
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে অৱহেলা কৰি অপমান কৰিছে। দেখা গৈছে যে মেক্ৰমে বিভিন্ন ৰাষ্ট্ৰৰ শীৰ্ষস্থানৰ নেতাৰ সৈতে কৰমৰ্দন কৰিছে আৰু মোদীক কৰা নাই।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি কিছুমান প্ৰাসংগিক কী-ৱৰ্ড লৈ সন্ধান আৰম্ভ কৰিলোঁ। তাৰ ফলত আমি প্ৰায় এবছৰ পূৰ্বৰ সংবাদ মাধ্যমৰ কিছুমান বাতৰি পালোঁ,য’ত লিখা আছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া ভ্ৰমণসূচীৰ সময়ত ফ্ৰান্সত উপস্থিত হৈছিল। য’ত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ‘এ আই একচন ছামিট’ৰ সহ-সভাপতি আছিল। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদী আৰু মেক্ৰনৰ মাজতো দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। এই সন্দৰ্ভত অমৰ উজালাত ২০২৫ৰ ১১ ফেব্ৰুৱাৰীত প্ৰকাশিত প্ৰতিবেদন চালে জনা যায় যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে পেৰিছত অনুষ্ঠিত হোৱা এআই শীৰ্ষ সন্মিলনৰ সহ-সভাপতি হিচাপে প্ৰধানমন্ত্ৰী মোদীক আলিংগন কৰি আদৰণি জনাইছিল আৰু তেওঁক বন্ধু বুলি অভিহিত কৰিছিল। এই প্ৰতিবেদনত দুয়োজন নেতাৰ কিছুমান ফটো ব্যৱহাৰ কৰা হৈছে। ফটোত দুয়োজনে ইজনে সিজনক সাৱটি ধৰা দেখা গৈছে।

একে তথ্যৰে আমি সেই সময়ত এছিয়ানেটৰ ৱেবছাইটত প্ৰকাশিত এটা প্ৰতিবেদনো পালোঁ। প্রতিবেদনত প্রকাশিত ফটোসমূহ চালে বুজা যায় যে ফ্ৰান্সত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তেওঁক বিশেষ সময় আৰু সম্পূৰ্ণ সন্মানো দিছিল।
২০২৫ চনৰ ১১ ফেব্ৰুৱাৰীত ফ্ৰান্সত অনুষ্ঠিত হোৱা এআই সন্মিলনৰ সৈতে জড়িত ফটোসমূহ সংবাদ সংস্থা এএনআইৰ এক্স হেণ্ডেলতো পোষ্ট কৰা হৈছিল। দয়োগৰাকী নেতাৰ ঘনিষ্ঠতা সেই ফটোত দেখা যায়।

অধিক অনুসন্ধান কৰাৰ পাছত আমি মেক্ৰনৰ অফিচিয়েল এক্স হেণ্ডেলত একেটা দিনতে শ্বেয়াৰ কৰা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোত দেখা গৈছে যে পেৰিছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনোৱা হৈছিল।
তাৰ পাছত আমি প্ৰধানমন্ত্ৰী মোদীৰ অফিচিয়েল এক্স হেণ্ডেলৰ ৰ পৰাও কৰা এটা টুইট পালোঁ। তাত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ফ্ৰান্স ভ্ৰমণৰ সামৰণিৰ ফটো শ্বেয়াৰ কৰিছে, য’ত মেক্ৰনে বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক বিদায় দিয়া দেখা গৈছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৫ চনৰ ১১ ফেব্ৰুৱাৰীত প্ৰকাশ কৰা এক বিবৃতিত আমি দেখিলোঁ যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে পেৰিছত অনুষ্ঠিত হোৱা এ আই একচন ছামিটৰ সহ-সভাপতি আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শীৰ্ষ সন্মিলনৰ সহ-সভাপতি হিচাপে উদ্বোধনী ভাষণ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছিল।
আমাৰ অনুসন্ধানৰ সময়ত আমি আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থা এছোচিয়েটেড প্ৰেছৰ অফিচিয়েল ইউটিউব চেনেলত এই সন্মিলনৰ সম্পূৰ্ণ ভিডিঅ’টো পাইছিলোঁ। তাত আমি ৮.৪৭ মিনিটত দেখিবলৈ পাওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেক্ৰনৰ সৈতে সন্মিলনত উপস্থিত হৈছে। ইয়াৰ পাছত তেওঁ আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে.ডি. ভেন্সকে ধৰি আন আন নেতাসকলক লগ পায় আৰু অৱশেষত মোদীৰ কাষত আহি বহে।
ভিডিঅ’টোত ১৪.২২ মিনিটত দেখা গৈছে যে মেক্ৰনে অনুষ্ঠানটোত ভাষণ দি থকাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীক (১৭.১৫ মিনিটত) মঞ্চলৈ আমন্ত্ৰণ জনাইছে আৰু দুয়োজনে আকৌ এবাৰ ইজনে সিজনক উষ্মভাৱে সাৱটি ধৰে।
সেই ভ্ৰমণৰ সময়ত মেক্ৰনে ইলিচি পেলেচত আয়োজিত নৈশ আহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাইছিল আৰু দুয়োজনে দীৰ্ঘ সময় ধৰি ইজনে সিজনক সাৱটি থকা দেখা গৈছিল।
আমি এই অনুষ্ঠানৰ সম্পূৰ্ণ ভিডিঅ’ দ্য ডেইলী গাৰ্ডিয়ানৰ ইউটিউব চেনেলতো পাইছিলোঁ। ৩ ঘণ্টা ৮ মিনিট ৪৭ ছেকেণ্ডৰ এই লাইভ ষ্ট্ৰীমিং ভিডিঅ’টোৰ ৪৩ মিনিট ১৮ ছেকেণ্ডৰ পৰা ৫৪ মিনিট ১৩চেকেণ্ডলৈকে অংশটো চালে স্পষ্ট হৈ পৰে যে বাস্তৱত ভাইৰেল কৰা ভিডিঅ’টো এটা সৰু অংশ যিটো ইয়াৰ মূল প্ৰসংগৰ লগত সংগতিহীনভাৱে শ্বেয়াৰ কৰা হৈছে।
অনুষ্ঠানটোৰ ভিডিঅ’ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
ইয়াৰ দ্বাৰা এই কথা নিশ্চিত হৈছে যে দাবীটো সত্য নহয়। ভাইৰেল ভিডিঅ’টো বিভ্ৰান্তিকৰভাৱে শ্বেয়াৰ কৰা হৈছে। আনহাতে মূলতঃ এ আই একচন ছামিটৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে একেবাৰেই আওকাণ কৰা নাছিল। অনুষ্ঠানটোৰ এটা ভিডিঅ’ ক্লিপ বিভ্ৰান্তিকৰভাৱে শ্বেয়াৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো সত্য নহয়। ভাইৰেল ভিডিঅ’টো বিভ্ৰান্তিকৰভাৱে শ্বেয়াৰ কৰা হৈছে। আনহাতে মূলতঃ এ আই একচন ছামিটৰ সময়ত প্ৰধানমন্ত্ৰী মোদীক ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে একেবাৰেই আওকাণ কৰা নাছিল। অনুষ্ঠানটোৰ এটা ভিডিঅ’ ক্লিপ বিভ্ৰান্তিকৰভাৱে শ্বেয়াৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


