য়েটি এয়াৰলাইঞ্চৰ বিমান দুৰ্ঘটনাৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

False Social

২০২৫ চনৰ ১২ জুনত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদ-লণ্ডন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’ য’ত দেখা গৈছে যে এজন যাত্ৰীয়ে বিমানত বহি থকা অৱস্থাত ভিডিঅ’ ৰেকৰ্ডিং কৰি আছে আৰু ভিডিঅ’টো শেষৰফালে অস্পষ্ট আৰু অস্থিৰ হৈ পৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া শেহতীয়াকৈ আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাৰ দৃশ্য। এটা ফেচবুক পেজত ভিডিঅ’টো আপলোড কৰি লিখা হৈছে এইদৰে,”বিমান যাত্ৰীৰ মোবাইল কেমেৰাত বন্ধী আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য”

Facebook Link | Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি 

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৩ চনৰ ১৭ জানুৱাৰীত ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি এই ভিডিঅ’টো ২০২৩ চনৰ ১৫ জানুৱাৰীত নেপালত দুৰ্ঘটনাগ্ৰস্ত হোৱা য়েটি এয়াৰলাইন্সৰ বিমানখনৰ।

২০২৩ চনৰ ১৮ জানুৱাৰীত “চাউথ চাইনা মৰ্ণিং পোষ্ট“ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভিডিঅ’ ৰেকৰ্ডিং কৰা ব্যক্তিগৰাকী ছনু জয়ছৱাল আৰু এই ভিডিঅ’টো নেপালৰ পোখৰাত হোৱা য়েটি এয়াৰলাইঞ্চৰ দুৰ্ঘটনাৰ সময়ৰ। 

এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো ২০২৩ চনৰ ১৫ জানুৱাৰীত হোৱা য়েটি এয়াৰলাইঞ্চৰ বিমান দুৰ্ঘটনাৰহে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টোত আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ দৃশ্য দেখা যোৱা নাই। এই ভিডিঅ’টো ২০২৩ চনৰ ১৫ জানুৱাৰীত হোৱা য়েটি এয়াৰলাইঞ্চৰ বিমান দুৰ্ঘটনাৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:য়েটি এয়াৰলাইঞ্চৰ বিমান দুৰ্ঘটনাৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *