কানাডাত খামেইনীৰ ফটো জ্বলাই চিগাৰেট সেৱন কৰা দৃশ্যক ইৰাণত হোৱা বিদ্ৰোহৰ বুলি বিভ্ৰান্তিৰে প্ৰচাৰ কৰা হৈছে।  

Misleading Social

শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে এগৰাকী যুৱতীয়ে ইৰাণৰ শাসক খামেইনীৰ ফটো এখন জ্বলাই সেই জুইৰে চিগাৰেট এটা জ্বলাইছে। দাবী কৰা হৈছে যে সেইগৰাকী যুৱতীয়ে এইদৰে ইৰাণৰ শাসকৰ বিৰুদ্ধে ইৰাণত প্ৰতিবাদ কৰিছে। ইৰাণত জনতাৰ বিদ্ৰোহৰ দৃশ্য বুলি সেই ভিডিঅ’টো ভাইৰেল কৰা হৈছে। 

Facebook Link Archived Link

Facebook Link Archived Link

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি এটা টুইট পালোঁ। তাত Morticia Addams নামৰ হেণ্ডেলটোৰ পৰা এই ভিডিঅ’টো আপলোড কৰা হৈছিল। আমি হেণ্ডেলটো ভালকৈ পৰীক্ষা কৰি দেখিলোঁ যে ভিডিঅ’টোত থকা যুৱতীগৰাকীৰে সেইটো এক্স হেণ্ডেল। তাত তেওঁ নিজকে 52Hz Radical feminist বুলি উল্লেখ কৰিছে।  

ইয়াৰে আঁত ধৰি আমি অধিক অনুসন্ধান কৰিলোঁ। তেতিয়া আমি সেই যুৱতীগৰাকীৰ একাধিক সাক্ষাতকাৰ লাভ কৰিলোঁ। তাৰে ভিতৰত এটা স্পেনিছ ৱেবছাইটত The girl with the cigarette and symbol of the Iranian revolution: “I have lived under threat since I was 17” শীৰ্ষক সাক্ষাতকাৰটোত ইৰাণীয়ান বিদ্ৰোহৰ প্ৰতীক হৈ পৰা সেই যুৱতীগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ ১৭ বছৰ বয়সৰ পৰাই জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছিল। 

তাত তেওঁক সোধা হৈছিল যে নিজৰ প্ৰকৃত নামটো কিয় লুকুৱাই সামাজিক মাধ্যমত Morticia Addams নামটো ৰাখিছিল আৰু কিয় নিজকে 52Hz Radical feminist বুলি উল্লেখ কৰিছে। তাৰ উত্তৰত তেওঁ কয় যে ই বিশেষ ৰহস্য নহয়: তেওঁ এডামছ পৰিয়াল আৰু গথিক নান্দনিকতাৰ অনুৰাগী। তেওঁ কেৱল তেওঁৰ জীৱন-সংগী আৰু তেওঁৰ বাবে ব্যৱহাৰ কৰিবলৈ সেই এডামছ দম্পতীৰ নামটো বিচাৰিছিল । তেওঁ মৰ্টিচিয়া আৰু মোৰ প্ৰেমিক গোমেজ এডামছ। লগতে তেওঁ কয় যে প্ৰায় গোটেই জীৱন ইৰাণত কটোৱাৰ পাছত তেওঁ প্ৰয়োজনীয়তা অনুভৱ কৰি  নাৰীবাদী হৈ পৰিছিল। তদুপৰি ৫২ হাৰ্টজ তিমি হৈছে বিশ্বৰ আটাইতকৈ অকলশৰীয়া তিমি। প্ৰথমবাৰৰ বাবে ৫২ হাৰ্টজৰ তিমিৰ কাহিনী শুনি তেওঁ নিজৰ জীৱনীৰ সৈতে তাক সংযুক্ত কৰিলে।

আনফালে এটা পৰ্টুগীজ ৱেবছাইটত Iranian refugee who shared viral photo didn’t expect to become a symbol of the “revolution” শীৰ্ষক আন এটা সাক্ষাতকাৰত বৰ্তমান কানাডাত শৰণাৰ্থী হিচাপে বাস কৰা ২৩ বছৰীয়া মেলিকা বাৰাহিমী(Melika Barahimi) নামৰ সেই যুৱতীগৰাকীয়ে উল্লেখ কৰে যে তেওঁ কোনোপধ্যেই বিদ্ৰোহৰ প্ৰতীক হৈ পৰিব বিচৰা নাছিল। তেওঁ কয়- ‘মই বিচাৰিছিলোঁ যে ইয়াক মোৰ লোকসকলৰ মাজত শ্বেয়াৰ কৰা হওক। কাৰণ মই বিচাৰোঁ যে তেওঁলোকে জানিব লাগে যে মই এতিয়াও তেওঁলোকৰ মাজৰে এজন হৈ আছোঁ। যদিও আয়াতুল্লাহ আলী খামেইনীক সমালোচনা কৰাৰ বাবে শাসন ব্যৱস্থাই মোক বছৰ বছৰ ধৰি কাৰাদণ্ড বিহাৰ পাছত মই প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিলোঁ। কিন্তু এতিয়া মই চিন্তিত যে তেওঁলোকে মোৰ পৰিয়ালক ভাবুকি দিব পাৰে।’

এই সাক্ষাতকাৰৰ পৰা আমি জানিব পাৰিলোঁ যে তেওঁ মূলতঃ এগৰাকী ইৰাণী যুৱতী, যিয়ে ইৰাণৰ পৰা প্ৰব্ৰজিত হৈ কানাডাত শৰণাৰ্থী হিচাপে বসবাস কৰি আছে। তেওঁ কয়- “মই কেতিয়াও ইৰাণত থকাৰ দাবী কৰা নাছিলোঁ। মই এয়া কৰিছিলোঁ এইকাৰণেই যে মই এই শাসন ব্যৱস্থাৰ বিৰোধী, যাৰ পৰা মই ২০২৫ চনৰ মাৰ্চ মাহত পলায়ন কৰিছিলোঁ। কাৰণ মোৰ জীৱন বিপদত পৰিছিল আৰু মোক বহু বছৰ ধৰি কাৰাদণ্ড বিহা হৈছিল। কিন্তু তাত এতিয়াও মোৰ পৰিয়াল আছে,”। তেওঁ আৰু কয়, “প্ৰথমবাৰৰ বাবে ১৭ বছৰ বয়সত ২০১৯ চনৰ নৱেম্বৰৰ ৰক্তাক্ত মাহত মোক গ্ৰেপ্তাৰ কৰা হৈছিল।”

Cnbctv18india ৰ ইনষ্টাগ্ৰাম হেণ্ডেলত আমি মেলিকা বাৰাহিমীৰ আন এটা সাক্ষাতকাৰ লাভ কৰিলোঁ। তাত লিখা হৈছিল এইদৰে- She didn’t do it for views. She did it so the world would look. The woman dubbed “Morticia Addams” online says the viral video of her burning Iran’s Supreme Leader Ayatollah Khamenei’s image was a deliberate cry for attention — not for herself, but for her people. “My heart is with my friends in Iran,” she says. (তাই ভিউজৰ বাবে এই কাম কৰা নাছিল৷ তাই কৰিছিল যাতে পৃথিৱীয়ে সেই কাম চায়। অনলাইনত “মৰ্টিচিয়া এডামছ” বুলি নিজকে অভিহিত কৰা যুৱতীগৰাকীয়ে কয় যে ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ খামেইনীৰ ভাবমূৰ্তি জ্বলোৱাৰ ভাইৰেল ভিডিঅ’টো আছিল ইচ্ছাকৃতভাৱে মনোযোগৰ বাবে কৰা এক চিঞৰ, যিটো নিজৰ বাবে নহয়, নিজৰ জনসাধাৰণৰ বাবেহে। তাই কয়, “মোৰ হৃদয় ইৰাণৰ বন্ধুসকলৰ সৈতে আছে।)

আমি সেই ভিডিঅ’টো গ্ৰহণ কৰা ঠাইখিনি  গুগলমেপত বিচাৰি চালোঁ। তেতিয়া আমি জানিব পাৰিলোঁ যে সেয়া প্ৰকৃততেই কানাডাৰ ওণ্টেৰিঅ’ৰ ৰিছমণ্ড হিলত গ্ৰহণ কৰা হৈছিল। ভাইৰেল ভিডিঅ’টো আৰু গুগলমেপৰ তুলনা তলত দিয়া হৈছে।

এই তথ্যসমূহে প্ৰমাণ কৰে যে দৃশ্যটো ইৰাণত গ্ৰহণ কৰা বুলি কৰা দাবীটো সত্য নহয়। প্ৰকৃততে সেই দৃশ্য হৈছে কানাডাৰ। কানাডাত শৰণাৰ্থী হিচাপে বাস কৰা এগৰাকী ইৰাণী যুৱতীয়ে ইৰাণৰ প্ৰতিবাদী জনতাৰ প্ৰতি সমৰ্থন জনাই এইদৰে কানাডাত খামেইনীৰ ফটো জ্বলাই চিগাৰেট সেৱন কৰিছিল। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো বিভ্ৰান্তিকৰ। দৃশ্যটো ইৰাণত গ্ৰহণ কৰা বুলি কৰা দাবীটো সত্য নহয়। প্ৰকৃততে সেয়া কানাডাত শৰণাৰ্থী হিচাপে বাস কৰা এগৰাকী ইৰাণী যুৱতীয়ে ইৰাণৰ প্ৰতিবাদী জনতাৰ প্ৰতি সমৰ্থন জনাই কানাডাত খামেইনীৰ ফটো জ্বলাই চিগাৰেট সেৱন কৰিছিল।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কানাডাত খামেইনীৰ ফটো জ্বলাই চিগাৰেট সেৱন কৰা দৃশ্যক ইৰাণত হোৱা বিদ্ৰোহৰ বুলি বিভ্ৰান্তিৰে প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *