AI Generated পুৰণি দৃশ্যকে ইথিওপিয়াৰ আগ্নেয়গিৰি উদ্গিৰণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।  

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া যোৱা ২৩ নৱেম্বৰ ২০২৫ত ইথিওপিয়াত হোৱা হেইলি গুব্বি আগ্নেয়গিৰি ভয়ংকৰ উদ্গিৰণৰ দৃশ্য। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ। তেতিয়া মন কৰিলোঁ যে সেই ভিদিঅ’টোত একাধিক ক্লিপ আছে। একাধিক দৃশ্যৰ টুকুৰাৰে সেই ভিডিঅ’টো সম্পূৰ্ণ হৈছে। আমি প্ৰথমে প্ৰথমটো দৃশ্যৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। 

তেতিয়া আমি সেই দৃশ্য বিভিন্ন সময়ত সামাজিক মাধ্যমত ভিন্নস্থানৰ উদ্গিৰণ বুলি উল্লেখ কৰি আপলোড কৰি থোৱা দেখিলোঁ। যোৱা ২৩ নৱেম্বৰ ২০২৫ত ইথিওপিয়াৰ হেইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণৰ  ১১টা দিন পূৰ্বে অৰ্থাৎ ১৬ নৱেম্বৰ ২০২৫ত ইনষ্টাগ্ৰামত সেই দৃশ্য জাপানৰ চুকুৰাজিমা আগ্নেয়গিৰিৰ উদ্গিৰণৰ দৃশ্য বুলি উল্লেখ কৰি আপলোড কৰি থোৱা আমি দেখিলোঁ। এই তথ্যই দৃশ্যটো পুৰণি বুলি প্ৰমাণ কৰিলে।   

আমি আৰু অধিক সন্ধান কৰোতে একেটা দৃশ্য যোৱা ৭ নৱেম্বৰ ২০২৫তো ইনষ্টাগ্ৰামত আপলোড কৰি থোৱা দেখিলোঁ। তদুপৰি যোৱা অক্টোবৰ মাহৰ ৩০ তাৰিখ আৰু তাৰো আগতে ২৩অক্টোবৰ ২০২৫তো আপলোড কৰা হৈছিল। 

তাৰো পূৰ্বে এই দৃশ্যটো ২০২৫ৰ চেপ্তেম্বৰ মাহৰ ২৯ তাৰিখে আপলোড কৰা হৈছিল আৰু এই দৃশ্যটো ইণ্টাৰনেটত সকলোতকৈ প্ৰথমে ২০২৫ৰ জুলাই মাহৰ ২০ তাৰিখে থ্ৰেডছত আপলোড কৰি থোৱা আমি দেখিলোঁ। 

এইখিনি তথ্যই সেই প্ৰথম দৃশ্যটো ইথিওপিয়াৰ আগ্নেয়গিৰি উদ্গিৰণৰ বহু পূৰ্বৰে বুলি প্ৰমাণ কৰে। তাৰ পাছত আমি ভাইৰেল ভিডিঅ’টোৰ দ্বিতীয় দৃশ্য বা ক্লিপৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। 

তেতিয়া আমি সেই সম্পূৰ্ণ ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি উল্লেখ কৰি weekendtraveler195 ৰ ভেৰিফাইড ইনষ্টাগ্ৰাম হেণ্ডেলত আপলোড কৰি থোৱা এটা লিংক লাভ কৰিলোঁ। 

ইয়াৰ দ্বাৰাই এই কথা প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ইথিওপিয়াৰ হেইলি গুব্বি আগ্নেয়গিৰি উদ্গিৰণ বুলি দাবী কৰা হৈছে সেইটো আচলতে বহু পূৰ্বৰে পৰা ইণ্টাৰনেটত উপলব্ধ এটা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ভিডিঅ’।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো ভিডিঅ’ ইথিওপিয়াৰ হেইলি গুব্বি আগ্নেয়গিৰি উদ্গিৰণ বুলি দাবী কৰা হৈছে সেইটো আচলতে বহু পূৰ্বৰে পৰা ইণ্টাৰনেটত উপলব্ধ এটা কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট ভিডিঅ’। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:AI Generated পুৰণি দৃশ্যকে ইথিওপিয়াৰ আগ্নেয়গিৰি উদ্গিৰণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma  

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *