
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত এহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
এনে ধৰণৰ এক ভিডিঅ’ দিলদাৰ চৰকাৰ নামৰ এক প্ৰফাইলৰ পৰা যোৱা ৮ ফেব্ৰুৱাৰী, ২০২০ তাৰিখে আপলোড কৰা হৈছিল য’ত ‘চীনত কৰোনা ভাইৰেছৰ পৰা মুক্ত পাবলৈ চীনা সকলে এনেকৈ পথাৰতে নামাজ আদায় কৰিলে!’ বুলি শিৰোনামা দিয়া আছে । উক্ত পোষ্টটো অসমত ভাইৰেল হৈ পৰিছে ।
ভিডিঅ’টোত আমি বহুতো লোকক চীনৰ ৰাজপথৰ ওপৰতে কাপোৰ পাৰি নামাজ পঢ়া দেখিবলৈ পাইছোঁ । সঁচাকৈ ক’ৰনা ভাইৰাছৰ পৰা মুক্তি পাবলৈ এনেদৰে চীনত ৰাজপথতে নামাজ পঢ়া হৈছে নেকি? ভিডিঅ’টোৰ সত্যতা কি? জানোঁ আহক ।
প্ৰণালী
প্ৰথমতে আমি বিশেষ কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি ফেচবুক চাৰ্ছ কৰিলোঁ আৰু মেক মোহাম্মদ নামৰ এজন লোকে যোৱা জুন ২০১৯ত আপলোড কৰা এক ভিডিঅ’ দেখা পালোঁ । উক্ত ফেচবুক পোষ্টটো ‘ইয়ু, ঝেজিং প্ৰদেশ, চীনত ঈদৰ নামাজ’ বুলি শিৰোনামা দি আপলোড কৰা হৈছে । ভাইৰেল হোৱা ভিডিঅ’টো আৰু মেক মোহাম্মদ নামৰ প্ৰফাইলটোৰ পৰা আপলোড হোৱা ভিডিঅ’টো যে একেই সেইয়া স্পষ্ট হৈ পৰিছে ।

আমি মেক মোহাম্মদৰ ফেচবুক প্ৰফাইলত ভালকৈ বিচাৰ খোচাৰ কৰিলোঁ আৰু গম পালোঁ যে তেওঁ এজন ভাৰতীয় হয় আৰু চীনত যোৱা ১৭ বছৰৰ পৰা বাস কৰি আছে । আমি তেওঁৰ ফেচবুক টাইমলাইনত সেই একেটা দিনৰে আৰু কিছু ভিডিঅ’ আপলোড কৰা দেখা পালোঁ । লগতে তেওঁৰ চীন চৰকাৰক ৰাস্তাৰ ওপৰতে বিশেষ ব্যৱস্থা কৰি নামাজ পঢ়িবলৈ দিয়াৰ বাবে ধন্যবাদ জনোৱা আমি দেখিলোঁ ।

ফলাফল
উক্ত ভাইৰেল ভিডিঅ’টোৰ শেহতীয়াকৈ চীনত বিধ্বংসী ৰূপ লোৱা ক’ৰনা ভাইৰাছৰ লগত কোনো সম্পৰ্ক নাই বৰঞ্চ এই ভিডিঅ’টো যোৱা জুন মাহৰে হয় যেতিয়া চীন চৰকাৰে নাগৰিকক নামাজ পঢ়িবলৈ বিশেষ ব্যৱস্থা কৰি দিছিল ।

Title:এইটো চীনত ক’ৰনা ভাইৰাছৰ পৰা মুক্তি পাবলৈ ৰাস্তাৰ ওপৰতে নামাজ পঢ়ি থকা ভিডিঅ’ নহয়!
Fact Check By: Manjori BorkotokyResult: Partly False