
শেহতীয়াকৈ এক বাইক ৰেলীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া বজৰং দলৰ সদস্যসমূহ হিংসাজৰ্জৰ পশ্চিমবংগত প্ৰৱেশ কৰাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদিৰ চুকে-কোণে থকা হাজাৰ হাজাৰ বজৰং দলৰ কৰ্মীয়ে যোৱা নিশা হিন্দুসকলৰ জীৱন ৰক্ষাৰ বাবে পশ্চিমবংগত উপস্থিত হয়…
👉কোনো চৰকাৰ বা কোনো পুলিচেও আপোনাক বচাব নোৱাৰিব…
👉এই সন্ত্ৰাসৰ যুগত যদি কিবা এটাই আপোনাক বচাব পাৰে, সেয়া মাথোঁ আপোনালোকৰ একতা…
👉👉মনত ৰাখিব কেৱল বাংলাদেশ বা পশ্চিমবংগতে নহয় পৃথিৱীৰ প্ৰতিজন হিন্দু আমাৰ, তেওঁ আমাৰ ভাই কাৰণ একত্ৰিত হৈ থাকিলে নিৰাপদ হব..!!!”
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ য’ত ভাইৰেল ভিডিঅ’টো ২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল। পোষ্টটোৰ কমেণ্ট অংশত এজন ব্যৱহাৰকাৰীয়ে “সাংলি পুলিচ”ক (Sangli) ধন্যবাদ জনোৱা আমি দেখিবলৈ পালোঁ।
ভিডিঅ’টো আপলোড কৰা হৈছিল ১৭ ফেব্ৰুৱাৰীত, অৰ্থাৎ পশ্চিমবংগত শেহতীয়াকৈ হোৱা হিংসাত্মক ঘটনাৰ আগতেই।
ইয়াকে সমল হিচাপে লৈ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত ইউটিউবত আপলোড হোৱা এক ভিডিঅ’ প্ৰতিবেদন পালোঁ। সেই ভিডিঅ’টোত আমি ভাইৰেল দৃশ্যাংশ দেখিবলৈ পালোঁ। ভিডিঅ’টোৰ বিৱৰণত লিখা আছিল যে সাংলিত মাত্ৰ চাৰিজন আৰক্ষী বিষয়াই হাজাৰ হাজাৰ অশান্ত দুষ্কৃতিকাৰীক ছত্ৰভংগ দিবলৈ সক্ষম হয়, যাৰ ফলত সম্ভাৱ্য বিশৃংখল পৰিস্থিতি ৰোধ হয়। তেওঁলোকৰ দ্ৰুত পদক্ষেপে এক বৃহৎ সংকট ৰোধ কৰিলে।
‘টাইমছ অৱ ইণ্ডিয়া’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, “কৰ্ণাটকৰ বাৰ্ষিক মেলাৰ পৰা পুৱা ২ বজাত হৰ্ণ বজাই আৰু জোৰেৰে উল্লাস কৰি সাংলিলৈ উভতি অহা শতাধিক মটৰ চাইকেল আৰোহীৰ ওপৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীয়ে হুলস্থুলীয়া মটৰ চাইকেল আৰোহীসকলৰ ওপৰত লাঠীচাৰ্জ কৰিছিল আৰু প্ৰায় ৪৫ জন লোক সামান্য আঘাতপ্ৰাপ্ত হৈছিল। আনকি বহুতে দুচকীয়া বাহনসমূহ পৰিত্যাগ কৰিছিল।”
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link.
আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু পশ্চিমবংগৰ শেহতীয়া পৰিস্থিতিৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত বজৰং দলৰ সদস্যসমূহ পশ্চিমবংগত প্ৰৱেশ কৰা দেখুওৱা হোৱা নাই। ভিডিঅ’টো মহাৰাষ্ট্ৰৰ সাংলিৰ, য’ত শ শ বাইক আৰোহী কৰ্ণাটকৰ এক বাৰ্ষিক উৎসৱৰ পৰা উভতি আহিছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মহাৰাষ্ট্ৰৰ পুৰণি ভিডিঅ’ পশ্চিমবংগত শেহতীয়াকৈ বজৰং দলৰ সদস্যসমূহ প্ৰৱেশ কৰাৰ দৃশ্য বুলি ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: False
