যিসকল শ্ৰমিকে ১৯৯০-২০২০ বৰ্ষৰ মাজত কাম কৰিছিল, তেওঁলোকে ১২০০০০ টকা শ্ৰম ও কৰ্মসংস্থান মন্ত্ৰালয় পৰা পাব লগীয়া আছে নেকি?

False Social
WhatsApp Image 2020-05-16 at 15.11.49.jpeg

সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪৫.৩ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৮১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২৬৪৯ জনৰ মৃত্যু হৈছে । অসমতো ৮৭জন ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে দুজনৰ মৃত্যু হৈছে । 

এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন বাৰ্তা ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । এনে ধৰণৰ এক বাৰ্তা সম্প্ৰতি হোৱাটচ এপ্পৰ যোগেদি সমগ্র দেশৰ লগতে অসমত ভাইৰেল হৈ পৰিছে । ভাইৰেল বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰতত যিসকল শ্ৰমিকে ১৯৯০-২০২০ মাজত কাম কৰিছিল, তেওঁলোকে ১২০০০০ টকা শ্ৰম ও কৰ্মসংস্থান মন্ত্ৰালয় পৰা পাব লগীয়া আছে । এক ৱেবলিংক’ও বাৰ্তাটোত সন্নিবিষ্ট কৰা আছে । 

যিহেতু ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ লক ডাউনৰ ঘোষণা কৰা হৈছে আৰু এই সময়ত সাধাৰণ শ্ৰমিক শ্ৰেণীৰ মানুহবোৰে কাম-কাজ নোপোৱাৰ বাবে দুৰ্ভোগ ভূগিব লগাত পৰিছে, এনে ধৰণৰ এক হোৱাটচ এপ্প বাৰ্তাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ভাইৰেল হৈ পৰিছে । 

ভাইৰেল হোৱাটচ এপ্প বাৰ্তাটোৰ সত্যতা নিৰূপণ কৰিবলৈ আমি থিৰাং কৰিলোঁ আৰু অনুসন্ধান আৰম্ভ কৰিলোঁ । 

প্ৰণালী

আমি এই বিষয়ে প্ৰথমে ‘পিআইবি ফেক্ট চেক’ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো চালোঁ আৰু দেখিলোঁ যে এই বিষয়ে ইতিমধ্যে এক স্পষ্টীকৰণ দিয়া হৈছে । তেওঁলোকে লিখিছে যে ভাৰত চৰকাৰে এনে কোনো ঘোষণা কৰা নাই আৰু বাৰ্তাটোত থকা ৱেবলিংকটোও ভুৱা হয় । তেঁওলোকে লগতে জনসাধাৰণক এনে ভুৱা ৱেবচাইটবোৰৰ পৰা সাৱধানে থাকিবলৈ অনুৰোধ কৰে । 

labour min.png

ফেচবুক লিংকসংৰক্ষিত লিংক

ইয়াৰ উপৰিও আমি এই বিষয়ে কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু দেখিলোঁ যে কোনো মূলসুঁতিৰ নিউজ গোষ্ঠীয়ে এনে ধৰণৰ কোনো বাতৰি প্ৰকাশ কৰা নাই । 

ফলাফল

ভাইৰেল হোৱাটচ এপ্প বাৰ্তাটো ভুৱা হয় । ভাৰত চৰকাৰে যিসকল শ্ৰমিকে ১৯৯০-২০২০ বৰ্ষৰ মাজত কাম কৰিছিল, তেওঁলোকে ১২০০০০ টকা শ্ৰম ও কৰ্মসংস্থান মন্ত্ৰালয় পৰা পাব লগীয়া আছে বুলি কোনো ঘোষণা কৰা নাই ।

Avatar

Title:যিসকল শ্ৰমিকে ১৯৯০-২০২০ বৰ্ষৰ মাজত কাম কৰিছিল, তেওঁলোকে ১২০০০০ টকা শ্ৰম ও কৰ্মসংস্থান মন্ত্ৰালয় পৰা পাব লগীয়া আছে নেকি?

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *