মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰে বিখ্যাত হৈ পৰা মনালিছাক সাংবাদিকতাৰ চাকৰি দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াভাৱে  যোৱা ২৪ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজে এটা পোষ্ট কৰি দাবী কৰিছে যে মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰ বাবে বিখ্যাত হৈ পৰা মালা বিক্ৰেতা যুৱতী মনালিছা ভোছলেক ছি নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানে সাংবাদিক হিচাপে নিযুক্তি দিছে। লগতে কোৱা হৈছে যে তেওঁক দেৱীৰূপে সকলো অনুষ্ঠানতে প্ৰক্ষেপ কৰিব ছি নিউজে। মনালিছাৰ ফটো এখন আপলোড কৰি লিখিছেঃ- কুম্ভ মেলাৰ ম’নালিচাক দেৱীৰ মৰ্য্যদা দি সাংবাদিকতাৰ চাকৰি দিলে ছি নিউজে।ধৰ্মীয় আস্থাক সন্মান জনাই তেওঁক দেৱীৰূপে সকলো অনুষ্ঠানতে প্ৰক্ষেপ কৰিব ছি নিউজে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd-wNWamYkDH1QXT_dnGoehSWmxRvtnKjy4AcWVpQ4IpW9TpiiZpku1BdkQ2sh-Gg7Z9fMzHGMabLPPNoaM1a_FqKGGIEHfMDEp8GW2dgxU_TBLaaOfEZYcvk9aZhNrR_Sp7N1h?key=TJE_EbnFiKiWl99DG0wNqhis

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমে ছি নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানৰ সন্ধান কৰিলোঁ। তেতিয়া আমি হিন্দী ভাষাত বাতৰি সম্প্ৰচাৰ কৰা এটা স্বল্পখ্যাত প্ৰতিষ্ঠানৰ ইউটিউৱ চেনেল আৰু ইনষ্টাগ্ৰাম আইডিটো লাভ কৰিলোঁ। তাত এই বিষয়ে কোনো বাতৰি আছে নেকি, তাৰেই সন্ধান কৰিলোঁ। কিন্তু কুম্ভমেলাত মালা বিক্ৰী কৰা মনালিছাক সাংবাদিকৰ চাকৰি দিয়া সম্পৰ্কে কোনো তথ্য লাভ নকৰিলোঁ।  ইয়াৰ পাছত আমি প্ৰাসংগিক কী-ৱৰ্ড লৈ মনালিছাক কোনো ছি নিউজ অথবা যিকোনো সংবাদ প্ৰতিষ্ঠানত সাংবাদিক হিচাপে নিযুক্তি দিয়া হৈছে নেকি, তাৰেই সন্ধান কৰিলোঁ। কিন্তু তেতিয়াও আমি তেনেকুৱা কোনো খবৰ লাভ নকৰিলোঁ। 

এইবাৰ আমি মনালিছি সম্পৰ্কে শেহতীয়া কি খবৰ প্ৰকাশ হৈছে, তাৰ সম্ভেদ কৰিলোঁ। তেতিয়া আমি ২৪ জানুৱাৰী ২০২৪ত ৰিপাব্লিকে কৰা এটা বাতৰিত জানিব পাৰিলোঁ যে মনালিছা নামৰ সেই ভাইৰেল যুৱতীগৰাকী ইতিমধ্যে কুম্ভমেলাত উপস্থিত অসংখ্য লোকৰ পৰা এক প্ৰকাৰ হাৰাশাস্তিৰ সমুখিন হৈ ইন্দোৰস্থিত নিজ গৃহাভিমুখে ৰাওনা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcH32QM03nU7UAQC2G0WMGgca_4qGwjBafpcmPSayf0XLFW0jqOU1JUj9i2XImsHfMURxWA8LhPSsTsgAGxa2EVoc6xG8M0Q9FUn_VDLbzukR7Q4R8B0UChcls8HC63vWV8K6OhrA?key=TJE_EbnFiKiWl99DG0wNqhis

সেই বাতৰিটোৰ সৈতে সলংগ্ন টুইট এটা আমি পালোঁ। মনালিছাই নিজৰ এক্স হেণ্ডেলত ২৩ জানুৱাৰী ২০২৪ত এটা ভিডিঅ’ আপলোড কৰি কৈছে যে নিজৰ তথা পৰিয়ালৰ সুৰক্ষাৰ বাবে তেওঁ পুনৰ নিজৰ ঘৰলৈ(ইন্দোৰ) উভটি যাবলৈ বাধ্য হৈছে। 

আন এক সংবাদ প্ৰতিষ্ঠানেও ২৪ জানুৱাৰী,২০২৪ত প্ৰকাশ কৰা বাতৰিত একে কথাকে উল্লেখ কৰি লিখিছে যে কুম্ভমেলাত বহু লোকৰ পৰা ফটো উঠাৰ নামত লাভ কৰা অশান্তি তথা নিজৰ নিৰাপত্তাৰ খাটিৰত তেওঁ ইন্দোৰস্থিত নিজ গৃহলৈ ঘুৰি যাবলৈ বাধ্য হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXegfX2e5nv4O0YPhyDxhSLY6xI7At07sTCOO7xxRyxnJxe_cVrPF4AGqQW8YJfBXRIEizHHXZVaoQjJARkB_S_vPjvW9Q2cqxrnuQOKL8O6gR5oj6EICY9LxClvqpZsgdSllgUmiw?key=TJE_EbnFiKiWl99DG0wNqhis

অমৰ উজালা নামৰ প্ৰসিদ্ধ হিন্দী সংবাদ প্ৰতিষ্ঠানেও মনালিছাই ঘৰলৈ ঘুৰি যোৱা বাতৰিটো ২৫ জানুৱাৰী ২০২৪ত প্ৰকাশ কৰিছে। বাতৰিটোত আনকি ফটো আৰু ভিডিঅ’ লোৱা লোকে মনালিছা আৰু তেওঁৰ পৰিয়ালৰ হাৰাশাস্তি কৰা তথা তেওঁৰ ভাতৃত দুৰ্বব্যহাৰ কৰা কথাও উল্লেখ কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfgixgGzZQpgxXRh-svKNJc0UcmkPLsl75S2azzgBpUK544vWPCwmDoWAsqrWt7sgAtXCfCRy6sbfbPqV2aG7ORfCfumHrul0hsdPhfr3HlEBWmvlnl5xfpV9NtWJeDuQodkab4?key=TJE_EbnFiKiWl99DG0wNqhis

অসমৰ ফেচবুক পোষ্টটোত ২৪ জানুৱাৰীত দাবী কৰা হৈছে যে মনালিছাক কোনো ছি নিউজে সাংবাদিকৰ চাকৰি প্ৰদান কৰিছে। কিন্তু ২৩ জানুৱাৰীতেই নিজৰ এক্স হেণ্ডেলত ভিডিঅ’ জৰিয়তে মনালিছাই ঘোষণা কৰিছে যে নিজৰ লগতে পৰিয়ালৰ সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত তেওঁ মহাকুম্ভ মেলা ত্যাগ কৰিবলৈ বাধ্য হৈছে। অৰ্থাত তেওঁক কোনো সংবাদ প্ৰতিষ্ঠানে সাংবাদিক হিচাপে নিযুক্তি দিয়াৰ কোনো তথ্য নাই। কোনো সংবাদ প্ৰতিষ্ঠানতেই সেই তথ্য নাই আৰু মনালিছাৰ ফালৰ পৰাও সেই তথ্য প্ৰদান কৰা হোৱা নাই। প্ৰায় প্ৰতিটো সংবাদ প্ৰতিষ্ঠানেই ২৪ জানুৱাৰীৰ পৰা মনালিছাই নিজৰ ঘৰলৈ ঘুৰি যোৱাৰ বাতৰিহে প্ৰকাশ কৰিছে। ইয়াৰ পৰায়ে স্পষ্ট যে ফেচবুক পোষ্টটোৰ দাবীটো মিছা। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। মনালিছাক কোনো সংবাদ প্ৰতিষ্ঠানে সাংবাদিক হিচাপে নিযুক্তি দিয়া নাই। তেওঁ ইতিমধ্যেই নিজৰ ঘৰলৈ ঘুৰি গৈছে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰে বিখ্যাত হৈ পৰা মনালিছাক সাংবাদিকতাৰ চাকৰি দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *