
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়াৰ 171 বিমানখনৰ ভিতৰৰ দৃশ্য বুলি দাবী কৰিছে। লিখিছে- AI 171 বিমানখন crash হোৱাৰ প্ৰাক মুহূৰ্তৰ দৃশ্য।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতিৰ
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰোতে মন কৰিলোঁ যে যাত্ৰীৰ আসনৰ মুৰ শিতানত বিশেষ কিছুমান বাক্য লিখা আছে। সেয়া হৈছে How time flies, 18 years আদি। লগতে মন কৰিলোঁ যে আসনসমূহৰ ৰং নীলা আৰু বিমানখনৰ অন্তৰ্ভাগ এখন বোয়িং বিমানৰ দৰে নহয়।
এই বাক্যৰ আঁত ধৰি আমি পৰৱৰ্তী সন্ধান আগবঢ়াই জানিব পাৰিলোঁ যে সেয়া বিগত ১৮বছৰে বিমানসেৱা আগবঢ়োৱা IndiGo বিমানসেৱাৰ টেগলাইন।
আমি ইয়াৰ পাছত ইণ্ডিগো বিমানৰ অফিচিয়েল ফেচবুক পেজটোত তেওঁলোকৰ বিমানৰ অন্তৰ্ভাগৰ সৈতে এটা ভিডিঅ” দেখিলোঁ, যিটো ভাইৰেল হোৱা ভিডিঅ’টোত দেখা অন্তৰ্ভাগৰ সৈতে একেই। লগতে তাতো আমি How time Flies বুলি টেগলাইনটো পালোঁ। প্ৰাথমিকভাৱে ইয়াৰদ্বাৰা আমি সেই ভিডিঅ’টো ইণ্ডিগো বিমানৰ ভিতৰৰ বুলি জানিব পাৰিলোঁ।
ইয়াৰ পাছত আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে সেইটো আহমেদাবাদ বিমান দুৰ্ঘটনাৰ প্ৰায় তিনি সপ্তাহমান পূৰ্বৰে পৰা ইণ্টাৰনেটত উপলব্ধ হৈ থকা দেখিলোঁ। এটা ইউটিউৱ চেনেলত সেইটো ২২মে’ ২০২৫ত আপলোড কৰা আমি দেখিলোঁ।
ইনষ্টাগ্ৰামতো যোৱা ২১মে’ ২০২৫ত এইটো ভিডিঅ’ আপলোড কৰা আমি দেখিলোঁ।
ইয়াৰ দ্বাৰা ভিডিঅ’টো আহমেদাবাদ দুৰ্ঘটনাৰ পূৰ্বৰ বুলিও প্ৰমানিত হয়।
তদুপৰি আমি PIB Fact checkৰ এটা টুইট পালোঁ। সেই টুইটটোত এইটো এয়াৰ ইণ্ডিয়াৰ 171বিমানখনৰ দুৰ্ঘটনাৰ ভিডিঅ’ নহয় বুলি উল্লেখ কৰা হৈছে।
এইসমূহ তথ্যৰ পৰা এই কথা নিশ্চিত হৈছে যে যিটো ভিডিঅ’ এয়াৰ ইণ্ডিয়াৰ 171বিমানখন আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰাকমুহূৰ্তৰ বুলি দাবী কৰা ভাইৰেল কৰা হৈছে, সেইটো আচলতে এটা পুৰণি ভিডিঅ’ আৰু সেই দৃশ্যটো ইণ্ডিগো বিমানৰ ভিতৰৰ দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ এয়াৰ ইণ্ডিয়াৰ 171বিমানখন আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ প্ৰাকমুহূৰ্তৰ বুলি দাবী কৰা ভাইৰেল কৰা হৈছে, সেইটো আচলতে এটা পুৰণি ভিডিঅ’ আৰু সেই দৃশ্যটো ইণ্ডিগো বিমানৰ ভিতৰৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ইণ্ডিগো বিমানৰ ভিতৰৰ পুৰণি দৃশ্য এটা এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত 171বিমানখনৰ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
