
শেহতীয়াকৈ বিশ্ব পৰিবেশ দিৱসৰ পৰিপ্ৰেক্ষিতত অভিনেতা যতীন বৰাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত যতীন বৰাক মাটিত পদুম ফুল ৰোপন কৰি থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কি বুলি কব কওঁচোন আপোনালোকে 😁 মই আজিলৈ পদুম পুখুৰীত হে দেখিছিলোঁ 😝 আজি Fast time দেখিছো দেই😁”
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
প্ৰথমে আমি অভিনেতা যতীন বৰাৰ সৈতে যোগাযোগ কৰিলোঁ। ফটোখন সম্পাদনা কৰা বুলি কৈ তেওঁ আমাক ক’লে যে তেওঁ প্ৰকৃততে এটা গছপুলি ৰোপণ কৰি আছিল আৰু সেইখন পুৰণি ফটো৷ তেওঁ কয় যে মূল ফটোখন এতিয়াও ছ’চিয়েল মিডিয়াত উপলব্ধ।
তাৰ পাছত আমি যতীন বৰাৰ অফিচিয়েল ফেচবুক পেজত ভাইৰেল ফটোখন বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলোঁ। তেতিয়া আমি ২০২০ চনৰ ৫ জুনৰ এটা পোষ্ট পালোঁ। তাত আমি দেখিবলৈ পালোঁ যে যতীন বৰাই মাটিত পদুম নহয়, গছপুলিহে ৰোপণ কৰি আছে।
পোষ্টটোৰ কেপশ্বনত লিখা আছিল, “Today on the occasion of World Environment day we planted a new sapling with hope and prosperity. On Monday we plan to distribute and plant more saplings as a part of our on going initiative from Biju Phukan Trust to help of fellow colleagues from the Theater Industry in Mangaldoi.(আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে আমি আশা আৰু সমৃদ্ধিৰে এটা নতুন গছপুলি ৰোপণ কৰিলোঁ। মঙলদৈৰ নাট্য উদ্যোগৰ সহকৰ্মীসকলৰ সহায়ৰ বাবে বিজু ফুকন ট্ৰাষ্টৰ তৰফৰপৰা চলি থকা পদক্ষেপৰ অংশ হিচাপে সোমবাৰে আমি আৰু অধিক গছপুলি বিতৰণ আৰু ৰোপণৰ পৰিকল্পনা কৰিছোঁ।)”
ভাইৰেল ফটোখন আৰু মূল ফটোখনৰ মাজত তুলনা তলত চাব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন সম্পাদিত। অভিনেতা যতীন বৰাই মাটিত পদুম ফুল ৰোপন কৰা নাছিল বৰং গছপুলিহে ৰোপন কৰিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অভিনেতা যতীন বৰাই মাটিত পদুম ফুল ৰোপন কৰা বুলি সম্পাদিত ফটো ভাইৰেল।
Fact Check By: Fact Crescendo AssameseResult: Altered
