ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে তিনিখন খাদী মাস্ক ৯৯৯ টকাত বিক্ৰী কৰা নাই!

False Social
Mask.jpeg

সংৰক্ষিত লিংক

যি সময়ত ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ মাস্ক পিন্ধাটো দৈনন্দিন জীৱনৰ এক অপৰিহাৰ্য্য অংগ হৈ পৰিছে, সেই সময়তে মাস্ক সম্বন্ধীয় এখন বিতৰ্কিত বিজ্ঞাপনৰ পোষ্টাৰ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে ‘খাদী ইণ্ডিয়া’য়ে তিনিখন খাদী মাস্কৰ দাম ৯৯৯ টকা নিৰ্ধাৰণ কৰিছে । ‘খাদী ইণ্ডিয়া’ হৈছে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ ‘ব্ৰেণ্ড নেইম’। 

Maskk.jpeg

সংৰক্ষিত লিংক

উক্ত পোষ্টাৰখনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো আছে আৰু কাষতে ‘মেইক ইন ইণ্ডিয়া’ৰ এক ল’গ’ আছে যি ‘খাদী ইণ্ডিয়া’ৰ ট্ৰেইড মাৰ্কটোৰ দৰে হয় । ছচিয়েল মিডিয়াত এই সম্পৰ্কে তুমূল বিতৰ্ক হৈছে আৰু কোনো কোনোৱে চৰকাৰক মহাত্মা গান্ধীৰ ফটোৰ সলনি নৰেন্দ্ৰ মোদীৰ ফটো ব্যৱহাৰ কৰাৰ বাবে সমালোচনা কৰিছে । 

সঁচাকৈ ভাৰত চৰকাৰৰ এক বিভাগে তিনিখন খাদী মাস্ক ৯৯৯ টকাত বিক্ৰী কৰিছে নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি এই বিষয়ে কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি টুইটাৰত চাৰ্ছ কৰিলোঁ আৰু জানিব পাৰিলোঁ যে ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ ফালৰ পৰা ইতিমধ্যে এই বিষয়ে একাধিক টুইটাৰ দ্বাৰা এক স্পষ্টীকৰণ জাৰী কৰিছে যে তেওঁলোকে এনে ধৰণৰ কোনো মাস্ক বিক্ৰী কৰা নাই আৰু বিক্ৰেতাৰ বিৰুদ্ধে তেওঁলোকে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে । তেওঁলোকে মাত্ৰ ৩০ টকাত এখন মাস্ক বিক্ৰী কৰি আছে বুলিও তেওঁলোকে লগতে জনাইছে । 

Mask1.png

টুইটাৰ লিংক | সংৰক্ষিত লিংক

Mask2.png

টুইটাৰ লিংক | সংৰক্ষিত লিংক

আমি লগতে দেখিবলৈ পালোঁ যে খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ জনেও নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক স্পষ্টীকৰণ জাৰী কৰিছে । স্পষ্ট হৈ পৰিছে যে উক্ত পোষ্টাৰখন কোনো প্ৰাইভেট কোম্পানীয়ে প্ৰকাশ কৰিছিল আৰু চৰকাৰৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই । 

Mask3.png

টুইটাৰ লিংক | সংৰক্ষিত লিংক

ফলাফল

ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে তিনিখন খাদী মাস্ক ৯৯৯ টকাত বিক্ৰী কৰা নাই বা উক্ত ভাইৰেল পোষ্টাৰ/বিজ্ঞাপন প্ৰকাশ কৰা নাই । উক্ত পোষ্টাৰখন কোনো প্ৰাইভেট কোম্পানীয়ে প্ৰকাশ কৰিছিল আৰু চৰকাৰৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ।

Avatar

Title:ভাৰত চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে তিনিখন খাদী মাস্ক ৯৯৯ টকাত বিক্ৰী কৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *