।

Pakistan Observer“ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই “অভিযান”ৰ আঁৰত থকা ব্যক্তিজন “ইউনুছ আমিন”। তেওঁ স্থানীয় আৰক্ষীৰ সৈতে কাম কৰি ড্ৰাগছ আসক্তক ধৰি পিছলৈ পুনৰ্বাসন কেন্দ্ৰলৈ স্থানান্তৰিত কৰিছিল।

অধিক অনুসন্ধানত দেখা গ’ল যে ইউনুছ আমিনে এণ্টি-নাৰ্কটিকছ এণ্ড ক্ৰাইম কণ্ট্ৰ’ল নামৰ এটা সংস্থা চলাই আছে আৰু কমেও ২০২৩ চনৰ পৰা স্থানীয় কৰ্তৃপক্ষৰ সৈতে লগ লাগি এনে অভিযান চলাই আহিছে।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ধূৰন্ধৰ-২ চিনেমাখনৰ মুক্তিৰ সৈতে সম্পৰ্কিত নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। দাবী কৰা ধৰণে এই ভিডিঅ’টো ধূৰন্ধৰ-২ চিনেমাখনৰ মুক্তিৰ পাছত পাকিস্তানত গুপ্তচৰ বিচাৰি কৰা অভিযানৰ নহয়। এই ভিডিঅ’টো পাকিস্তানৰ কৰাচীত ড্ৰাগছ বিৰোধী অভিযানৰ এক পুৰণি ঘটনাৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: পাকিস্তানৰ ড্ৰাগছ বিৰোধী অভিযানৰ পুৰণি ভিডিঅ’ ধূৰন্ধৰ-২ চিনেমাখনৰ মুক্তিৰ পাছত পাকিস্তানত গুপ্তচৰৰ সন্ধান চলোৱা ভিডিঅ’ বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *