জৰ্জিয়াৰ সংসদৰ পুৰণি ঘটনা ইজৰাইলৰ সংসদৰ শেহতীয়া ঘটনা বুলি ভাইৰেল।

False International

শেহতীয়াকৈ কোনো সংসদত ভাষণৰত অৱস্থাত এগৰাকী ব্যক্তিক আন এগৰাকী ব্যক্তিয়ে শাৰিৰীক আক্ৰমণ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ইজৰাইলৰ সংসদ “নেছেট”ত (Knesset) হোৱা মাৰপিটৰ দৃশ্য।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া “গাৰ্ডিয়ান নিউজ” ইউটিউব চেনেলত ২০২৪ চনৰ ১৫ এপ্ৰিলত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ।

ভিডিঅ’টোৰ কেপশ্বন অনুসৰি সেয়া জৰ্জিয়াৰ সংসদৰ দৃশ্য। ভিডিঅ’ৰ বিৱৰণত উল্লেখ কৰা হৈছিল যে শাসকীয় জৰ্জিয়ান ড্ৰিম দলৰ নেতা মামুকা ম্ডিনাৰাজে বিতৰ্কিত “ফৰেইন এজেণ্টছ বিল” সন্দৰ্ভত সংসদত ভাষণ প্ৰদান কৰা সময়তে বিৰোধী দলৰ সাংসদ আলেকো এলিছাছভিলিয়ে তেওঁক আক্ৰমণ কৰে আৰু তাৰ পাছতে সাংসদসকলৰ মাজত মাৰপিট আৰম্ভ হয়। 

একেধৰণৰ বাতৰি আমি ৰয়টাৰৰ ইউটিউব চেনেলতো ২০২৪ চনৰ ১৫ এপ্ৰিলত আপলোড হোৱা দেখিলোঁ।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইজৰাইলৰ নহয়।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। সাংসদৰ মাজত মাৰপিটৰ এই ভিডিঅ’টো ইজৰাইলৰ নেছেটৰ শেহতীয়া ভিডিঅ’ নহয়। এই ভিডিঅ’টো জৰ্জিয়াৰ সংসদৰ এক পুৰণি ঘটনাৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: জৰ্জিয়াৰ সংসদৰ পুৰণি ঘটনা ইজৰাইলৰ সংসদৰ শেহতীয়া ঘটনা বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *