জেফ্ৰী এপষ্টিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই ফটোখন মিছা।    

Altered Social

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি এটা পোষ্ট দিয়া দেখা গৈছে। পোষ্টটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি লোৱা হৈছে। ফটোখনত দেখা গৈছে যে কুখ্যাত জেফ্ৰী এপষ্টিন আৰু এগৰাকী যুৱতীৰ সৈতে মোদী থিয় হৈ আছে। ফটোখনেৰে সেয়া এপষ্টিন ফাইলত মোদীৰ নাম অহা কথাটো বুজাবলৈ চেষ্টা কৰা হৈছে।   

Facebook Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি মন কৰিলোঁ যে ফটোখনত দেখা গৈছে যে মোদী কিতাপেৰে ভৰা এখন শ্বেল্ফৰ সমুখত আৰু এপষ্টিনে গছ-গছনিৰে ভৰা এখন মুকলি পথাৰ সমুখত থিয় হৈ আছে। এইখিনিতে এই ফটোখন সম্পাদনা কৰা বুলি ধাৰণা কৰিব পাৰি। 

আমি এই ফটোখন গুগল লেন্সত আপলোড কৰি বিচাৰিলোঁ। এই ফটোখন আমেৰিকাৰ ন্যায় বিভাগে প্ৰকাশ কৰা এপষ্টিন ফাইলৰ পৰা লোৱা বুলি কোনো সংবাদ মাধ্যমত কোনো খবৰ পোৱা হোৱা নাছিল। তদুপৰি আমি দেখিবলৈ পালোঁ যে মোদীৰ ফটোখনৰ দৰে ৰাহুল গান্ধীৰ ফটোও ছ’চিয়েল মিডিয়াত পোষ্ট কৰা হৈছিল। ইয়াৰ জৰিয়তে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলে এইধৰণৰ সম্পাদিত ফটো ব্যৱহাৰ কৰি উৰাবাতৰি বিয়পাই থকাটো পোহৰলৈ আহিল।

ইয়াৰ বাহিৰে বাতৰি আৰু ফটো কোনো বিশ্বাসযোগ্য আন্তঃৰাষ্ট্ৰীয় বা ভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা নাছিল। প্ৰকৃত ফটো হ’লে অন্ততঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পালেহেঁতেন। এই সকলোবোৰে নিশ্চিত কৰিলে যে এই ফটোখন ভুৱা।

আমি এপষ্টিনৰ ফাইলসমূহ মুকলি কৰা আমেৰিকাৰ ন্যায় বিভাগৰ ৱেবছাইট (https://www.justice.gov/epstein)লৈ গৈও বিচাৰিলোঁ। আমি যেতিয়া নৰেন্দ্ৰ মোদীৰ নাম টাইপ কৰিছিলোঁ তেতিয়া ৩১টা ঠাইত তেওঁৰ নাম উল্লেখ কৰা পাইছিলোঁ। আমি যেতিয়া সেইবোৰ খুলিলোঁ, তেতিয়া তেওঁৰ বিষয়ে বিভিন্ন বাতৰিহে ওলাইছিল। আমি মোদীৰ সেই কাহিনীবোৰো দেখিবলৈ পাইছিলোঁ যেনে এজন চাহ বেপাৰী কেনেকৈ প্ৰধানমন্ত্ৰী হ’ল ইত্যাদি।

আমি যেতিয়া ৰাহুল গান্ধীক টাইপ কৰি বিচাৰিলোঁ, তেতিয়া তেওঁৰ নাম চাৰিটা ঠাইত ওলাল। তাৰে তিনিটা আছিল ৰাহুল গান্ধীৰ সৈতে জড়িত বাতৰি। এটা আছিল আন এজন ৰাহুল গান্ধীৰ উল্লেখ। অন্যথা আমি সত্যতা নিৰূপণ কৰা ফটোখন তাত বিচাৰি নাপালোঁ।

ইয়াক আৰু অধিক নিশ্চিত কৰিবলৈ আমি এনে ৱেবছাইটত আপলোড কৰিলোঁ যিয়ে AI ফটো ধৰা পেলোৱাত সহায় কৰে। লগতে জনায় যে এই ফটোখন বাস্তৱ হোৱাৰ সম্ভাৱনা কম। ইয়াৰ ৯৪ শতাংশ পৰ্যন্ত হয়তো ডিজিটেলভাৱে সম্পাদনা কৰা হৈছে। যদিও কিছুমান সঁজুলিত এই শতাংশ অলপ কম, বেছিভাগ নিৰ্ভৰযোগ্য এআই ভিডিঅ’ আৰু ফটো ধৰা পেলোৱা চাইটে নিশ্চিত কৰিলে যে এইখন সম্পাদিত ফটো।

আমি যেতিয়া সন্ধান কৰি থাকিলোঁ, তেতিয়া আমাৰ Fact Crescendo Tamil শ্ৰীলংকাৰ তামিল ৱেবছাইটত এই ফটোখনৰ বিষয়ে এটা লেখা বিচাৰি পালোঁ। বিশেষকৈ এআই ফটো ডিটেকচন চাইটৰ সহায়ত তেওঁলোকে নিশ্চিত কৰিলে যে এই ফটোখন ভুৱা। সেই লেখাটো চাবলৈ  ইয়াত  ক্লিক কৰক।

এই সূত্ৰসমূহৰ ভিত্তিত আমি সত্যতা নিৰূপণৰ বাবে লোৱা ফটোখন সম্পাদনা কৰা হৈছে বুলি নিশ্চিত হৈছোঁ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। এই ফটোখন সম্পাদিত অথবা কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা অৰ্থাত এইআই জেনেৰেটেড (AI Generated) । 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জেফ্ৰী এপষ্টিনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এই ফটোখন মিছা।

Fact Check By: Pranjal Sharma 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *