
যোৱা ১৪ ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ ছিডনীৰ “ব’ণ্ডি বীছ”ত (Bondi Beach) দুজন আততায়ীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত ১৫ জন লোকৰ মৃত্যু হৈছিল। ইহুদী ধৰ্মৰ হানুক্কা উৎসৱ উদযাপনত অংশগ্ৰহণ কৰা লোকসকলৰ ওপৰত আক্ৰমণ কৰা আততায়ী দুজন পিতৃ-পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। পিতৃজন পুলিচৰ গুলীত নিহত হয় আৰু পুত্ৰজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। পিতৃজনৰ নাম ছাজিদ আক্ৰাম আৰু পুত্ৰৰ নাম নাৱিদ আক্ৰাম বুলি জানিব পৰা গৈছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে পুলিচে এদল প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ পেপাৰ স্প্ৰে’ ব্যৱহাৰ কৰিছে আৰু লাঠীচালনা কৰিছে। দাবী কৰা হৈছে যে অষ্ট্ৰেলিয়াৰ ঘটনাৰ পাছতে আয়াৰলেণ্ডৰ পুলিচে পেলেষ্টাইনৰ মুক্তি দাবী কৰি সমদল কৰা প্ৰতিবাদকাৰীৰ ওপৰত এইদৰে ব্যৱস্থা গ্ৰহণ কৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “অষ্ট্ৰেলিয়াৰ ঘটনাৰ পৰা শিক্ষা লোৱা #আয়াৰলেণ্ড চৰকাৰ… 🔥
মহিলাসকলে #Free_পেলেষ্টাইনৰ ঘোষণা কৰি #ভিক্টিম_কাৰ্ড খেলিছিল…
আৰক্ষীয়ে #পেপাৰ_স্প্ৰে আৰু #লাঠিৰে গোটেই দলটোক ছত্ৰভংগ দি পলাই যাবলৈ বাধ্য কৰে… 🔥❤
এয়াই #সিহঁতৰ চিকিৎসা.”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ চনৰ ৫ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি পেলেষ্টাইন-সমৰ্থন ৰেলীত ভাগ লোৱা প্ৰতিবাদকাৰীসকলে নিৰাপত্তা বেষ্টনী ভাঙি যাবলৈ চেষ্টা কৰা সময়তে ডাবলিন পুলিচে তেওঁলোকৰ ওপৰত পেপাৰ স্প্ৰে’ আৰু লাঠীচালনা কৰে।

একেধৰণৰ আন এক প্ৰতিবেদন অনুসৰি, ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা আয়াৰলেণ্ডত পেলেষ্টাইনৰ সমৰ্থনত বহুল পৰিমাণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হৈ আহিছে।

এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো অষ্ট্ৰেলিয়াৰ শেহতীয়া গুলীচালনাৰ ঘটনাৰ পূৰ্বৰেই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভিডিঅ’টো অষ্ট্ৰেলিয়াৰ শেহতীয়া গুলীচালনাৰ ঘটনাৰ সৈতে সম্পৰ্কিত নহয়। অষ্ট্ৰেলিয়াৰ শেহতীয়া গুলীচালনাৰ ঘটনাৰ পূৰ্বেই যোৱা অক্টোবৰ মাহত আয়াৰলেণ্ডৰ পুলিচে এইদৰে পেলেষ্টাইন-সমৰ্থন ৰেলীত ভাগ লোৱা প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ পেপাৰ স্প্ৰে’ আৰু লাঠীচালনা কৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:আয়াৰলেণ্ডৰ পুলিচে পেলেষ্টাইন-সমৰ্থকৰ ওপৰত পেপাৰ স্প্ৰে’ ব্যৱহাৰ কৰা পুৰণি ভিডিঅ’ অষ্ট্ৰেলিয়াৰ শেহতীয়া গুলীচালনাৰ ঘটনাৰ পাছৰ বুলি ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: Misleading


