
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে য’ত সেনাবাহিনীৰ লোক আৰু ইছলাম ধৰ্মাৱলম্বী ব্যক্তি কেইগৰাকীমানক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ওচৰত দেখা গৈছে। দাবী কৰা হৈছে যে এয়া বাংলাদেশৰ সেনাই মছজিদত মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ দৃশ্য। ভাইৰেল ফটোখন কেইখনমান স্ক্ৰীণশ্বটৰ ক’লাজ, য’ত তছলিমা নাছৰিনৰ ফেচবুক পোষ্ট এটাৰ স্ক্ৰীণশ্বটো সংলগ্ন কৰা হৈছে। দাবী কৰা হৈছে, “অসমক সাঙুৰি ইছলামিক বাংলাস্তান গঠনৰ তৈয়াৰী চলিছে, বাংলাদেশ আৰ্মীয়ে মছজিদত উদ্ধাৰ কৰিছে মাৰনাস্ত্ৰ “।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে বাংলা ভাষাত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া যোৱা ১১ আগষ্টত “Bangla Edition” নামৰ এটা ইউটিউব চেনেলত আপলোড হোৱা এক ভিডিঅ’ প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল ঘটনাটোৰ বিষয়ে উল্লেখ কৰা হৈছিল। প্ৰতিবেদন অনুসৰি খিলগাঁও ঈমানবাগ মছজিদৰ ইমাম ইমতিয়াজ উদ্দিনে জনায় যে ২০২৪ চনৰ ৫ আগষ্টত দুৰ্বৃত্তই খিলগাঁও থানাত অগ্নিসংযোগ কৰি থানাৰ অস্ত্ৰ-শস্ত্ৰ লুট কৰে। ঘটনাৰ খবৰ পাই স্থানীয় লোক আৰু শিক্ষাৰ্থীসকল থানাত উপস্থিত হৈ সেই অস্ত্ৰসমূহ উদ্ধাৰ কৰি ঈমানবাগ মছজিদত ৰখাৰ ব্যৱস্থা কৰে। যিহেতু বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আছিল, সেইবোৰ ক’ত ৰখাৰ ব্যৱস্থা কৰা হ’ব সেয়া ভাবি বিমোৰত পৰিছিল ৰাইজ। পাছত ২০২৪ চনৰ ৬ আগষ্টত সেনাবাহিনীৰ লোক উপস্থিত হৈ সেইবোৰ মছজিদত ৰখাৰ ব্যৱস্থা কৰে আৰু অস্ত্ৰসমূহৰ এখন তালিকা প্ৰস্তুত কৰে।
ইয়াকে সমল হিচাপে লৈ আমি পুনৰ প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ঈমানবাগ মছজিদৰ ইমাম ইমতিয়াজ মছৰুৰৰ ফেচবুকত ২০২৪ চনৰ ৭ আগষ্টত আপলোড কৰা ভাইৰেল ফটোকেইখন দেখিলোঁ। কেপশ্বনত উল্লেখ কৰা হৈছিল যে খিলগাঁও থানাৰ পৰা লুট হোৱা অস্ত্ৰসমূহ খিলগাঁও জামে মছজিদ এলেকাবাসীৰ সহযোগত উদ্ধাৰ কৰি বাংলাদেশ আৰ্মীৰ হাতত গতাই দিয়া হয়।
একেধৰণৰ পোষ্ট ইয়াতো চাব পাৰিব।
এই সম্পৰ্কে বাংলাদেশৰ সংবাদপত্ৰ “Channel 24″ত ২০২৪ চনৰ ৭ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব। প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে খিলগাঁও থানাৰ পৰা লুট হোৱা অস্ত্ৰসমূহ খিলগাঁও জামে মছজিদ এলেকাবাসীৰ সহযোগত উদ্ধাৰ কৰি বাংলাদেশ আৰ্মীৰ হাতত গতাই দিয়া হয়।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটো সমূহ পুৰণি আৰু দাবীটো বিভ্ৰান্তিকৰ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। দাবী কৰা ধৰণে বাংলাদেশৰ সেনাই মছজিদৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা নাছিল। দৰাচলতে খিলগাঁও থানাৰ পৰা লুট হোৱা অস্ত্ৰসমূহ খিলগাঁও ঈমানবাগ জামে মছজিদ এলেকাবাসীৰ সহযোগত উদ্ধাৰ কৰা হৈছিল আৰু পাছত বাংলাদেশৰ সেনাবাহিনীক গতাই দিয়া হৈছিল। ঘটনাটো ২০২৪ চনৰ আগষ্ট মাহৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বাংলাদেশৰ মছজিদত শেহতীয়াকৈ মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: Fact Crescendo AssameseResult: Misleading
