
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা যায় যে হাতে হাতে ভাৰতৰ ত্ৰিৰংগ পতাকা লৈ এটা সমদল আগুৱাই গৈছে। সকলোৱে বন্দে মাতৰম,ভাৰত মাতা কী জয় আদি ধ্বনি দিছে। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ লগতে ৰাজনৈতিক নেতাও সমদলটোত আছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’(Text Overlay) কৰি ৰোমান আৰু দেৱনাগৰী লিপিত নেপাল আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ উল্লেখ কৰা হৈছে। লিখা কথাখিনিৰে নেপালত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শক্তি প্ৰদৰ্শন তথা ভাৰতৰ বন্দে মাতৰম,ভাৰত মাতা কী জয় ধ্বনি উচ্চাৰিত হোৱা বুলি দাবী কৰিছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো ভালকৈ লক্ষ্য কৰি দেখিলোঁ যে তাত চুবুৰীয়া ৰাজ্য চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং গোলাইক দেখা গৈছে। প্ৰাৰম্ভিকভাৱে আমাৰ সন্দেহ হ’ল যে সেয়া চিকিমৰ দৃশ্য হ’ব পাৰে।

ইয়াৰ পাছত আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে বিভিন্ন লিংক লাভ কৰিলোঁ। চিকিম ভয়ছ নামৰ ফেচবুক পেজ এটাৰ লিংকটো খুলি আমি দেখিলোঁ যে সেই একেটা পথেৰেই চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং গোলাই অন্য বহুজনৰ লগত সমদল কৰি গৈছে। আমি পথৰ কাষৰ দেৱালত থকা পোষ্টাৰৰ তুলনা কৰি সেয়া চিকিমৰ ৰাজপথ বুলি নিশ্চিত হ’লোঁ। তলত সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টো আৰু আমি লাভ কৰা অন্য ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ তুলনাৰে সেই কথা দেখুওৱা হৈছে।

তদুপৰি আমি Sikkim Expressৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত ১২ আগষ্ট ২০২৫ত কৰা এটা পোষ্ট পালোঁ। তাত চিকিমৰ মুখ্যমন্ত্ৰীৰ উদ্ধৃতিৰে উল্লেখ কৰা হৈছে ১২ আগষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল ওমপ্ৰকাশ মাথুৰৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগ্ৰহত আৰম্ভ হোৱা ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এমজি মাৰ্গেৰে গৈ মনন কেন্দ্ৰত অন্ত পৰা এই পদযাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ কেবিনেট সহযোগীসকল, বিধায়কসকল, সচিবসকল প্ৰমূখ্যে বিভিন্নজনে অংশগ্ৰহণ কৰা কথা উল্লেখ কৰে বুলি লিখা হৈছে। সেই পোষ্টটোত আমি মুখ্যমন্ত্ৰী গোলাই, ৰাজ্যপাল মাথুৰৰ লগতে যিসকল লোকৰ আলোকচিত্ৰ দেখিলোঁ, সেই আটাইবোৰেই আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ সৈতে বেশভূশাৰে পৰা ভাৱ ভংগীলৈ হুবহু একেই। লগতে হৰ ঘৰ তিৰংগাৰ বেনাৰখনো আমি দেখিলোঁ।

ইয়াৰে আঁত ধৰি আমি চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং গোলাইৰ সামাজিক মাধ্যম পৰীক্ষা কৰি ১২ আগষ্ট ২০২৫ত তেখেতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰি দিয়া পোষ্টসমূহ লাভ কৰিলোঁ। ফেচবুক পেজত আমি সেই পোষ্ট আৰু অনুষ্ঠানটোৰ আলোকচিত্ৰ লাভ কৰিলোঁ। তদুপৰি ইনষ্টাগ্ৰামত অনুষ্ঠানটোৰ এটা ভিডিঅ’ পালোঁ। এই পোষ্টসমূহত আমি দেখা আটাইখিনিয়েই আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ সৈতে একেই।

আমি ৰাজ্যপাল ওমপ্ৰকাশ মাথুৰৰ ফেচবুক পেজতো ১২ আগষ্টত একেই আলোকচিত্ৰৰে সেই অনুষ্ঠানটোৰ উল্লেখ কৰি দিয়া পোষ্ট লাভ কৰিলোঁ।

তদুপৰি Sikkim Chronicleৰ ইউটিউৱ চেনেলত আমি ১২ আগষ্ট ২০২৫ত চিকিমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল সহিতে অন্য মন্ত্ৰী,বিধায়ক,সচিব আদিৰ উপস্থিতিত উলিওৱা হৰ ঘৰ তিৰংগা সমদলৰ ভিডিঅ’ বাতৰিও লাভ কৰিলোঁ। অসমৰ ফেচবুক ব্যৱহাৰকাৰীজনে যিটো ভিডিঅ’ নেপালৰ বুলি দাবী কৰি প্ৰচাৰ কৰিছিল, সেই ভিডিঅ”টোত থকা লোকসকলে পিন্ধা কাপোৰ, উপস্থিত থকা আৰক্ষী-নিৰাপত্তাৰক্ষী আদি সকলো একেই।
ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে যোৱা ১২ আগষ্ট ২০২৫ত চিকিমত মুখ্যমন্ত্ৰী গোলাইৰ নেতৃত্বত উলিওৱা হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ ভিডিঅ’ এটাকে নেপালত বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনি দিয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যোৱা ১২ আগষ্ট ২০২৫ত চিকিমত মুখ্যমন্ত্ৰী গোলাইৰ নেতৃত্বত উলিওৱা হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ ভিডিঅ’ এটাকে নেপালত বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনি দিয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:চিকিমৰ দৃশ্যকে নেপালত বন্দে মাতৰম ধ্বনি দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
