চিবিএছই’য়ে দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি কোনো জাননী জাৰি কৰা নাই!

False Social
WhatsApp Image 2020-07-10 at 13.00.40.jpeg

সংৰক্ষিত লিংক

শেহতীয়াকৈ এখন বিশেষ জাননী হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । উক্ত জাননীখন চেণ্ট্ৰেল ব’ৰ্ড অফ চেকেণ্ডেৰী এডুকেচন (চিবিএছই)য়ে জাৰি কৰা বুলি দাবী কৰা হৈছে । জাননীখনত দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি লিখা আছে । লগতে ৰিজাল্টবোৰ চাবলৈ তিনিটা ৱেবচাইটৰ নামও জাননীখনত উল্লেখ কৰা আছে । 

WhatsApp Image 2020-07-10 at 12.59.51.jpeg

সংৰক্ষিত লিংক

উল্লেখযোগ্য যে কিছুদিনৰ আগতে কৰা আন এক ঘোষণাৰ মতে উক্ত ৰিজাল্টবোৰ ১৫ জুলাই, ২০২০ আগতে ঘোষণা কৰা হব বুলি প্ৰকাশ পাইছিল । 

সঁচাকৈ চিবিএছই’ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি এই বিষয়ে টুইটাৰত কীৱৰ্ডছ ব্যৱহাৰ কৰি চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে ‘পিআইবি ফেক্ট চেক’ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে ইতিমধ্যে এক স্পষ্টীকৰণ দিয়া হৈছে । তেওঁলোকে স্পষ্ট কৰিছে যে চিবিএছই’য়ে কোনো তাৰিখ বৰ্তমানলৈকে ঘোষণা কৰা নাই আৰু এনে ধৰণৰ কোনো ঘোষণা থাকিলে তেওঁলোকৰ অফিচিয়েল ৱেবচাইট বা ছচিয়েল মিডিয়া একাউন্টৰ পৰাহে কৰা হব । 

CBSE PIB.png

কীৱৰ্ডছ চাৰ্ছৰ ফলত আমি আৰু দেখিলোঁ যে  চিবিএছই’ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই বিষয়ে এক টুইট কৰা হৈছে আৰু উক্ত জাননীখন ভুৱা বুলি স্পষ্ট কৰা হৈছে । 

CBSE off.png

ফলাফল

উক্ত জাননীখন ভুৱা হয় । চিবিএছই’য়ে দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি কোনো জাননী জাৰি কৰা নাই । 

Avatar

Title:চিবিএছই’য়ে দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি কোনো জাননী জাৰি কৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *