এই মন্তব্য ত্ৰিদিব ভাগৱতীয়ে কৰা নাই। দাবীটো মিছা। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত যুৱ বক্তা ত্ৰিদিব ভাগৱতীৰ ফটো ব্যৱহাৰ কৰি কিছু মন্তব্য লিখা হৈছে। দাবী কৰা হৈছে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত ত্ৰিদিব ভাগৱতীয়ে সেই মন্তব্য কৰিছে। কেপছনত লিখিছে- এগৰাকী সাংসদৰ এনে দেশদ্ৰোহী কৰ্ম সঁচাকৈয়ে লজ্জাজনক’। যুৱ লেখক ত্ৰিদিপ ভাগৱতীৰ মন্তব্য। ফটোখনত টেক্সট ওভাৰলে’ কৰি লিখা হৈছে- কথাবোৰ মিছা বুলি ভাৱি আছিলোঁ কিন্তু আজি তথ্যবোৰে ভাৱিবলৈ বাধ্য কৰাইছে। এগৰাকী সাংসদৰ এনে দেশদ্ৰোহী কৰ্ম সঁচাকৈয়ে লজ্জাজনক। গৌৰৱ গগৈয়ে পদত্যাগ কৰিব লাগে- ত্ৰিদিপ ভাগৱতী।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই বিশেষ পোষ্টটোত এটা মন্তব্য দেখিলোঁ। এগৰাকী ব্যৱহাৰকাৰীয়ে প্ৰকৃত ত্ৰিদিব ভাগৱতীক টেগ কৰি সেই মন্তব্যটো কৰিছিল আৰু তাৰে ৰিপ্লাইত ত্ৰিদিব ভাগৱতীয়ে কৈচে যে তেওঁ কেতিয়া সেই মন্তব্য কৰিছিল, তেওঁ নিজেই নাজানে। ৰিপ্লাইটো পঢ়ি আমি জানিব পাৰিলোঁ যে তেওঁ এই পোষ্টটো দেখি অসন্তুষ্ট হৈছে আৰু তেওঁ সেই মন্তব্য কৰা নাই। 

আমি যুৱ বক্তা ত্ৰিদিব ভাগৱতীৰ ফেচবুক পেজত তেওঁ কৰা এটা পোষ্ট পালোঁ। তাত তেওঁ আমি সত্যতা নিৰূপণ কৰি থকা পোষ্টটোৰ স্ক্ৰীণশ্বট লৈ তেওঁ তাত লিখিছে এইদৰে- ‘যুৱ লেখক ত্ৰিদিপ ভাগৱতী’ FAKE NEWS ALERT স্পষ্টীকৰণ

কালিৰে পৰা এই বিশেষ পৰ্টেলটোৰ বাতৰিটো বহুজনে আমালৈ পঠিয়াই আছে। এওঁলোকে সাইলাখ মোৰ দৰে দেখা কোন ‘যুৱ লেখক ত্ৰিদিপ ভাগৱতী’ৰ পৰা এই বিশেষ মন্তব‍্যটো সংগ্ৰহ কৰি সাংবাদিকতা কৰিছে — নাজানোঁ। কথা হ’ল — এই বিষয়টো সম্পৰ্কত ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখেই আমি কৈছিলোঁ — ২০২৬ ৰ নিৰ্বাচনত শাসক-বিৰোধী উভয়েই আমাক ব‍্যস্ত ৰাখিব কেৱল এইটো বিষয়ত। শিক্ষা-স্বাস্থ‍্য-অসম চুক্তি ৰূপায়ণৰ দৰে মৌলিক বিষয়বোৰ আকৌ গৌণ হ’ব। ৱেবচিৰিজৰ দৰে চলিব কেৱল এই বিষয়টো। দুদিনত দুখন প্ৰেছমিট চোৱাৰ পাছত মোৰ কথাটো যে ভুল নাছিল সেয়াই প্ৰমাণ পালোঁ। দেশৰ নিৰাপত্তাৰ সৈতে জড়িত এই বিষয়টোক লৈ এখন ৰাজ‍্যৰ ৰাজনীতি চলি থকাটো দেশৰেই দুৰ্ভাগ‍্য। সাংসদ গৌৰৱ গগৈৰ সম্পৰ্কত মুখ‍্যমন্ত্ৰীয়ে কৈ থকা কথাবোৰ যদি শুদ্ধ — ইমান দিনে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো কাৰ কাৰ ব‍্যৰ্থতা — তালিকাখন খুব দীঘলীয়া। 

বাকী আগলৈ যাতে এনেকৈ আমাৰ ফটোৰে অন‍্য মানুহৰ ভাষ‍্যবোৰ বিয়পি নাথাকে তাৰ বাবে এই বিশেষ পৰ্টেলটোৰ বিৰুদ্ধে আইনী ব‍্যৱস্থা লোৱা হ’ব। মোৰ ফটোখন দিলে যদি পোষ্টবোৰ চলে — আগলৈ মোক সুধিলে — ময়েই মোৰ মন্তব‍্য আৰু ভাল ফটো দি দিম — চিন্তা নাই। 

আমি  ত্ৰিদিব ভাগৱতীয়ে এইধৰণৰ কোনো মন্তব্য কৰিছে নেকি,সেই সম্পৰ্কেও সন্ধান কৰিছিলোঁ। কিন্তু এনেকুৱা মন্তব্য কৰা কোনো ধৰণৰ সাক্ষাতকাৰ বা বাতৰি আমি লাভ নকৰিলোঁ। 

ইয়াৰ পাছত আমি ত্ৰিদিব ভাগৱতীৰ সৈতে যোগাযোগ কৰিলোঁ। তেতিয়া তেওঁ স্পষ্টভাৱে এই কথা অস্বীকাৰ কৰি কয় যে তেওঁ ক’তো কেতিয়াও এই মন্তব্য কৰা নাই। সেই কথা সম্পূৰ্ণ মিছা। তেওঁ প্ৰয়োজনত আইনৰ সহায় ল’ব বুলিও আমাক মৌখিকভাৱে অৱগত কৰে।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে সেই দাবী মিছা। ত্ৰিদিব ভাগৱতীয়ে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত এই মন্তব্য কৰা নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। ত্ৰিদিব ভাগৱতীয়ে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত এই মন্তব্য কৰা নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই মন্তব্য ত্ৰিদিব ভাগৱতীয়ে কৰা নাই। দাবীটো মিছা। 

Fact Check By: Pranjal Sharma 

Result: False