পুৰণি অপ্ৰাসংগিক ভিডিঅ’ পাকিস্তানৰ কৰাচীত শেহতীয়াকৈ হোৱা ভয়ংকৰ বিস্ফোৰণৰ দৃশ্য বুলি ভাইৰেল।

International Misleading

পাকিস্তানৰ কৰাচীত শেহতীয়াকৈ ভয়াৱহ বিস্ফোৰণ হোৱা বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভাইৰেল ভিডিঅ’টোত দুটা দৃশ্যাংশ আছে আৰু হিন্দী ভ‌ইচঅ’ভাৰ এটাত মহিলা কণ্ঠ‌ই কৈছে যে এই সময়ৰ ডাঙৰ খবৰ আহিছে কৰাচী পাকিস্তানৰ পৰা। ভয়াৱহ বিস্ফোৰণত সমগ্ৰ কৰাচী কঁপি উঠিছে।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

ভাইৰেল ভিডিঅ’টোত যিহেতু দুটা দৃশ্যাংশ আছে, আমি দুয়োটা দৃশ্যাংশৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ।

প্ৰথম দৃশ্যাংশ 

প্ৰথম দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি এটা ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টোৰ সৈতে কিছু মিল থকা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টো আপলোড কৰা হৈছিল ২০২৫ চনৰ ২৭ মাৰ্চত।

ভিডিঅ’টোৰ আৰবী ভাষাৰ কেপশ্বন অনুসৰি পাকিস্তানৰ ছাদিকাবাদ লণ্ডা বজাৰত হোৱা অগ্নিকাণ্ডৰ দৃশ্য এয়া।

ভাইৰেল ভিডিঅ’টো আৰু ইউটিউব ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ তুলনা তলত চাব পাৰিব।

এই সম্পৰ্কে আন বাতৰি আৰু ভিডিঅ’ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে এই দৃশ্যাংশ পুৰণি।

দ্বিতীয় দৃশ্যাংশ 

দ্বিতীয় দৃশ্যাংশৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি আমি এই ভিডিঅ’টো ২০২৫ চনৰ ১৫ এপ্ৰিলত আপলোড হোৱা দেখিলোঁ।  ভিডিঅ’টোৰ কেপশ্বনৰ অসমীয়া অনুবাদ এনেধৰণৰ, “ঘৰত লগা জুই ভয়ংকৰ”।

Facebook Link 

এই ভিডিঅ’টোত আমি এটা টিকটক একাউণ্টৰ (aataaullahbairnd41) ৱাটাৰমাৰ্ক দেখিলোঁ। যিহেতু ভাৰতত টিকটক নিষিদ্ধ, সেয়ে আমি আমাৰ শ্ৰীলংকাৰ সতীৰ্থৰ সহায়ত এই টিকটক একাউণ্টটোত আপলোড হোৱা ভিডিঅ’টো লাভ কৰিলোঁ। এই ভিডিঅ’টো ২০২৫ চনৰ ১৯ মাৰ্চত আপলোড কৰা হৈছিল। ঘটনাৰ কোনো বিৱৰণ ভিডিঅ’ত উল্লেখ কৰা হোৱা নাছিল। কিন্তু এই ভিডিঅ’টো পুৰণি বুলি আমি নিশ্চিত হ’লোঁ।

Archived Link

ভাইৰেল ভিডিঅ’টোত ব্যৱহৃত ভ‌ইচ‌অ’ভাৰ সম্পৰ্কে আমি কোনো সঠিক তথ্য নাপালোঁ যদিও এই দুয়োটা দৃশ্যাংশ পুৰণি বুলি আমি নিশ্চিত হ’লোঁ।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। এই ভিডিঅ’টোত দেখুওৱা দৃশ্যাংশ দুটা কৰাচীত হোৱা কোনো শেহতীয়া বিস্ফোৰণৰ নহয়। দুয়োটা দৃশ্যাংশ পুৰণি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পুৰণি অপ্ৰাসংগিক ভিডিঅ’ পাকিস্তানৰ কৰাচীত শেহতীয়াকৈ হোৱা ভয়ংকৰ বিস্ফোৰণৰ দৃশ্য বুলি ভাইৰেল।

Fact Check By: Fact Crescendo Team 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *